৮ জুলাইত ৰাছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
 
নতুন দিল্লী
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮ জুলাইৰ পৰা ৯ জুলাইলৈ ৰাছিয়া ভ্ৰমণ কৰিব। তেওঁ এই ভ্ৰমণত ২২ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনত দুয়োখন দেশৰ বহুমুখী সম্পৰ্কৰ সমগ্ৰ পৰিসৰ পৰ্যালোচনা কৰা হ’ব।  
 
ৰাছিয়া ভ্ৰমণৰ সামৰণিৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিব। প্ৰায় ৪১ বছৰৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ অষ্ট্ৰিয়ালৈ প্ৰথম ভ্ৰমণ হ’ব বুলি প্ৰকাশ কৰিছে মন্ত্ৰালয়ে। 
 
প্রায় পাঁচ বছৰৰ পাছত প্রধানমন্ত্রী মোদীৰ ৰাছিয়ালৈ প্ৰথমটো ভ্রমণ হ’ব৷ ২০১৯ চনত তেওঁ শেষবাৰৰ বাবে ৰাছিয়া ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ সুদূৰ পূবৰ ভ্লাডিভষ্টক চহৰত অনুষ্ঠিত হোৱা অৰ্থনৈতিক সন্মিলনত অংশগ্ৰহণ কৰিছিল।  
 
ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ মাজত বাৰ্ষিক শীৰ্ষ সন্মিলন হৈছে, দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ সৰ্বোচ্চ প্ৰতিষ্ঠানিক আলোচনাৰ ব্যৱস্থা। এতিয়ালৈকে ভাৰত আৰু ৰাছিয়াত ২১টা বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছে।  
 
২০২১চনৰ ৬ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল অন্তিমখন শীৰ্ষ সন্মিলন। এই সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। শীৰ্ষ সন্মিলনত দুয়োপক্ষই ২৮টা বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ উপৰিও "শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে ভাৰত-ৰাছিয়া অংশীদাৰিত্ব" শীৰ্ষক এক যৌথ বিবৃতি প্ৰকাশ কৰিছিল।
 
প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি পুটিনে শেষবাৰৰ বাবে ২০২২ চনৰ ১৬ ছেপ্টেম্বৰত উজবেকিস্তানৰ সমৰকণ্ডত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ প্ৰান্তত দ্বিপাক্ষিক আলোচনাত মিলিত হৈছিল। বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিনক ইউক্ৰেইনৰ সংঘাতৰ অন্ত পেলাবলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু কৈছিল যে 'আজিৰ যুগ যুদ্ধৰ নহয়'। 
 
প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল, "মই জানো আজিৰ যুগ যুদ্ধৰ নহয়। আমি এই বিষয়টো কেইবাবাৰো ফোনত আলোচনা কৰিলোঁ যে গণতন্ত্ৰ, কূটনীতি আৰু আলোচনাই সমগ্ৰ বিশ্বক স্পৰ্শ কৰিছে।" 
 
২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে কেইবাবাৰো টেলিফোনিক বাৰ্তালাপ কৰিছে।   
 
ৰাছিয়াৰ সৈতে থকা শক্তিশালী বন্ধুত্বৰ প্ৰতিফলন ঘটাই ভাৰতে এতিয়াও মস্কোৰ ইউক্ৰেইন আক্ৰমণক গৰিহণা দিয়া নাই আৰু কূটনীতি আৰু আলোচনাৰ জৰিয়তে সংকটৰ সমাধান হ’ব লাগিব বুলি কৈ আহিছে।   
 
ৰাছিয়াৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰিয়ালৈ যাত্ৰা কৰিব। ৯ আৰু ১০ জুলাইত অষ্ট্ৰিয়াত উপস্থিত হ’ব তেওঁ। তেওঁ অষ্ট্ৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰি অষ্ট্ৰিয়াৰ চ্যান্সেলৰ কাৰ্ল নেহামাৰৰ সৈতে আলোচনা কৰিব। 
 
প্ৰধানমন্ত্ৰী আৰু চ্যান্সেলৰে ভাৰত আৰু অষ্ট্ৰিয়াৰ ব্যৱসায়িক নেতাসকলকো সম্বোধন কৰিব বুলিও এক বিবৃতিত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে মস্কোৰ লগতে ভিয়েনাতো ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও মত-বিনিময় কৰিব বুলি এম ই এয়ে প্ৰকাশ কৰিছে।