প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা

Story by  atv | Posted by  [email protected] • 2 d ago
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক জনালে ৰঙালী বিহুৰ শুভেচ্ছা
 
গুৱাহাটী
 
আজিৰে পৰা আৰম্ভ হৈছে অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক লৈ ৰাজ্যবাসীৰ মাজত দেখা গৈছে ব্যাপক আনন্দ-উলাহ।
 
পুৱাৰে পৰা গৰু বিহুক লৈ ব্যস্ত হৈ পৰিছে কৃষিজীৱী চহা অসমীয়া। অসমবাসীক ব’হাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে এনেদৰে, ‘সকলোলৈ আনন্দময় আৰু প্ৰাণৱন্ত ব’হাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ? নৱবৰ্ষই আপোনাৰ প্ৰতিটো কামলৈ নতুন আৰম্ভণি, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক। আটাইৰে সুস্বাস্থ্যৰ লগতে সকলো আশা-আকাংক্ষা পূৰণৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।’
 
অসমীয়া ভাষাতেই ব’হাগ বিহুৰ প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিলে প্রধানমন্ত্ৰী মোদীয়ে।