নতুন দিল্লী
উত্তৰ প্ৰদেশৰ ৭৫ খন জে'লত থকা কয়দীক প্রয়াগৰাজত বর্তমান চলি থকা কুম্ভমেলাৰ স্নানৰ অনুভৱ লোৱাৰ সুবিধা দিয়াৰ সিদ্ধান্ত লৈছে কাৰাগাৰ প্ৰশাসনে। কাৰাগাৰ বিভাগৰ মন্ত্ৰী দাৰাসিং চৌহানৰ কাৰ্যালয়ে সদৰী কৰামতে অহা ২১ ফেব্ৰুৱাৰীত (শুকুৰবাৰে) কাৰাবন্দীসকলে জে'লৰ ভিতৰতে প্রয়াগৰাজৰ পৰা অনা 'পবিত্র' গংগাজলেৰে কুম্ভস্নানৰ অনুভৱ লোৱাৰ সুবিধা পাব।
কাৰাগাৰ বিভাগৰ সঞ্চালকপ্রধান পি ভি ৰামাশাস্ত্রীয়ে সদৰী কৰামতে প্রয়াগৰাজৰ পৰা অনা গংগাজল কাৰাগাৰৰ ভিতৰত থকা বিশেষ পাত্ৰত সাধাৰণ পানীৰ সৈতে মিহলাই দিয়া হ'ব। এতিয়ালৈকে প্রায় ১,৪০০ কাৰাবন্দীয়ে কুম্ভস্নান কৰিব বুলি সংশ্লিষ্ট বিভাগক জনাইছে।
সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা ১০ বজাৰ ভিতৰত এই কুম্ভস্নান হ'ব। স্মৰ্তব্য যে উত্তৰ প্ৰদেশত থকা ৭৫ খন জে'লত ৯০ হেজাৰৰো অধিক কয়দী আছে।