অসমৰ বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, দেৱেন দত্তৰ দেহাৱসান

Story by  atv | Posted by  [email protected] • 1 Years ago
বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, দেৱেন দত্ত
বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ, দেৱেন দত্ত
 
গুৱাহাটী
 
অসমৰ শিক্ষাবিদ, বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, অসমীয়া ভাষাৰ অনন্য সাধক তথা কটন মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন দত্তৰ দেহাৱসান। বৃহস্পতিবাৰে নিশা ১২ বাজি ১০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
 
 
জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ দেৱেন দত্তৰ মৃত্যু ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৮১ বছৰ আছিল। তেওঁক ১১ আগষ্টত স্বাস্থ্যজনিত কাৰণত জিএমচি এইচত ভৰ্তি কৰোৱা হৈছিল।
 
দেৱেন দত্ত কটন কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক আছিল। তেওঁ কটন কলেজৰ প্ৰাক্তন উপাধ্যক্ষও আছিল। ২০০১ চনত তেওঁৰ উপাধ্যক্ষ পদলৈ পদোন্নতি হৈছিল।
 
তেওঁলৈ যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে ৰেণু কলিতা সোঁৱৰণী ২০২২ বৰ্ষৰ ‘অসম গৈৰৱ বঁটা’ আগবঢ়ায়। ‘চিৰ এলাগী মোৰ ভাষা ফেদেলী’ শীৰ্ষক গ্ৰন্থখন তেওঁৰ অন্যতম লেখা।
 
তেওঁৰ বহুতো তত্বগধূৰ লেখা অসমৰ বাতৰি কাকতসমূহত প্ৰকাশ পাইছিল। তেওঁ ‘অকুতা ভয়’ শিৰোনামেৰে শৃংখলাবদ্ধভাৱে বিভিন্ন বিষয়ত নিজৰ মন্তব্য প্ৰকাশ কৰিছিল। লগতে তেওঁ ৰাজনৈতিক বিচাৰ ধাৰাও সংবাদ মাধ্যত ব্যক্ত কৰা দেখা গৈছিল।