নতুন দিল্লী
কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানীৰ ভাৰত ভ্ৰমণৰ পিছতে দুয়োখন দেশে দ্বিপাক্ষিক সম্পৰ্কত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াইছে। এই সম্পৰ্কসমূহ দুয়োখন দেশৰ মাজত বাণিজ্য, বিনিয়োগ, শক্তি আৰু সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে মূল চুক্তি আৰু পদক্ষেপৰ দ্বাৰা চিহ্নিত কৰা হৈছে।
আন্তঃগাঁথনি, প্ৰযুক্তি আৰু উৎপাদন আদি খণ্ডত গুৰুত্ব আৰোপ কৰি কাটাৰে ভাৰতত ১০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে। দুয়োখন দেশেই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ অভিলাষী লক্ষ্যও নিৰ্ধাৰণ কৰিছে, য’ত সম্ভাৱ্য মুক্ত বাণিজ্য চুক্তিৰ অন্বেষণ কৰা হৈছে।
অৰ্থনৈতিক সহযোগিতাৰ সমান্তৰালকৈ দুয়োখন ৰাষ্ট্ৰই শক্তিৰ অংশীদাৰিত্ব সম্প্ৰসাৰণ আৰু কাটাৰত ভাৰতৰ ইউ পি আই ব্যৱস্থা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও বিত্ত, ক্ৰীড়া, যুৱক-যুৱতী আৰু সাংস্কৃতিক বিনিময়ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে বিভিন্ন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে, য’ত সংস্কৃতি, বন্ধুত্ব আৰু ক্ৰীড়া বছৰ উদযাপন কৰা হৈছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে ভাৰত-কাটাৰৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ বাবে ভাৰত আৰু কাটাৰে কৌশলগত অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰে। কাটাৰ পক্ষই ভাৰতত আন্তঃগাঁথনি, প্ৰযুক্তি, উৎপাদন, খাদ্য সুৰক্ষা, লজিষ্টিক, আতিথ্য আৰু পাৰস্পৰিক আগ্ৰহৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধিৰ সুযোগ বিচাৰিছে। এই সন্দৰ্ভত কাটাৰে ভাৰতত ১০ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।
ভাৰতত মুকলি কৰিব কাটাৰ বিনিয়োগ কৰ্তৃপক্ষৰ কাৰ্যালয়। দুয়োপক্ষই ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি ভাৰত-কাটাৰ মুক্ত বাণিজ্য চুক্তিৰ সন্ধানত সন্মত হৈছে। ইয়াৰ উপৰিও কাটাৰৰ কাটাৰ নেচনেল বেংক (কিউএনবি) পইণ্ট অৱ চেলছত ভাৰতৰ ইউপিআই কাৰ্যকৰী কৰা হ’ব আৰু গিফ্ট চিটিত কাৰ্যালয় স্থাপন কৰি ভাৰতত কাটাৰ নেশ্যনেল বেংকৰ উপস্থিতি সম্প্ৰসাৰণ কৰা হ’ব।
বাণিজ্য আৰু পাৰস্পৰিক বিনিয়োগকে ধৰি দুয়োখন ৰাষ্ট্ৰই ভাৰত-কাটাৰ শক্তিৰ অংশীদাৰিত্ব গভীৰ কৰি তুলিব। কাটাৰী নাগৰিকৰ বাবে ভাৰতীয় ই-ভিছাৰ সুবিধা বৃদ্ধি কৰা হ’ব। অদূৰ ভৱিষ্যতে সংস্কৃতি, বন্ধুত্ব আৰু ক্ৰীড়া বছৰ উদযাপন কৰিবলৈও দুয়োখন ৰাষ্ট্ৰই সন্মতি প্ৰকাশ কৰিছে। ভাৰত আৰু কাটাৰে দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব স্থাপনৰ চুক্তিৰ লগতে আয়ৰ ওপৰত কৰ সন্দৰ্ভত দ্বৈত কৰ পৰিহাৰ আৰু বিত্তীয় ফাঁকি প্ৰতিৰোধৰ বাবে সংশোধিত চুক্তিত স্বাক্ষৰ কৰিছে।
আন বুজাবুজি চুক্তিসমূহৰ ভিতৰত ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয় আৰু কাটাৰ ৰাজ্য চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ মাজত বিত্তীয় আৰু অৰ্থনৈতিক সহযোগিতাৰ বুজাবুজি চুক্তি; ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয় আৰু কাটাৰ ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰালয়ৰ মাজত যুৱ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি; ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় আৰ্কাইভ আৰু কাটাৰ ৰাজ্য চৰকাৰৰ কাটাৰৰ ৰাষ্ট্ৰীয় আৰ্কাইভৰ মাজত নথিপত্ৰ আৰু আৰ্কাইভৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি; ইনভেষ্ট ইণ্ডিয়া আৰু ইনভেষ্ট কাটাৰৰ মাজত সহযোগিতাৰ বুজাবুজি চুক্তি; আৰু ভাৰতীয় উদ্যোগ সংঘ আৰু কাটাৰ ব্যৱসায়ী সংস্থাৰ মাজত বুজাবুজি চুক্তি আদি আছে।
সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হোৱা কাটাৰৰ আমিৰগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনৰ চৌহদত গাৰ্ড অৱ অনাৰ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছিল।