দ্বিতীয়বাৰৰ বাবে ভাৰতলৈ ৰাজ্যিক ভ্ৰমণ কাটাৰৰ আমিৰৰ

Story by  atv | Posted by  Munni Begum • 2 d ago
কাটাৰৰ আমিৰক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা এক দৃশ্য
কাটাৰৰ আমিৰক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা এক দৃশ্য
 
নতুন দিল্লী 
 
দুদিনীয়া ৰাজ্যিক ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত থকা কাটাৰৰ আমিৰ শ্বেখ তামিম বিন হামাদ আল থানীক মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত এক বৃহৎ আদৰণি জনোৱা হয়। ২০১৫ চনৰ মাৰ্চ মাহৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত তেওঁৰ দ্বিতীয়বাৰৰ বাবে ভাৰত ভ্ৰমণ কৰিছে।
 
আনুষ্ঠানিক আদৰণিৰ অন্তত ৰাষ্ট্ৰপতি ভৱনত শ্বেখ তামিম আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে নিজ নিজ দেশৰ মন্ত্ৰী আৰু প্ৰতিনিধি দলৰ সৈতে চিনাকি কৰাই দিয়ে। দুপৰীয়া হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব আমিৰ। 
 
এই বৈঠকত দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, য’ত পাৰস্পৰিক স্বাৰ্থৰ বিভিন্ন বিষয়ত আলোচনা হ’ব বুলি আশা কৰা হৈছে। 
 
১.০০ বজাত একেটা স্থানতে বুজাবুজিৰ স্মাৰকপত্ৰ (এম অ’ ইউ)ৰ আদান-প্ৰদান অনুষ্ঠিত হ’ব, যিয়ে ভাৰত আৰু কাটাৰৰ সহযোগিতাৰ এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিব। সন্ধিয়া ৭.০০ বজাত ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ সৈতে শ্বেখ তমিমে সাক্ষাৎ কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সন্মানত এক ভোজ-ভাতৰ আয়োজনো কৰিব। আমিৰৰ ভাৰতৰ পৰা ৯.০৫ বজাত দিনটোৰ যাত্ৰাৰ সামৰণি পৰিব।  
 
আমিৰৰ ভাৰতত আগমনৰ পূৰ্বে এম ই এয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰিছে, "ভাৰত আৰু কাটাৰৰ মাজত বন্ধুত্ব, বিশ্বাস আৰু পাৰস্পৰিক সন্মানৰ মাজত গভীৰ ঐতিহাসিক সম্পৰ্ক আছে। শেহতীয়া বছৰবোৰত বাণিজ্য বিনিয়োগ, শক্তি, প্ৰযুক্তি, সংস্কৃতি আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী হৈ আহিছে।"   
 
বিশেষ ভংগীমাৰে প্ৰধানমন্ত্ৰী মোদীয়ে সোমবাৰে সন্ধিয়া পালামৰ বায়ুসেনা ষ্টেচনত শ্বেখ তমিমক ব্যক্তিগতভাৱে আদৰণি জনায়। দুয়োগৰাকী নেতাই উষ্ম আলিংগনে ভাৰত আৰু কাটাৰৰ মাজত থকা গভীৰ সম্বন্ধ আৰু বিশেষ সম্পৰ্কক প্ৰতিফলিত কৰিছিল।  
 
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক্সত পোষ্টত উল্লেখ কৰিছে, " এজন বিশেষ বন্ধুৰ বাবে এক বিশেষ ইংগিত! কাটাৰৰ আমিৰ প্ৰধানমন্ত্ৰী শ্বেইখ তামিম বিন হামাদ আল-থানীক ভাৰতলৈ দ্বিতীয়বাৰৰ বাবে ৰাজ্যিক ভ্ৰমণৰ সময়ত নতুন দিল্লীত উপস্থিত হোৱাৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰত আদৰণি জনায়। এই ভ্ৰমণে ভাৰত-কাটাৰৰ অংশীদাৰিত্বৰ বান্ধোন আৰু অধিক শক্তিশালী কৰিব।"