অহা দুই-তিনি দিনলৈ অসমত বৰষুণ হোৱাৰ সম্বাৱনা

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
ৰাজ্যৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰে হঠাৎ এজাক বৰষুণে নিম্নগামী কৰিছে পাৰাস্তম্ভ। গুৱাহাটীৰ বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, অহা দুই-তিনি দিনলৈ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৰষুণৰ গতিবিধি অব্যাহত থাকিব। যোৱা ২৪ ঘন্টাত অসমৰ কোনো কোনো অঞ্চলত ধুমুহা-গাজনিৰে বৰষুণ অহা পৰিলক্ষিত হয়। 
 
গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, সমুদ্রপৃষ্ঠৰ গড় ১.৫ কিলোমিটাৰ আৰু ৩.১ কিলোমিটাৰ ওপৰত পূব বাংলদেশ আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলত ঘূর্ণী বতাহৰ প্ৰভাৱত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত বৃষ্টিপাত আৰম্ভ হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, বৰষুণৰ প্রভাৱত স্বাভাৱিকতে পাৰাস্তম্ভ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে। 
 
বতৰৰ আগলি বতৰা অনুসৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ কোনো কোনো অঞ্চলত অহা দুই-তিনি দিনলৈ পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰে গুৱাহাটীৰো বিভিন্ন অঞ্চলত নিশা আঠ বজামানত এজাক বৰষুণে শীতৰ পৰশ নমাই আনে।  
 
ৰাজ্যৰ ঠায়ে ঠায়ে আগন্তুক দুই-তিনি দিনলৈ বৰষুণ হ'ব যদিও সর্বনিম্ন উষ্ণতাৰ ব্যাপক তাৰতম্য নহয় বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে । বৰষুণৰ প্ৰভাৱত ধূলিৰ প্ৰকোপ আৰু বায়ু প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে। গুৱাহাটীত অহা ২৬ নৱেম্বৰৰ পৰা সৰ্বনিম্ন তাপমাত্ৰা হ্ৰাস হ'ব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰে। অহা ২৬ নৱেম্বৰৰ পৰা গুৱাহাটীত সৰ্বনিম্ন তাপমাত্ৰা ১৫ ডিগ্ৰীলৈ‌ হ্ৰাস পাব।