নতুন দিল্লী
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় জলপথৰ মাল পৰিবহণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাষ্ৰীৰথয় জলপথৰে অভিলেখ সংখ্যক ১৪৫.৫ মিলিয়ন টন সা-সামগ্ৰী পৰিবহণ কৰা হৈছে।
ইয়াৰ উপৰিও বছৰটোৰ ভিতৰত ২৪টা জলপথৰ পৰা মুঠ কাৰ্যক্ষম জলপথৰ সংখ্যা ২৯টালৈ বৃদ্ধি পাইছে। যাৰ ফলত চলিত বিত্তীয় বৰ্ষতো অধিক মালবাহী গতিবিধিৰ আশা কৰিছে।
এই সন্দৰ্ভত বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে যে, ৰাষ্ট্ৰীয় জলপথত মালবাহী যাতায়ত ১৪ আৰু ২৫ বিত্তীয় বৰ্ষৰ ভিতৰত ১৮.১০ মেট্ৰিক টনৰ পৰা ১৪৫.৫ মেট্ৰিক টনলৈ বৃদ্ধি পাই ২০.৮৬% চক্ৰীয় বাৰ্ষিক বৃদ্ধিৰ হাৰত উপনীত হৈছে।