প্ৰধানমন্ত্ৰীৰ উপস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ৰেখা গুপ্তাই

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ৰেখা গুপ্তাই
প্ৰধানমন্ত্ৰীৰ উপস্থিতিত দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ৰেখা গুপ্তাই
 
নতুন দিল্লী 

প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা ৰেখা গুপ্তাই বৃহস্পতিবাৰে ৰামলীলা ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এন ডি এৰ মুখ্যমন্ত্ৰীসকলৰ উপস্থিতিত  দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
 
বিজেপিৰ প্ৰয়াত নেত্ৰী তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুষমা স্বৰাজৰ ড্ৰেছ কোডৰ কথা মনত পেলাই ৫০ বছৰীয়া ৰেখাই আজি ৰঙা শাৰী এখনৰ ওপৰত জেকেট পৰিধান কৰে। হাঁহিমুখীয়া গুপ্তাক ৩০ হাজাৰ লোকৰ ‘জয় শ্ৰী ৰাম’ ধ্বনিৰ মাজতে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই শপত বাক্য পাঠ কৰায়। 
 
গুপ্তাৰ উপৰিও প্ৰভেশ ভাৰ্মা, মঞ্জিন্দৰ সিং ছিৰছা, কপিল মিশ্ৰকে ধৰি আন ছয়জন বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে আজি শপত গ্ৰহণ কৰে। ২৭ বছৰৰ পাছত বিজেপিয়ে গঠন কৰা চৰকাৰখনত আশীষ ছুদ, পংকজ কুমাৰ সিং আৰু ৰবিন্দৰ ইন্দ্ৰজ সিঙেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিভাগসমূহ এতিয়াও আবণ্টন দিয়া হোৱা নাই যদিও কেবিনেট নিযুক্তিসমূহে বিজেপিৰ দ্বাৰা জাতি সমীকৰণৰ সু-সমতা স্থাপনৰ ইংগিত দিয়ে।
মঞ্জিন্দৰ সিং ছিৰছা শিখ সম্প্ৰদায়ৰ হোৱাৰ বিপৰীতে প্ৰভেশ বাৰ্মা এজন প্ৰভাৱশালী জাট নেতা। কপিল মিশ্ৰ বিজেপিৰ ব্ৰাহ্মণ মুখ, আশীষ ছুদ পাঞ্জাবী খাত্ৰী সম্প্ৰদায়ৰ আৰু ৰবিন্দৰ সিং দলিত নেতা। বিকাশপুৰীৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা তথা পেছাত দন্ত চিকিৎসক আৰু আপৰ প্ৰাক্তন নেতা পংকজ কুমাৰ সিং পূৰ্বাঞ্চলি সম্প্ৰদায়ৰ মাজত চিনাকি মুখ।
 
অৰবিন্দ কেজৰিৱালৰ ঢৌৰ মাজতে ২০১৫ আৰু ২০২০ চনত জয়ী হোৱা বিজেপিৰ প্ৰবীণ নেতা তথা ৰোহিনী সমষ্টিৰ তিনিবাৰৰ বিধায়ক বিজেন্দৰ গুপ্তা বিধানসভাৰ অধ্যক্ষ আৰু মোহন বিষ্ট হ’ব উপাধ্যক্ষ।