গুৱাহাটী
যশস্বী শিক্ষাবিদ, গীতিকাৰ ড° লক্ষহীৰা দাসে শনিবাৰে পুৱতি নিশা প্ৰায় ২:৪৫ বজাত ৰাজগড়ৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে। বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৪ বছৰ। একাধাৰে কবি, গীতিকাৰ, কণ্ঠশিল্পী আৰু শিক্ষাবিদ আছিল ড° লক্ষহীৰা দাস। তেওঁ মৃত্যুৰ সময়ত এৰি থৈ যায় তিনি পুত্ৰ-বোৱাৰীসহ নাতি-নাতিনীক।
১৯৩১ চনৰ ১৩ ফেব্ৰুৱাৰীত শুৱালকুছিত জন্মগ্ৰহণ কৰিছিল লক্ষহীৰা দাসে। তেওঁৰ পিতৃৰ নাম চন্দ্ৰ বৈশ্য সাউদ আৰু মাতৃ ধৈৰ্যবালা। যোৰহাট চৰকাৰী ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল লক্ষহীৰা দাসে। ৫০খনৰো অধিক গ্ৰন্থ ৰচনা কৰিছিল ড° লক্ষহীৰা দাসে। ১৯৪৩ চনত ড° লক্ষহীৰা দাসৰ প্ৰথমটো কবিতা প্ৰকাশ পাইছিল। ১৯৬৮ চনত ‘লাচিত বৰফুকন’ ছবিৰ বাবে ড° লক্ষহীৰা দাসে লাভ কৰিছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা। ভূপেন হাজৰিকা বঁটাপ্ৰাপ্ত সুদক্ষ গায়িকাও আছিল লক্ষহীৰা দাস।
১৯৭৯ চনত অসম সাহিত্য সভাৰ কবি সন্মিলনৰ সভানেত্ৰীও আছিল ড° লক্ষহীৰা দাস। ১৯৯৫ চনত অসম সাহিত্য সভাৰ ‘বাসন্তী বৰদলৈ বঁটা’ লাভ কৰিছিল। ২০২২ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰে লক্ষহীৰা দাসে। ২০০৩ চনত তেওঁক প্ৰদান কৰিছিল অসম চৰকাৰৰ শিল্পী বঁটা। বিশিষ্ট শিক্ষাবিদগৰাকীৰ অনবদ্য অৱদানৰ বাবে দিছিল ‘সংগীতাচাৰ্য’ উপাধি। ড° লক্ষহীৰা দাসৰ প্ৰকাশিত পুথি প্ৰথমা, গীতাৰ্ঘ্য, প্ৰাণৰ মুক্তিধাৰা। ‘সৰাপাত’ আৰু ‘লাচিত বৰফুকন’ চলচ্চিত্ৰত কণ্ঠদান কৰিছিল শিক্ষাবিদ ড° লক্ষহীৰা দাসে।
১৯৫৯ চনত কটন কলেজৰ শিক্ষা বিভাগৰ প্ৰথমগৰাকী মুৰব্বী অধ্যাপক আছিল ড° লক্ষহীৰা দাস। পৰৱৰ্তী সময়ত ১৯৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰি ১৯৯৩ চনত মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে লক্ষহীৰা দাসে। তেওঁৰ মৃত্যুত শৈক্ষিক তথা সাংস্কৃতিক জগতত পৰিছে শোকৰ ছাঁ। আজি বিয়লি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব বিশিষ্ট শিক্ষাবিদ, গীতিকাৰ ড° লক্ষহীৰা দাসৰ।
এক্স লক্ষহীৰা দাসৰ মৃত্যুত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
তেওঁ এক পোষ্টত লিখিছে, "অসমৰ সাংস্কৃতিক আৰু সাহিত্যিক পৰিৱেশ সমৃদ্ধ কৰাৰ ক্ষেত্ৰত অমূল্য অৱদানৰ বাবে ড০ লক্ষহীৰা দাস বাইদেউ স্মৰণীয় হৈ থাকিব। নাৰীৰ সবলীকৰণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল আৰু তেওঁৰ কৰ্মই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব।"