গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত বিস্ফোৰণ; প্ৰচণ্ড শব্দত কঁপি উঠিল লালমাটি

Story by  atv | Posted by  [email protected] • 1 d ago
গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত বিস্ফোৰণ
গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত বিস্ফোৰণ
 
গুৱাহাটী
 
গণৰাজ্য দিৱসৰ পুৱাই মহানগৰীত শুনা গ’ল বিস্ফোৰণৰ শব্দ। প্ৰচণ্ড শব্দত কঁপি উঠিল ISBT।শব্দৰ উৎস বিচাৰি বেহাৰবাৰীত আৰক্ষীৰ অভিযান। এতিয়াও স্পষ্ট হোৱা নাই বিস্ফোৰণৰ কাৰণ।
 
মহানগৰীৰ লালমাটি ব্ৰহ্মপুত্ৰ পাচলি বজাৰত শুনা হৈছে প্ৰচণ্ড বিস্ফোৰণৰ শব্দ। এই মুহূৰ্তলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ কথা জানিব পৰা হোৱা নাই।
 
গণৰাজ্য দিৱসৰ পুৱাই হোৱা ৰহস্য জনক বিস্ফোৰণৰ পিছতেই আতংকিত হৈ পৰিছে অঞ্চলবাসী।ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।