গুৱাহাটী
ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী মহাপৰিদৰ্শক দেববাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। বাজ্যপালৰ অনুমোদনমর্মে আজি অসম চৰকাৰে এই উপাধ্যায়ক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্রদান কৰে।
আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি পোৱা উপাধ্যায় বর্তমান আয়োগৰ সদস্য হিচাপে কার্যনির্বাহ কৰি আছিল। ইপিনে ভাবতীয় প্রশাসনিক সেৱাৰ বিষয়া তথা মুখ্য সচিবৰ কাৰ্যালয়ত সচিব, সমন্বয় হিচাপে কর্মবত ভাস্কৰ ফুকন আৰু মুখ্যমন্ত্রী সচিবালয়ৰ সচিব, অসম অসামৰিক সেৱাৰ বিষয়া মৃগেশ নাৰায়ণ বৰুৱাক লোকসেৱা আয়োগৰ সদস্য হিচাপে নিযুক্তি দিয়া হৈছে।
উল্লেখযোগ্য যে এ পি এছ চিৰ অধ্যক্ষ হিচাপে কেইদিনমান পূর্বে অৱসৰগ্ৰহণ কৰিছিল ভাৰত ভূষণ দেৱচৌধুৰীয়ে। ইয়াৰ পিচতে আজি চৰকাৰে প্রাক্তন আৰক্ষী মহাপৰিদর্শক দেৱবাজ উপাধ্যায়ক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি প্রদান কবে। মন কৰিবলগীয়া যে পৰীক্ষা ব্যৱস্থাত কেতবোৰ সংস্কাৰ আহিলেও এতিয়াও এ পি এছ চিব বিরুদ্ধে বহুতৰে আছে ওজব-আপত্তি।
কিয়নো স্বচ্ছ আৰু নিকা পৰীক্ষা ব্যবস্থাব শ্ল'গান আওবোরা এ পি এছ চিয়ে আজিও আৰ টি আইযোগে প্রার্থীক নিদিয়ে বহী। উচ্চতম ন্যায়ালয়ৰ এটা গোচৰৰ গইনা লৈ অসম লোকসেৱা আয়োগে বছৰ বছৰ ধৰি আৰ টি আইৰ অধীনত প্রার্থীসকলক নিজৰ নিজৰ পৰীক্ষাৰ বহী দিয়াৰ পৰা বিৰত আছে। এনে প্রেক্ষাপটত নবনিযুক্ত অধ্যক্ষ দেৱৰাজ উপাধ্যায়ে কেনে পদক্ষেপ গ্রহণ কৰিব সেয়া স্বাভাৱিকতেই লক্ষণীয় বিষয় হ'ব।