অসমত ৫ দিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিল আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

Story by  atv | Posted by  [email protected] • 1 d ago
আৰ এছ এছ প্ৰধান মোহন ভাগৱত
আৰ এছ এছ প্ৰধান মোহন ভাগৱত
 
গুৱাহাটী
 
অসমত পাঁচ দিনীয়া কাৰ্যসূচীৰ সামৰণি মাৰিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা° মোহন ভাগৱতে। আজি অৰুণাচললৈ ৰাওনা হ'ব সৰসংঘচালক গৰাকী। ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ বিভিন্ন কাৰ্যসূচীৰে অসমত উপস্থিত হৈছিল মোহন ভাগৱত।
 
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ পূৰ্ণৰ প্ৰতি লক্ষ্য ৰাখি সৰসংঘচালক ডা° ভাগৱতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কৰা ভ্ৰমণ সূচীৰ অংশ হিচাপে এয়া অনুৰূপ কাৰ্যসূচী বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে।
 
মোহন ভাগৱতে ২১ ফেব্ৰুৱাৰীৰ আবেলিৰ ভাগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পোনে পোনে গুৱাহাটীৰ বৰবৰীস্থ সুদৰ্শনালয়ত উপস্থিত হয় ৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষত সংগঠনটোৰ কাৰ্য বিস্তাৰ, কাৰ্য দৃঢ়িকৰণ , শাখাৰ দ্বাৰা সমাজ পৰিৱৰ্তন আদি বিষয় সমূহ কিদৰে সমাজৰ মাজলৈ নিব পাৰি এই সন্দৰ্ভত স্বয়ংসেৱক সকলৰ লগত মত -বিনিময় কৰে সৰসংঘচালক গৰাকীয়ে ৷
 
আনহাতে, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সমাজ পৰিৱৰ্তনৰ দিশত কৰি অহা পঞ্চ পৰিৱৰ্তনৰ বিষয় সমূহ যেনে সামাজিক সমৰসতা, নাগৰিক কৰ্তব্য, পৰ্যাৱৰণ, স্বদেশী সামগ্ৰী ব্যৱহাৰ , কুটুম্ব প্ৰবোধন আদি বিষয় সমূহ স্বয়ংসেৱক সকলৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজলৈ কেনেদৰে লৈ যাৱ পাৰে তাৰ ওপৰতো তেখেতে বক্তব্য প্ৰদান কৰে।
 
গুৱাহাটী মহানগৰৰ সংঘৰ খাৰঘুলি আৰু নাৰেংগীৰ বিদ্যাৰ্থী শাখা টোলীৰ বৈঠকতো অংশ লয় ভাগৱতে ৷ ইয়াৰ পাছত ২২ ফেব্ৰুৱাৰীৰ আবেলি আই আই টি গুৱাহাটীত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ অখিল ভাৰতীয় এখন বৈঠকত অংশগ্ৰহণ কৰে ৷
 
২৩ ফেব্ৰুৱাৰীৰ পুৱা সাউকুছিস্থ চাউথ পইন্ট হাইস্কুল চৌহদত মোহন ভাগৱতে এক বৌদ্ধিক কাৰ্যক্ৰমত উপস্থিত থাকি গুৱাহাটী মহানগৰৰ সহস্ৰাধিক স্বয়ংসেৱক সকলৰ সন্মুখত বৌদ্ধিক প্ৰদান কৰে ৷ ইয়াৰ উপৰি সৰসংঘচালক গৰাকীয়ে এই ভ্ৰমণ সূচীত সংঘৰ প্ৰচাৰকৰ লগতে আন কেবাখনো বৈঠকত অংশ লয় ৷
 
উল্লেখ্য যে, ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত সুদৰ্শনালয়তে থাকি সংঘৰ উচ্চস্তৰৰ কাৰ্যকৰ্তা আৰু সংঘৰ প্ৰচাৰক সকলৰ লগত বৈঠকত বহে মোহন ভাগৱত। ইয়াৰ লগতে তেওঁৰ ৫ দিনীয়া কাৰ্যসূচীৰ সামৰণি পৰে। আজি অৰুণাচললৈ ৰাওনা হ'ব ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডা° মোহন ভাগৱত।