Tue Apr 01 2025 10:49:55 AM
  • Follow us on
  • Subcribe

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানছ ২% বৃদ্ধি; কেবিনেটৰ অনুমোদন

Story by  atv | Posted by  sarmamukut98@gmail.com • 3 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানছ (ডি এ) ২% বৃদ্ধিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। এই বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডি এ ৫৩%ৰ পৰা ৫৫%লৈ বৃদ্ধি পাব আৰু ই তেওঁলোকৰ দৰমহা বৃদ্ধিত সুবিধা প্ৰদান কৰিব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ শেষৰটো ডি এ বৃদ্ধি ২০২৪ চনৰ জুলাই মাহত হৈছিল, যেতিয়া ইয়াক ৫০%ৰ পৰা ৫৩%লৈ বৃদ্ধি কৰা হৈছিল।
 
মৰগীয়া বানছ হৈছে চৰকাৰী কৰ্মচাৰীক বৰ্ধিত মুদ্ৰাস্ফীতিৰ সৈতে মোকাবিলা কৰাত সহায় কৰিবলৈ দিয়া এক ভাট্টা। ইয়াৰ উদ্দেশ্য হৈছে জীৱন-যাপনৰ ব্যয় বৃদ্ধিৰ বাবে যাতে দৰমহাৰ মূল্য হ্ৰাস নাপায়। মৌলিক দৰমহা পে আয়োগে প্ৰতি ১০ বছৰৰ মূৰে মূৰে নিৰ্ধাৰণ কৰে যদিও মুদ্ৰাস্ফীতিৰ লগত খাপ খুৱাবলৈ সময়ে সময়ে ডি এ সালসলনি কৰা হয়। ডি এ বৃদ্ধিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, পেঞ্চনাৰ, আৰু ফেমিলী পেঞ্চনাৰসকল উপকৃত হ’ব।
ইয়াৰ পূৰ্বে বাতৰি প্ৰকাশ পাইছিল যে কেন্দ্ৰীয় চৰকাৰে হোলীৰ পূৰ্বে ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু ডিয়াৰনেছ ৰিলিফ (ডি আৰ) বৃদ্ধিৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেইবাটাও সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ২% বৃদ্ধিৰ আশা কৰা হৈছিল, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকল উপকৃত হ’ব। 
 
All India Consumer Price Index for Industrial Workers (AICPI-IW)ৰ তথ্যৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ মৰগীয়া বানছৰ হাৰ নিৰ্ধাৰণ কৰা হয়। চৰকাৰে কোনো ধৰণৰ পুনৰীক্ষণৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে বিগত ছমাহৰ পৰিসংখ্যাৰ মূল্যায়ন কৰে।