আমেৰিকালৈ ৰপ্তানি হ'ব জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ছিপছ

Story by  atv | Posted by  Munni Begum • 14 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
জাগীৰোডত স্থাপন কৰা টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পই জাগীৰোডৰে নহয়, অসমৰ বাবেই এক যুগান্তকাৰী পৰিবৰ্তন আনিব। অহা নৱেম্বৰ মাহত জাগীৰোডত টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত ছিপছ উৎপাদনৰ কাম আৰম্ভ হ'ব। দৈনিক ৪৮ মিলিয়ন ছিপছ উৎপাদন কৰি আমেৰিকাৰ প্ৰতিখন চহৰলৈ ৰপ্তানি কৰা হ'ব। আমেৰিকাৰ প্ৰতিখন গাড়ী যাতে জাগীৰোডৰ ছিপছৰ ওপৰতে চলে তেনে এক যুগান্তকাৰী পদক্ষেপ জাগীৰোডে তথা অসমে গ্রহণ কৰিব।  
 
শনিবাৰে জাগীৰোড সমষ্টিৰ জাগীভকত গাঁৱত কপিলী নদীৰ ওপৰত এখন বৃহৎ পকী দলং উদ্বোধন কৰাৰ এক বিশাল সমাবেশত ভাষণত মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই কয় যে, শেহতীয়াকৈ তেওঁ জাপান আৰু দক্ষিণ কোৰিয়া ভ্রমণ কৰি বিনিয়োগকাৰীসকলৰ সৈতে আলোচনা কৰাৰ সময়ত বিনিয়োগকাৰীসকলে সুধিছিল- জাগীৰোড ক'ত, জাগীৰোডলৈ কেনেকৈ যাব পাৰি। এনে পৰিপ্ৰেক্ষিতত জাগীৰোডৰ বাণিজ্যিক গুৰুত্ব অধিক বৃদ্ধি পাইছে। 
 
অসম চৰকাৰে কেন্দ্ৰৰ ওপৰত জাগীৰোড আৰু ভূটানক সংযোগ কৰি এটা ৰাষ্ট্ৰীয় পথ নিৰ্মাণৰ প্ৰস্তাৱ দাখিল কৰিছে। এই পথটো জাগীৰোডৰ প্ৰাক (Prak) বাচনাঘাট হৈ লাহৰীঘাট সমষ্টিত ব্রহ্মপুত্রত দলং নিৰ্মাণৰ লগতে ৰৌতা-ওদালগুৰি হৈ ভূটানক সংযোগ কৰিবলগীয়া ১৩২ কিলোমিটাৰ দৈর্ঘ্যৰ ৰাষ্ট্ৰীয় পথটোৰ ঘোষণা কেন্দ্ৰীয় চৰকাৰে অলপ দিনৰ পিচতে কৰাৰ সম্ভাৱনা আছে। এই পথটোৰ নিৰ্মাণ হ'লে মধ্য অসমৰ জীৱন যাত্ৰাৰ ব্যাপক পৰিবর্তন হ'ব আৰু মধ্য অসমৰ অর্থনৈতিক ছবিখনো সলনি কৰিব। 
 
মুখ্যমন্ত্রী শর্মাই কয় যে, আমি এনে বিশাল পৰিবৰ্তনৰ সপোন দেখাৰ সাহস পাইছো কেৱল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় চৰকাৰৰ উদাৰতা আৰু আশীৰ্বাদৰ বাবেই। প্ৰধানমন্ত্ৰীগৰাকীৰ বাবেই কেন্দ্ৰীয় প্রযুক্তি বিশ্ববিদ্যালয়খন জাগীৰোডত স্থাপন হৈছে, য'ত এ আই ডীপটেক, ছেমি কণ্ডাক্টৰৰ দৰে বিষয়ত পাঠ্যক্ৰমৰ শিক্ষা অসমৰ যুৱ প্ৰজন্মই লাভ কৰিব। 
 
অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে। সভাত অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযূষ হাজৰিকা, বাণিজ্য আৰু উদ্যোগ মন্ত্রী বিমল বড়া, স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী, ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীবন চন্দ্ৰ কোঁৱৰ, লোকনির্মাণ বিভাগৰ বিশেষ আয়ুক্ত সচিব ৰাজ চক্রবর্তী, জিলা আয়ুক্ত দেৱাশিস শর্মা, লোকনির্মাণ বিভাগৰ মুখ্য অভিযন্তা দেবজিৎ দাস আৰু আন বহু উচ্চপদস্থ বিষয়া উপস্থিত থাকে। 
 
ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্রকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লোৱাৰ লগতে বিষয়া-কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰে। তেওঁ টাটা কোম্পানীৰ কৰ্মচাৰীসকলৰ কৰ্মদক্ষতাৰ শলাগ লয়। আনহাতে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শর্মাই ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ সমীপত এখন ঔদ্যোগিক পাম স্থাপনৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। এই 'আছাম ইলেক্ট্রনিকছ এণ্ড ছেমি কণ্ডাক্টৰ লজিষ্টিক পার্ক' ঔদ্যোগিক পামখনৰ ভিতৰত কেন্দ্ৰীয় বিদ্যালয়, হাস্পতাল, এখন পঞ্চতাৰকাযুক্ত হোটেল আদিৰ সুবিধাও উপলব্ধ হ'ব।