নতুন দিল্লী
জম্মু-কাশ্মীৰৰ হুৰিয়ত কনফাৰেন্সৰ সৈতে জড়িত দুটা সংগঠনে বিচ্ছিন্নতাবাদৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰিছে বুলি মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰে। ভাৰতক এখন উন্নত, শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ দেশ হিচাপে গঢ়ি তোলাৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বাবে এয়া এক ডাঙৰ জয় বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
চৰকাৰী বিষয়াসকলৰ মতে, হুৰিয়তৰ দুটা সহযোগী সংগঠন ক্ৰমে জম্মু-কাশ্মীৰ পিপলছ মুভমেণ্ট আৰু ডেম’ক্ৰেটিক পলিটিকেল মুভমেণ্টে বিচ্ছিন্নতাবাদী সংগঠনটোৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰিছে।
এক্সত শ্বাহে কয়, ‘কাশ্মীৰত বিচ্ছিন্নতাবাদ এতিয়া ইতিহাসত পৰিণত হৈছে। মোদী চৰকাৰৰ ঐক্যবদ্ধ নীতিয়ে বিচ্ছিন্নতাবাদক জম্মু আৰু কাশ্মীৰৰ পৰা উলিয়াই আনিছে। হুৰিয়তৰ সৈতে জড়িত দুটা সংগঠনে বিচ্ছিন্নতাবাদৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰিছে।”
তেওঁ লগতে কয়, ‘ভাৰতৰ ঐক্য শক্তিশালী কৰাৰ দিশত এই পদক্ষেপক মই আদৰণি জনাইছো আৰু এনে সকলো গোটক মূলসূতিলৈ উভতি আহিবলৈ মই আহ্বান জনাইছো। উন্নত, শান্তিপূৰ্ণ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ বাবে ই এক ডাঙৰ জয়।”
উল্লেখ্য যে, ১১ মাৰ্চত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কাশ্মীৰৰ প্ৰভাৱশালী ধৰ্মগুৰু মিৰৱাইজ উমৰ ফাৰুক নেতৃত্বাধীন Awami Action Committee আৰু ছিয়া নেতা মাছৰূৰ আব্বাছ আনছাৰী নেতৃত্বাধীন Jammu and Kashmir Ittihadul Muslimeen নামৰ সংগঠন দুটাক ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত পাঁচ বছৰলৈ নিষিদ্ধ কৰিছিল। ইয়াৰ প্ৰায় এপষেক পিছতে জম্মু-কাশ্মীৰৰ হুৰিয়ত কনফাৰেন্সৰ সৈতে জড়িত দুটা সংগঠনে বিচ্ছিন্নতাবাদৰ সৈতে সকলো সম্পৰ্ক ছেদ কৰাৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে।
যোৱা সপ্তাহত শ্বাহে সংসদক জনাইছিল যে ২০১৯ চনৰ পৰা ২০২৪ চনৰ ভিতৰত হুৰিয়তৰ সৈতে জড়িত ১৪টা সংগঠন নিষিদ্ধ কৰা হৈছে। ২১ মাৰ্চত ৰাজ্যসভাত গৃহ মন্ত্ৰালয়ৰ কাম-কাজৰ ওপৰত হোৱা আলোচনাৰ উত্তৰ দি তেওঁ কয়, ‘এসময়ত পাকিস্তানৰ সৈতে আলোচনাৰ বাবে মধ্যস্থতাকাৰী হিচাপে ব্যৱহাৰ কৰা হুৰিয়াটক এতিয়া ভাঙি পেলোৱা হৈছে।
‘পূৰ্বতে কাশ্মীৰত সঘনাই চুবুৰীয়া দেশৰ পৰা সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰিছিল, বোমা বিস্ফোৰণ আৰু হত্যাকাণ্ড সংঘটিত কৰিছিল আৰু এই কাণ্ডসমূহৰ প্ৰতি তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰসমূহৰ মনোভাৱ নম্ৰ আছিল। তেওঁলোকে মৌন হৈ আছিল, মাত মাতিবলৈ ভয় কৰিছিল, আৰু ভোট বেংক হেৰুৱাৰ ভয়ো আছিল। কিন্তু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি গ্ৰহণ কৰা হয়।’-শ্বাহে লগতে কয়।