হজৰত আজান পীৰৰ দৰগাহৰ অধিবেশন তথা জিয়াৰত অনুষ্ঠান আৰম্ভ

Story by  atv | Posted by  Munni Begum • 1 Months ago
হজৰত আজান পীৰৰ দৰগাহ
হজৰত আজান পীৰৰ দৰগাহ
 
গুৱাহাটী 
 
মধুৰ জিকিৰ ৰচনাৰে অসমৰ সাহিত্য-সংস্কৃতিৰ ভঁৰাল চহকী কৰি যোৱা হজৰত আজান পীৰৰ দিখৌমুখৰ স'ৰাগুৰি চাপৰিস্থিত দৰগাহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বার্ষিক অধিবেশন তথা জিয়াৰত অনুষ্ঠান। এই অনুষ্ঠানক কেন্দ্র কৰি আজি সমগ্র স'ৰাগুৰি চাপৰি ৰূপান্তৰিত হয় বিভিন্ন জনগোষ্ঠীয় আৰু ধর্মাৱলম্বী লোকৰ মিলন তীর্থলৈ। 
 
অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা জিকিৰ শিল্পীসকলে আজান পীৰে ৰচনা কৰি যোৱা জিকিৰ পৰিবেশন কৰি স'ৰাগুৰি আকাশ-বতাহ মুখৰ কৰে। শিল্পীসকলে পৰিবেশন কৰা 'মোৰ মনত আন ভাব নাই আল্লা, মোৰ মনত আন ভাব নাই, হিন্দু কি মুছলমান এক আল্লাৰ ফৰমান...' শীর্ষক জিকিৰৰ অমিয়া সুৰে দিচাং, দিখৌ আৰু দৰিকাৰ সংগমস্থলীত বাস্তৱিকতেই সমন্বয়ৰ সুৰ প্রবাহিত কৰে। 
 
সুদূৰ মৰুৰ দেশৰ পৰা সাগৰ, নদী, বাট-ঘাট অতিক্রমি অসম ভূমিত উপস্থিত হৈ ইয়াৰ ভাষা-সংস্কৃতি আয়ত্ত কৰি শুৱলা জিকিৰ ৰচনাৰে হিন্দু-মুছলমানৰ মাজত আজান পীৰে সৃষ্টি কৰি যোৱা সমন্বয়ৰ ধাৰা আজি স'ৰাগুৰি চাপৰিত সুন্দৰ প্ৰতিফলন হয়। স্থানীয় হিন্দু ধর্মাৱলম্বী লোকে শনিবাৰে স'ৰাগুৰিৰ ৰাজহুৱা নামঘৰৰ সমীপৰ পৰা আজান পীৰ দৰগাহ চৌহদলৈকে পথৰ দুয়োকাষে শ শ বন্তি প্রজ্বলন কৰি আজান পীৰৰ প্ৰতি সন্মান প্রদর্শন কৰে। 
 
তদুপৰি আজানপীৰৰ সমাধিৰ চৌকাষে স্থানীয় হিন্দু ধর্মাৱলম্বী লোকে বন্তি প্রজ্বলন কৰি ঐক্য-সম্প্রীতিৰ ভেটি শক্তিশালী হোৱাৰ বাবে প্রার্থনা জনায়। আনহাতে 'ঐক্য' নামৰ ৰাজ্যৰ আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে স'ৰাগুৰি চাপৰিলৈ অহা হেজাৰ হেজাৰ লোকক বিনামূলীয়াকৈ খোৱাপানী যোগান ধৰে। সকলো ভক্ত তথা পর্যটকক খোৱাপানী যোগান ধৰাৰ বাবে ঐক্যই আজান পীৰ দৰগাহ চৌহদত এক ছাউনী স্থাপন কৰি লৈছে। ঐক্যৰ সভাপতি ধনঞ্জয় শইকীয়া, বাবলি খানসহ সকলো সদস্যই যোৱা ডেৰটা দশক ধৰি প্ৰতিবছৰেই উৰুচত এনেদৰে খোৱাপানী যোগান ধৰি আহিছে। 
 
উল্লেখ্য যে, এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে দিনৰ ১১ বজাত অনুষ্ঠিত কৰা সদৌ অসম প্রাইজমানি জিকিৰ প্রতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট কবি, সাহিত্যিক প্রেম গগৈয়ে। জিকিৰ প্রতিযোগিতা উদ্বোধন কৰি প্রেম গগৈয়ে কয় যে, আজান পীৰৰ মৌলিক ৰচনা জিকিৰৰ এক সুকীয়া ধাৰা আছে। ক'ৰবাত ক'ৰবাত লোকগীত বা আন গীতৰ মিল থাকিলেও জিকিৰ অনুবাদ কৰা গীত নহয়। জিকিৰত ধর্মীয় কথা-বতৰা থাকিলেও জিকিৰ সমন্বয়ৰ গীত। বহু জিকিৰত সমন্বয়ৰ দিশটোৱে অধিকভাৱে প্রাধান্য লাভ কৰিছে। 
 
প্রেম গগৈয়ে কয়- সাম্প্রতিক সময়ত সাম্প্রদায়িকতাৰ চিন্তাই শান্তিময় সমাজত অশান্তি আৰু অৰাজক পৰিবেশৰ সৃষ্টি কৰিছে। এই সময়ত শিৱসাগৰৰ পৰাই মানুহে ঐক্য-সমন্বয়ৰ ধাৰা পুনৰ প্রবাহিত কৰিব লাগিব। 
 
মাহমুদ আলীয়ে আঁত-ধৰা জিকিৰ প্ৰতিযোগিতা অনুষ্ঠানৰ 'ক' শাখাত ১৬টা আৰু 'খ' শাখাত ১২টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ মাজতেই দৰগাহ পৰিচালনা সমিতিয়ে ভাৰতীয় শইকীয়া, পদ্মা গগৈ, এম আই বড়া, দিলীপ হাজৰিকা সহিতে একাংশ লোকক সম্বর্ধনা জনায়। প্ৰতিযোগিতাত জিকিৰৰ অনাতাঁৰ শিল্পী ইদুল আলী আহমেদ, ফৰিদু ৰহমান আৰু ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সাংবাদিক হাছান ইকবালে বিচাৰকৰ দায়িত্ব পালন কৰে। 
 
ইয়াৰপূৰ্বে ৰাজহুৱা জিয়াৰত আৰু সমূহীয়া দোৱা সম্পন্ন কৰে খাদিম জাহিদুৰ ৰহমানে। পুৱা ৯ বজাত পতাকা উত্তোলন কৰে দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুনল ৰচিদে। পতাকা উত্তোলন কৰি হাৰুনল ৰচিদে এই অনুষ্ঠানে সমগ্র স'ৰাগুৰি চাপৰিক সমন্বয় তীর্থলৈ ৰূপান্তৰিত কৰা বুলি মন্তব্য কৰে। 
 
অনুষ্ঠানত দৰগাহ পৰিচালনা সমিতিৰ সম্পাদক নবাব মুচতাকিম আলী উপস্থিত থাকে। সন্ধিয়া ৬ বজাৰ পৰা জিকিৰ গৱেষণা সমিতিৰ সম্পাদক চৈয়দ হকিকুৰ ৰহমানৰ পৰিচালনাত অনুষ্ঠিত হয় জিকিৰ মজলিছ। আজি মুকলি সভাখন উদ্বোধন কৰিব আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাই। মুকলি সভাতেই স্মৃতিগ্রন্থ 'স'ৰাগুৰিৰ আজন' উন্মোচন কৰিব লোক-সংস্কৃতিৰ গৱেষক ড° অনিল শইকীয়াই। 
 
আনহাতে প্রকাশ পাবলগীয়া সংকলনখন উন্মোচন কৰিব শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° সৌমাৰজ্যোতি মহন্তই। মুকলি সভাত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড° কৰবী ডেকা হাজৰিকা। মুখ্য অতিথি হিচাপে অসম চৰকাৰৰ পৰিবহণ মন্ত্রী যোগেন মহন, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড° কন্দর্প ডেকা, মেঘালয়ৰ প্রাক্তন মন্ত্রী চৈয়দ ছাহদুল্লাহ নমৰুণ আৰু গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক ড° সব্যসাচী মহন্ত। সভাত সদৌ অসম ছাত্র সন্থাৰ নৱনির্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকন, সদৌ টাই আহোম ছাত্র সন্থাৰ সভাপতি বসন্ত গগৈকে আদি কৰি ভালেসংখ্যক লোকে অংশগ্রহণ কৰিব।