উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন; বৰফত পোত যোৱা ৫৭ গৰাকী শ্ৰমিকৰ ৩৩ জনক উদ্ধাৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন
উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন
 
ডেৰাডুন
 
উত্তৰাখণ্ডৰ চামোলী জিলাৰ ভাৰত-চীন সীমান্তৰ সমীপত সংঘটিত হৈছে এক বৃহৎ হিমস্খলনৰ দুৰ্ঘটনা। বদ্ৰীনাথ ধামৰ সন্মুখত থকা মানা গাঁৱৰ সমীপত সংঘটিত হোৱা এই হিমস্খলনৰ ফলত বৰফৰ তলত পোত গৈছে ৫৭গৰাকী শ্ৰমিক ৷ 
 
হিমবাহত পোত যোৱা লোকসকলক সুকলমে উদ্ধাৰ কৰিবলৈ ইতিমধ্যে আৰম্ভ কৰা হৈছে উদ্ধাৰ অভিযান। শেহতীয়াকৈ লাভ কৰা তথ্য মতে,৩৩ জনক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে৷ প্ৰথম অৱস্থাত ১৬ গৰাকী শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল আৰু তেতিয়া ধ্বংসাৱশেষৰ তলত এতিয়াও পোত গৈ আছিল ৪১ গৰাকী শ্ৰমিক। 
 
জানিব পৰা মতে, চণ্ডীগড়স্থিত প্ৰতিৰক্ষা ভূ-তথ্য বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান আৰু বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে এক সতৰ্কবাণী জাৰি কৰি হিমস্খলনৰ আশংকা প্ৰকাশ কৰিছিল। প্ৰতিৰক্ষা জিঅ’-ইনফৰ্মেটিক্স গৱেষণা প্ৰতিষ্ঠানে জাৰি কৰা সতৰ্কতাবাণীত উত্তৰাখণ্ডৰ চামোলী, উত্তৰকাশী, ৰুদ্ৰপ্ৰয়াগ, পিথোৰাগড় আৰু বাগেশ্বৰ জিলাৰ হিমস্খলন সন্দৰ্ভত জাৰি কৰিছিল য়েল্ল’ সতৰ্কবাণী ৷ 
 
উত্তৰাখণ্ডৰ উপৰিও প্ৰতিৰক্ষা জিঅ’-ইনফৰ্মেটিক্স গৱেষণা প্ৰতিষ্ঠানে জম্মু-কাশ্মীৰ, হিমাচল আৰু লাডাখৰ ক্ষেত্ৰতো সতৰ্কতাবাণী জাৰি কৰিছিল। ২৭ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজাৰ পৰা ২৮ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫ বজালৈ হিমস্খলন সংঘটিত হোৱাৰ আশংকাৰে জাৰি কৰা হৈছিল, তদুপৰি ৰাজ্যখনত বৃষ্টিপাত আৰু বৰফ পৰাৰো আগজাননী দিছিল বতৰ বিজ্ঞান বিভাগে দিছিল। 
 
বিভাগে উত্তৰাখণ্ডৰ উত্তৰকাশী, চামোলী, ৰুদ্ৰপ্ৰয়াগ, তেহৰী গড়ৱাল, ডেৰাডুন আৰু পিথোৰাগড়ত ধাৰাবাহিক বৃষ্টিপাতৰ লগতে ৩২০০ মিটাৰৰ ওপৰৰ অঞ্চলত প্ৰচণ্ড বৰফ পৰাৰ পূৰ্বাভাস প্ৰকাশ কৰিছিল। বতৰ বিজ্ঞান বিভাগে সতৰ্কবাণীত স্পষ্ট কৰি দিছিল যে, অত্যধিক বৰফ পৰাৰ বাবে হিমস্খলনৰ সম্ভাৱনা আছে। 
 
উল্লেখ্য যে, দুৰ্ঘটনাস্থলীত দ্ৰুতগতিত চলি আছে সাহাৰ্য আৰু উদ্ধাৰৰ কাম। স্থানীয় আৰক্ষী-প্ৰশাসন, আই টি বি পি আৰু এন ডি আৰ এফৰ দলে অহৰহ এই কামত নিয়োজিত হৈ আছে। অঞ্চলটোৰ প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ মাজতো উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ কাষ চাপিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। ইফালে সীমান্ত পথ সংস্থাৰ ২২ জন কৰ্মীক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।
 
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা, চলি থকা উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰি আছে। উদ্ধাৰ অভিযানত উপস্থিত থকা বিষয়াসকলৰ সৈতেও নিৰন্তৰ যোগাযোগত আছে মুখ্যমন্ত্ৰী ধামী। উত্তৰাখণ্ড চৰকাৰে শুকুৰবাৰে হিমস্খলনৰ সৈতে জড়িত সাহায্য বা তথ্য লাভৰ বাবে হেল্পলাইন নম্বৰ জাৰি কৰিছে। 
 
উত্তৰাখণ্ড চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ তথ্য অনুসৰি উত্তৰাখণ্ড ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ জৰিয়তে পৰিচালিত হৈ থকা হেল্পলাইন নম্বৰসমূহৰ সৈতে যোগাযোগ কৰিবলৈ লোকসকলক উৎসাহিত কৰা হৈছে। উত্তৰাখণ্ড চৰকাৰে তলত দিয়া হেল্পলাইন নম্বৰসমূহ জাৰি কৰিছে- মোবাইল নং: ৮২১৮৮৬৭০০৫, ৯০৫৮৪৪১৪০৪; টেলিফোন নং: ০১৩৫ ২৬৬৪৩১৫; টোল ফ্ৰী নং: ১০৭০।
 
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ধামীৰ সৈতে বাৰ্তালাপ কৰি এই ঘটনাত আৱদ্ধ হৈ থকা লোকসকলক নিৰাপদে উলিয়াই অনাটো চৰকাৰৰ অগ্ৰাধিকাৰ বুলি আশ্বাস দিয়ে। তেওঁ কয়, "উত্তৰাখণ্ডৰ চামোলীত হিমবাহ বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী পুষ্কৰ ধামী জী, ডিজি আইটিবিপি, আৰু ডিজি এনডিআৰএফৰ সৈতে কথা পাতিলোঁ। দুৰ্ঘটনাত আৱদ্ধ হৈ থকা লোকসকলক নিৰাপদে উলিয়াই অনাটো আমাৰ অগ্ৰাধিকাৰ।"