SHAREৰ উদ্যোগত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সন্দৰ্ভত আলোচনাচক্ৰৰ আয়োজন

Story by  atv | Posted by  [email protected] • 2 d ago
যোৱা বছৰ অনুষ্ঠিত SHAREৰ এক অনুষ্ঠানৰ এটা মুহূৰ্ত (প্ৰতিনিধিত্বমূলক ফটো)
যোৱা বছৰ অনুষ্ঠিত SHAREৰ এক অনুষ্ঠানৰ এটা মুহূৰ্ত (প্ৰতিনিধিত্বমূলক ফটো)
 
গুৱাহাটী

উত্তৰ-পূব ভাৰত সম্পৰ্কে দীৰ্ঘদিনৰ অভিজ্ঞতা থকা একাংশ বিশিষ্ট ব্যক্তিয়ে স্থাপন কৰা SHARE নামৰ সংগঠনটোৰ উদ্যোগত বুধবাৰে গুৱাহাটীত এক আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। Society to Harmonise Aspirations for Responsible Engagement (SHARE) নামৰ সংগঠনটোৰ উদ্যোগত আৰু কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চায়েন্স আৰু তথ্য-প্ৰযুক্তি বিভাগৰ সহযোগত আয়োজিত আলোচনাচক্ৰৰ বিষয়বস্তু হৈছে 'Decoding the Digital Future: The Security, Privacy and Societal Impact Of Emerging AI'। 
 
গুৱাহাটীৰ ৰুক্মিনীগাঁওস্থিত শ্বোলিন গ্ৰেণ্ডত আয়োজিত আলোচনাচক্ৰখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শিক্ষামন্ত্ৰী ৰণোজ পেগু। অনুষ্ঠানত SHAREৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত আইএএছ আৰকে মাথুৰ, SHAREৰ গৱৰ্ণি ব'ডীৰ সদস্য তথা জেষ্ঠ সাংবাদিক আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপ, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চায়েন্স আৰু তথ্য-প্ৰযুক্তি বিভাগৰ মূৰব্বী অধ্যাপক হিতেন চৌধুৰী, আইপিএছ হৰপ্ৰীত সিং, অৱসৰপ্ৰাপ্ত আইপিএছ তথা SHAREৰ সাধাৰণ সম্পাদক আৰু অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত আদি উপস্থিত থাকিব। 
 
উত্তৰ-পূব ভাৰতক দক্ষিণ-পূব এছিয়াৰ সৈতে ভাৰতৰ সংযোগৰ এটা মূল বিন্দুলৈ ৰূপান্তৰিত কৰা আৰু ৰাষ্ট্ৰীয় আকাংক্ষা আৰু বিশ্বৰ নতুন ধাৰাসমূহৰ সৈতে উত্তৰ-পূবক একত্ৰিত কৰাৰ সামগ্ৰিক লক্ষ্যৰে গঠন হোৱা SHARE-এ যোৱা বৰ্ষৰ ১৮ আগষ্টত ইয়াৰ প্ৰথমখন প্ৰতিবেদন প্ৰকাশ কৰিছিল। এই প্ৰতিবেদনৰ শিৰোনাম আছিলঃ "বৰ্তমান বাংলাদেশৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত ভাৰতৰ বাবে বিকল্প নীতিৰ পৰামৰ্শ"। 
 
উল্লেখ্য যে, SHARE নামৰ এই মঞ্চৰ সৈতে জড়িত হৈ আছে ভাৰতৰ প্ৰাক্তন বৈদেশিক সচিব, ভাৰতৰ জি-২০ অধ্যক্ষতাৰ প্ৰাক্তন মুখ্য সমন্বয়ক হৰ্ষ বৰ্ধন শ্ৰিংলা, ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ প্ৰাক্তন জেনেৰেল অফিচাৰ কমাণ্ডিং লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, কৰ্পৰেট কমিউনিকেচন আইটিচি লিমিটেডৰ মুৰব্বী আৰু কাৰ্যবাহী উপ-সভাপতি নাজিব আৰিফ, ইতিহাসবিদ আৰু নাগালেণ্ড বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰ ড° সমুদ্ৰ গুপ্ত কাশ্যপ, প্ৰখ্যাত ভায়লিনবাদক সুনীতা ভূঞা, ৰাষ্ট্ৰীয় নিৰাপত্তা বিশেষজ্ঞ অভিজন দাস, লাডাখৰ প্ৰাক্তন লেফটেনেণ্ট গৱৰ্ণৰ, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন সচিব ড০ ৰাধা কৃষ্ণ মাথুৰ, টেক পলিচি এডভাইজাৰ, স্তম্ভলেখক সুবিমল ভট্টাচাৰ্য, অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য তথ্য আয়ুক্ত আৰু আই পি এছ (অৱসৰপ্ৰাপ্ত) ভাস্কৰ জ্যোতি মহন্তৰ দৰে গণ্যমান্য ব্যক্তিসকল।