গুৱাহাটী
স্মার্ট চিটি হিচাপে গঢ়িব বিচৰা গুৱাহাটীৰ বাসিন্দাৰ ঘৰত শীঘ্রেই লগাই দিয়া হ'ব স্মার্ট হাউছ নম্বৰ। ইয়াৰ বাবে গুৱাহাটী পৌৰ নিগম, চমুকৈ জি এম চিয়ে কাম-কাজ আৰম্ভ কৰিছে। আনকি মহানগৰখনৰ ৬০ টা ৱাৰ্ডৰ ৮ টাত ইতিমধ্যে স্মার্ট হাউছ নম্বৰ লগোৱাৰ বাবে ছার্ভেৰ কাম সম্পূর্ণ হৈছে বুলি জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়াই জানিবলৈ দিছে।
অত্যাধুনিক এই নম্বৰপ্লেটত থাকিব জি পি এছ, কিউ আৰ কোড। মহানগৰখনৰ কোনো এগৰাকী বাসিন্দাৰ ঘৰৰ ঠিকনা সহজতে যাতে উলিয়াব পৰা যায়, তাৰ বাবে এনে পদক্ষেপ গ্রহণ কৰা হৈছে বুলি মেয়ৰগৰাকীয়ে উল্লেখ কৰিছে। তদুপৰি স্মার্ট হাউছ নম্বৰ লগোৱাৰ পিচতে মহানগৰখনৰ বাসিন্দাসকলে নিজৰ নিজৰ এলেকাৰ জাৱৰ-জোঁথৰ নিষ্কাশন, নলা- নর্দমা পৰিষ্কৰণ, স্ট্রীট লাইটৰ সমস্যাকে ধৰি আন সমস্যাসমূহ সমাধানৰ বাবে জি এম চিক পোনপটীয়াকে অভিযোগ দাখিল কৰিব পাৰিব। এই অভিযোগ জি এম চিৰ দায়িত্ববাহী বিষয়াই লাভ কৰাৰ পিচতে সমাধান কৰা হ'ব বুলিও মেয়ৰগৰাকীয়ে জানিবলৈ দিছে।
উত্তৰ- পূবৰ দুৱাৰমুখ গুৱাহাটীক স্মার্ট হাউছ নম্বৰেৰে সামৰাৰ বাবে যাৱতীয় ব্যৱস্থা প্রায় সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ বাবে আহ্বান কৰা নিবিদাৰ কাম লাভ কৰিছে জিঅ' ভিষ্টা নামৰ এটা কোম্পানীয়ে। এই কোম্পানীটোৱে গুৱাহাটীৰ ৬০ টা ৱাৰ্ডত ছাৰ্ভেৰ কাম চলাই আছে। এই কাম-কাজৰ বাবে প্ৰতিটো ঘৰৰ গৰাকীৰ নাম-ঠিকনা সংগ্ৰহ কৰিছে।
এনেদৰে ছাৰ্ভেৰ কাম সম্পূর্ণ হোৱাৰ পিচতে গুৱাহাটীৰ ঘৰে ঘৰে লগাই দিয়া হ'ব স্মার্ট হাউছ নম্বৰ। গুৱাহাটীৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৈ গঢ়ি তোলাৰ লক্ষ্যৰে এই ব্যৱস্থা পৌৰ নিগমে শীঘ্রেই কার্যকৰী কৰিব বুলিও মেয়ৰ মৃগেন শৰণীয়াই প্রকাশ কৰিছে। এই স্মার্ট হাউছ নম্বৰে গুৱাহাটীৰ প্ৰতিটো ঘৰ, অট্টালিকা, ফেক্টৰী আদিক সামৰি ল'ব।