শ্ৰীনগৰৰ পৰা গুলমাৰ্গলৈকে বৰফৰ দলিচা; পৰ্যটকৰ ইচ্ছা পূৰণ কৰিছে প্ৰকৃতিয়ে

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ নৈসৰ্গিক পৰিৱেশ
প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ নৈসৰ্গিক পৰিৱেশ
 
আৱাজ দ্য ভইচ / শ্ৰীনগৰ

দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শ্ৰীনগৰ আৰু কাশ্মীৰত উপস্থিত হোৱা পৰ্যটকৰ ইচ্ছা পূৰণ কৰিছে প্ৰকৃতিয়ে। সমগ্ৰ কাশ্মীৰত প্ৰচণ্ড বৰফ পৰাৰ ফলত সকলোতে ডাঠ বগা চাদৰৰ দলিচা দেখিবলৈ পোৱা গৈছে। গ্ৰীষ্মকালীন ৰাজধানী জম্মু-কাশ্মীৰত একেৰাহে কেইবাদিন ধৰি পাৰাস্তম্ভ নিম্নগামী হৈ আছে। 
 
উত্তৰ কাশ্মীৰৰ বান্দিপোৰা, বাৰামুল্লা আৰু কুপৱাৰা জিলাৰ বহু অঞ্চল আৰু মধ্য কাশ্মীৰৰ বুডগাম আৰু গণ্ডাৰবাল জিলাৰ কিছু অংশত পুৱা তুষাৰপাত হোৱা দেখা গৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। চৰকাৰী বিষয়াসকলে কয় যে শ্ৰীনগৰ চহৰৰ লগতে দক্ষিণ কাশ্মীৰৰ কিছু অঞ্চলত সন্ধিয়াৰ ভাগত বৰফ পৰিছিল।দেওবাৰে তীব্ৰ শীতল ঢৌৱে ইয়াৰ সৰ্বোচ্চ তাপমাত্ৰা ১.৫ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰে। যোৱা ৪৮ ঘণ্টা ধৰি পাৰাস্তম্ভ দুই ডিগ্ৰী চেলছিয়াছৰ তলত আছে। শনিবাৰে সৰ্বোচ্চ উষ্ণতা ১.২ ডিগ্ৰী চেলছিয়াছ আছিল।
 
ডাল হ্ৰদৰ ওপৰত বৰফৰ আৱৰণ
 
বিষয়াসকলে জনোৱা মতে, উপত্যকাটোত নিশাৰ উষ্ণতা হ্ৰাস পোৱাৰ লগতে দক্ষিণ কাশ্মীৰৰ কোকেৰনাগ চহৰত মাইনাছ ৮.১ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, শ্ৰীনগৰত পাৰা মাইনাছ ২.৫ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে, যিটো পূৰ্বৰ নিশাৰ মাইনাছ ২.২ ডিগ্ৰী চেলছিয়াছতকৈ কিছু বেছি।
 
উত্তৰ কাশ্মীৰৰ স্কায়িং কাৰ্য্যকলাপৰ বাবে বিখ্যাত পৰ্যটন ৰিজ’ৰ্ট চহৰ গুলমাৰ্গত সৰ্বনিম্ন তাপমাত্ৰা দেওবাৰে নিশা মাইনাছ ২.২ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে। দক্ষিণ কাশ্মীৰৰ বাৰ্ষিক অমৰনাথ যাত্ৰাৰ অন্যতম বেছ কেম্প পহলগামত সৰ্বনিম্ন উষ্ণতা মাইনাছ ৩.২ ডিগ্ৰী চেলছিয়াছ।
 
কাশ্মীৰৰ চৌদিশে এইদৰে আগুৰি ৰাখিছে বৰফৰ শুভ্ৰ দলিচাই
 
কাশ্মীৰৰ গেটৱে চহৰ কাজিগুণ্ডত নূন্যতম উষ্ণতা মাইনাছ ৩.৬ ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে পাম্পোৰ চহৰৰ কনিবালৰ নূন্যতম উষ্ণতা মাইনাছ ৩.৫ ডিগ্ৰী চেলছিয়াছ। উত্তৰ কাশ্মীৰৰ কুপৱাৰাত মাইনাছ ২.৮ ডিগ্ৰী চেলছিয়াছ, দক্ষিণ কাশ্মীৰৰ কোকেৰনাগত মাইনাছ ৮.১ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰি উপত্যকাৰ আটাইতকৈ ঠাণ্ডা স্থান হিচাপে পৰিগণিত হৈছে।
 
বৰ্তমান কাশ্মীৰত চিল্লাই-কালানৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, যিটো শীতকালৰ আটাইতকৈ কঠোৰ পৰ্যায়। এই পৰ্যায় ২১ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল। চিল্লাই-কালানৰ ৪০ দিনত বৰফ পৰাৰ সম্ভাৱনা সৰ্বাধিক আৰু তাপমাত্ৰা যথেষ্ট হ্ৰাস পায়। ৩০ জানুৱাৰীত শেষ হ’ব চিল্লাই-কলান। ইয়াৰ পিছত ২০ দিন চিল্লাই-খুৰদ (কম ঠাণ্ডা) আৰু ১০ দিন চিল্লাই-বছা (কম ঠাণ্ডা) পৰ্যায় হয়। এইবাৰ কাশ্মীৰৰ গুলমাৰ্গ গণ্ডোলাই অভিলেখ গঢ়িলে। প্ৰচণ্ড বৰফ পৰা কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰিবলৈ ইয়াত বৃহৎ সংখ্যক পৰ্যটকৰ সমাগম ঘটিছে।