মহাকুম্ভ মেলাৰ বাবে ৰেল ষ্টেচনত বিশেষ চিকিৎসা ব্যৱস্থা

Story by  atv | Posted by  [email protected] • 2 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
প্ৰয়াগৰাজ

আগন্তুক মহাকুম্ভ মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰিবলৈ প্ৰয়াগৰাজৰ ৰে’ল ষ্টেচনসমূহত ভাৰতীয় ৰে’লৱেই বিশেষ চিকিৎসা সুবিধা প্ৰদান কৰিব। এই সুবিধাসমূহৰ ভিতৰত আছে ২৪ ঘণ্টীয়া পৰ্যবেক্ষণ কক্ষ, যাতে যিকোনো জৰুৰীকালীন অৱস্থাত দ্ৰুত আৰু ফলপ্ৰসূ চিকিৎসা সেৱা আগবঢ়াব পাৰে।
 
এনে ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়ে ব্যাখ্যা কৰি ভাৰতীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া (চিপিআৰঅ’) শশীকান্ত ত্ৰিপাঠীয়ে উল্লেখ কৰে যে কিছুমান বিশেষ লোকৰ বিশেষ খাদ্যাভ্যাস থাকে, বা কিছুমানে নিয়মীয়াকৈ ঔষধ গ্ৰহণ কৰি আছে, তেনে লোকৰ বাবে উপযুক্ত চিকিৎসা সাহায্য প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ।
 
"মহাকুম্ভৰ সময়ত কোটি কোটি মানুহৰ সমাগত ঘটিব, গতিকে এই বৃহৎ জনসমাগম আৰু শীতকালৰ বাবেও মানুহৰ স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে সেই সকলোবোৰ কথাৰ বাবে ভাৰতীয় ৰে’লৱে সজাগ হৈ আছে।"-এই মন্তব্য চিপিআৰঅ’ শশীকান্ত ত্ৰিপাঠীৰ।
 
উল্লেখ্য যে, ২০১৯ চনত অনুষ্ঠিত কুম্ভমেলাৰ সময়ত এক লাখ ভক্তক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছিল, আৰু সংকটজনক অৱস্থাত থকা প্ৰায় ৩০০০ লোকক সাহায্য প্ৰদান কৰা হৈছিল। ত্ৰিপাঠীয়ে লগতে উল্লেখ কৰে যে আগতীয়া প্ৰস্তুতিৰ বাবে কোনো লোকৰ কোনো ক্ষয়-ক্ষতি হোৱা নাছিল। চি আৰ পি অ’ ত্ৰিপাঠীয়ে পুনৰ কয় যে এইবাৰো ভাৰতীয় ৰেলৱেই সা-সুবিধা প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে আৰু ৰে’লৱেৰ প্ৰতিটো প্লেটফৰ্মতে এটা মেডিকেল বুথ থাকিব।
মহাকুম্ভৰ সময়ত যাত্ৰীসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেলৱেই প্ৰয়াগৰাজ জংচন, ছুবেদাৰগঞ্জ, নাইনী জংচন আৰু প্ৰয়াগৰাজ চেইওকী ষ্টেচনত পৰ্যবেক্ষণ কক্ষ স্থাপন কৰিছে, য’ত চিকিৎসক আৰু চিকিৎসা কৰ্মী উপস্থিত থাকি সহায় আগবঢ়াইছে। পৰ্যবেক্ষণ কক্ষসমূহত ইচিজি মেচিন, ডিফিব্ৰিলেটৰ, অক্সিজেন কনচেণ্ট্ৰেটৰ আৰু গ্লুক’মিটাৰ আদি সঁজুলি থাকিব। প্ৰয়োজন হ’লে বিভিন্ন অঞ্চলত নিয়োগৰ বাবে চিকিৎসা কৰ্মীও নিয়োগ কৰা হৈছে। 
 
মুখ্য জনসংযোগ বিষয়া শশীকান্ত ত্ৰিপাঠীয়ে কয়, "সকলো শ্বিফটতে চিকিৎসা সেৱা যাতে সুচাৰুৰূপে চলি থাকে তাৰ বাবে কৰ্মচাৰী নিয়োগ কৰা হৈছে। প্ৰতিটো শ্বিফটৰ সময়সীমা হ'ব ৮ ঘণ্টা। মহাকুম্ভৰ সময়ত ৰে’ল ষ্টেচনত ২৪x৭ চিকিৎসা সেৱা উপলব্ধ হ’ব। যেতিয়াই কোনো যাত্ৰীক চিকিৎসা সাহায্যৰ প্ৰয়োজন হ’ব তেতিয়াই তেওঁলোকক তৎক্ষণাত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ সমান্তৰালকৈ ৰে’লৱেই চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ সৈতে সমন্বয় বজাই ৰাখিব যাতে যিকোনো ৰোগীক প্ৰয়োজন হ’লে তৎক্ষণাত অন্য স্থানলৈ ৰেফাৰ কৰিব পৰা যায়।"