গুৱাহাটী
উত্তৰ গুৱাহাটীৰ ৰংমহলত নির্মাণ হ'ব অত্যাধুনিক ন্যায়িক টাউনশ্বিপ। বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়।
কেবিনেটৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি এখন সংবাদমেলত মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই কয় যে, উত্তৰ গুৱাহাটীত নির্মাণ হ'বলগা টাউনশ্বিপৰ বাবে প্রায় ৭৫ বিঘা মাটিৰ প্ৰয়োজন হ'ব। কেবিনেটে প্রয়োজনীয় মাটিৰ আবণ্টনত অনুমোদন দিয়াৰ উপৰি ভূমি অধিগ্রহণৰ বাবে আশী কোটি টকাও অনুমোদন দিয়ে।
মিছন বসুন্ধৰা ৩.০ ত আবেদন কৰিবলৈ মন্দিৰ, নামঘৰ, ক্লাব, সাংস্কৃতিক অনুষ্ঠান প্রতিষ্ঠানক সমিতিসমূহৰ পঞ্জীয়ন নালাগে বুলি কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে। কিন্তু মাটিৰ বন্দবস্তি হ'লে তেনে পঞ্জীয়নৰ প্ৰয়োজন হ'ব।
নামৰূপ সাৰ কাৰখানাক পুনৰুজ্জীৱিত কৰিবলৈ কেবিনেটে সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে, সাৰ কাৰখানাটোৰ চতুৰ্থটো গোটৰ নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা ১০,৬০১ কোটি টকাৰ চল্লিশ শতাংশ অংশীদাৰিত্ব অসম চৰকাৰে লোৱা সিদ্ধান্তত কেবিনেটে অনুমোদন জনায়।
কেবিনেটে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ অধীনৰ গাঁওসমূহৰ অধিসুচিত তালিকাৰ কিছু অধিসুচিত গাঁৱত সোণোৱাল অংশ অন্তর্ভুক্ত কৰাৰ বাবে সংশোধনৰ অনুমোদন জনায়।
নাবাৰ্ডৰ অধীনত চৈধ্যটা গ্রাম্য পথ প্রকল্প নির্মাণত কেবিনেটে অনুমোদন জনায়। প্রকল্পৰ মুঠ ব্যয় হ'ব ৮১ কোটি টকা। এ পি ডি চি এল, এ ইজি চি এল আৰু এপিজি চি এললৈ অসম চৰকাৰৰ ঋণ আৰু অনুদান ইকুইটিলৈ ৰূপান্তৰ কৰিবলৈ কেবিনেটে অনুমোদন জনায়।