জম্মুৰ বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিকৰ গোচৰৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

Story by  atv | Posted by  Munni Begum • 2 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণত জড়িত দুধৰ্ষ পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাচাবেও ভাৰতত এক নিৰপেক্ষ ন্যায় লাভ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে মন্তব্য কৰি প্ৰশ্ন কৰে যে, জম্মুৰ বিচ্ছিন্নতাবাদী নেতা ইয়াচিন মালিকক কিয় আদালতত শুনানিৰ বাবে ব্যক্তিগতভাৱে হাজিৰ কৰিব নোৱাৰে। আদালতে এই প্ৰশ্ন উত্থাপন কৰে যেতিয়া জম্মু আদালতৰ ইয়াচিন মালিকৰ ওপৰত এক আদেশৰ বিৰুদ্ধে চিবিআইয়ে প্ৰত্যাহ্বান জনায়।    
 
এই বিষয়টো ১৯৯০ চনত শ্ৰীনগৰৰ উপকণ্ঠ অঞ্চলত ভাৰতীয় বায়ুসেনাৰ চাৰিজন জোৱানক হত্যা কৰা আৰু ১৯৮৯ চনত তেতিয়াৰ গৃহমন্ত্ৰী মুফতি মহম্মদ ছাইদৰ কন্যা ৰুবাইয়া ছাইদক অপহৰণ কৰা ঘটনাৰ সৈতে জড়িত। দুয়োটা গোচৰৰ মূল অভিযুক্ত ইয়াচিন মালিক। 
 
ইয়াচিন মালিকে দিল্লীৰ তিহাৰ কাৰাগাৰত সন্ত্ৰাসবাদীৰ পুঁজি আগবঢ়োৱা গোচৰত আজীৱন কাৰাবাস খাটি আছে। ২০২২ চনত সন্ত্ৰাসবাদী আৰু ব্যাঘাতমূলক কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ গোচৰৰ শুনানি গ্ৰহণ কৰা এখন আদালতে মালিকক ব্যক্তিগতভাৱে হাজিৰ হ'বলৈ কৈছিল। মালিকে এইটোও কৈছে যে, তেওঁ ব্যক্তিগতভাৱে উপস্থিত হ'ব বিচাৰে। চিবিআইয়ে জম্মু আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই কৈছে যে, আদালতত মালিকৰ শাৰীৰিক উপস্থিতিয়ে জম্মু আৰু কাশ্মীৰৰ পৰিৱেশ ব্যাহত কৰিব পাৰে আৰু তেওঁৰ বিৰুদ্ধে সাক্ষীসকল বিপদাপন্ন হ'ব পাৰে। 
 
কেন্দ্ৰীয় সংস্থাটোৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ এ এছ ওকা আৰু ন্যায়াধীশ এ জি মাছিৰ বিচাৰপীঠত কয় যে, আমি তেওঁক জম্মু-কাশ্মীৰলৈ লৈ যাব নিবিচাৰো। ন্যায়াধীশ এ এছ ওকাই সুধিলে, "কিন্তু ভিচি (ভিডিঅ' কনফাৰেন্স)ত ক্ৰছ এক্সাম কেনেকৈ কৰিব পাৰি"। জম্মুত ইণ্টাৰনেট সংযোগৰ দুৰ্বলতা লক্ষ্য কৰে বিচাৰপীঠে।  
 
কেন্দ্ৰীয় সংস্থাটোৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ন্যায়াধীশ এ এছ ওকা আৰু ন্যায়াধীশ এ জি মাছিৰ বিচাৰপীঠত কয়, আমি তেওঁক জম্মু-কাশ্মীৰলৈ লৈ যাব নিবিচাৰো। ন্যায়াধীশ ওকাই লগতে সুধিলে, কিন্তু ভিডিঅ' কনফাৰেন্সত কেনেকৈ ক্ৰছ এক্সাম কৰিব পাৰি। কিয়নো জম্মুত ইণ্টাৰনেট সংযোগৰ দুৰ্বল বুলি লক্ষ্য কৰিছে বিচাৰপীঠে।   
 
ছলিচিটৰ জেনেৰেল মেহতাই কয় যে, যদি মালিকে ব্যক্তিগতভাৱে হাজিৰ হ'বলৈ অটল থাকে তেন্তে বিচাৰ দিল্লীলৈ স্থানান্তৰিত কৰিব পৰা যাব। লগতে তেওঁ কয় যে, বিচ্ছিন্নতাবাদী নেতাজনে ব্যক্তিগতভাৱে উপস্থিত হ’ব বুলি জোৰ দি 'কৌশল প্ৰয়োগ' কৰিছে। তেওঁ কয় যে মালিক “কেৱল এজন সন্ত্ৰাসবাদী নহয়”। 
 
এই সন্দৰ্ভত ন্যায়াধীশ ওকাই কয়, "নিৰ্দেশনা লওক বিচাৰত কিমানজন সাক্ষী আছে... আমাৰ দেশত আজমল কাছাবকো উচিত ন্যায় প্ৰদান দিয়া হৈছিল।" 
 
ছলিচিটৰ জেনেৰেল মেহতাই কয় যে চৰকাৰে 'এনে ক্ষেত্ৰত কিতাপৰ জৰিয়তে আগবাঢ়িব নোৱাৰে'। তেওঁ লগতে কয় যে তেওঁ (মালিকে) সঘনাই পাকিস্তানলৈ গৈছিল আৰু হাফিজ ছাইদৰ সৈতে মঞ্চ ভাগ কৰিছিল।   
 
এই শুনানিৰ বাবে জেলত আদালত স্থাপন কৰিব পৰা যাব বুলি বিচাৰপীঠে সন্মতি প্ৰকাশ কৰিছে। ইয়াৰ পিছত কেন্দ্ৰক কিমানজন সাক্ষী হাজিৰ হ’ব আৰু তেওঁলোকৰ নিৰাপত্তাৰ ব্যৱস্থাৰ বিষয়ে জানিবলৈ নিৰ্দেশ দিয়ে। অহা বৃহস্পতিবাৰে পুনৰ শুনানি গ্ৰহণ কৰা হ’ব এই বিষয়ত।