নতুন দিল্লী
মঙলবাৰে উচ্চতম ন্যায়ালয়ে অসম চৰকাৰ আৰু কেন্দ্ৰক সমালোচনা কৰি কয় যে 'বিদেশী' বুলি ঘোষণা কৰা ব্যক্তিসকলক বিতাড়িত নকৰি অনিৰ্দিষ্টকাললৈ ডিটেনচন চেণ্টাৰত ৰখাৰ বাবে ব্যৰ্থ হৈছে। শীর্ষ আদালতে অসম চৰকাৰক "মুহুৰাত (শুভ সময়)"ৰ বাবে অপেক্ষা কৰি আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰি দুসপ্তাহৰ ভিতৰত ৬৩ জন লোককক বিতাড়ন আৰম্ভ কৰিবলৈ নির্দেশ দিয়ে।
শিবিৰত অনিৰ্দিষ্টকাললৈ আৱদ্ধ কৰি ৰখাটোৱে মৌলিক অধিকাৰ খৰ্ব কৰে বুলি ন্যায়াধীশ এ এছ ওকা আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে মন্তব্য কৰে। অসম চৰকাৰে যুক্তি দিছিল যে, তেওঁলোকৰ গৃহ দেশত থকা এই ব্যক্তিসকলৰ ঠিকনা অজ্ঞাত, যাৰ বাবে বিতাড়ন সম্ভৱ নহয়। অৱশ্যে, আদালতে এই যুক্তি খাৰিজ কৰি কয় যে, ঠিকনা অবিহনেও আপুনি তেওঁলোকক বিতাড়িত কৰিব পাৰে। তেওঁলোকে ক’লৈ যাব লাগে সেইটো আন দেশৰ ওপৰত নিৰ্ভৰশীল।
ন্যায়াধীশ ওকাই আৰু নিৰ্দেশ দিয়ে, "যদি ব্যক্তিজন পাকিস্তানৰ হয়, তেন্তে আপুনি পাকিস্তানৰ ৰাজধানী চহৰখন জানে। তেনে ক্ষেত্ৰত আপুনি তেওঁলোকক ইয়াত কেনেকৈ আটক কৰি ৰাখিব পাৰে?" বিদেশী ঠিকনা নিৰ্বিশেষে অসমক বিতাড়নৰ কাম আগবঢ়াই নিবলৈ আদালতে নিৰ্দেশ দিয়ে। ২৫ ফেব্ৰুৱাৰীত এই বিষয়টো সন্দৰ্ভত শীৰ্ষ আদালতে শুনানি গ্ৰহণ কৰিব।
ইয়াৰ উপৰিও আদালতে বিতাড়িত ব্যক্তি আৰু এতিয়াও ডিটেনচন চেণ্টাৰত ৰখা ব্যক্তিৰ সংখ্যাৰ তথ্য দিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে। লগতে বন্দীসকলৰ বাবে উপযুক্ত সা-সুবিধা সুনিশ্চিত কৰাৰ লগতে প্ৰতি ১৫ দিনৰ মূৰে মূৰে ডিটেনচন চেণ্টাৰসমূহ পৰিদৰ্শন কৰিবলৈ এখন সমিতি গঠন কৰিবলৈ অসমক নিৰ্দেশ দিয়ে।
২০২৪ চনৰ ৯ ডিচেম্বৰত শীর্ষ আদালতে মাটিয়া ডিটেনচন চেণ্টাৰত ৰখা ২৭০ জন বিদেশী নাগৰিকৰ একাংশ এতিয়াও কিয় আৱদ্ধ হৈ আছে আৰু এতিয়ালৈ কিয় বিতাড়িত কৰা হোৱা নাই সেই কথা বুজাই শপতনামা দাখিল কৰিবলৈ কয়৷ ২২ জানুৱাৰীত আদালতে শপতনামাখনক 'ত্ৰুটিপূৰ্ণ' আৰু 'ব্যাপকভাৱে অপৰ্যাপ্ত' বুলি অভিহিত কৰিছিল।