উচ্চতম ন্যায়ালয়ৰ কেন্দ্ৰলৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন: হিন্দু অনুষ্ঠানৰ পৰিচালনা সমিতিত মুছলমান থাকিব নে ?

Story by  atv | Posted by  [email protected] • 2 d ago
উচ্চতম ন্যায়ালয়
উচ্চতম ন্যায়ালয়
 
নতুন দিল্লী
 
উচ্চতম ন্যায়ালয়ে আজি ৱাকফ সংশোধনী আইনক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰে। শুনানিৰ সময়ত কেন্দ্ৰীয় চৰকাৰক নতুন আইনখনৰ একাধিক বিধানৰ ওপৰত কঠোৰ প্ৰশ্ন উত্থাপন কৰে। বিশেষকৈ ইয়াৰ ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ সম্পত্তিৰ বিধানৰ ওপৰত। কেন্দ্ৰীয় ৱাকফ পৰিষদত অমুছলমানসকলক অন্তৰ্ভুক্ত কৰাৰ ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি আদালতে চৰকাৰক প্ৰশ্ন কৰে যে মুছলমানসকলক হিন্দু অনুষ্ঠান বা প্ৰতিষ্ঠানৰ পৰিচালনা সমিতিৰ অংশ হ’বলৈ অনুমতি দিব নে ?
 
মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নেতৃত্বত ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে ভি বিশ্বনাথনকে ধৰি তিনিজনীয়া ন্যায়াধীশৰ এটা দলে নতুন ৱাকফ আইনৰ বিৰুদ্ধে ৭৩ টা অভিযোগৰ শুনানি গ্ৰহণ কৰিছিল। উল্লেখযোগ্য যে এই আইনখনে দেশৰ বিভিন্ন ঠাইত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে।
 
আৰম্ভণিতে মুখ্য ন্যায়াধীশে আবেদন দাখিল কৰা লোকসকলক কৈছিল যে আপোনালোকে  দুটা মূল প্ৰশ্নৰ উত্তৰ দিব লাগিব। প্ৰথমতে, উচ্চতম ন্যায়ালয়ে এই গোচৰবোৰ তাৰ পৰিৱৰ্তে উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰিব লাগেনে? আৰু দ্বিতীয়তে, আবেদনকাৰীসকলে যুক্তি দিব বিচৰা মূল কথাবোৰ কি কি?
 
ৱাকফ আইন বাতিলৰ দাবী
 
জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে আবেদনকাৰীৰ হৈ ভাষণ দি কয় যে নতুন আইনখনৰ বহু অংশ সংবিধানৰ ২৬ নং অনুচ্ছেদৰ বিৰুদ্ধে গৈছে। এই অনুচ্ছেদত মানুহক নিজৰ ধৰ্মীয় বিষয়বোৰ নিজে পৰিচালনা কৰাৰ অধিকাৰ দিয়া হৈছে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে আইনখনে জিলা আয়ুক্তক অত্যধিক ক্ষমতা দিয়ে। তেওঁ যুক্তি আগবঢ়ায় যে জিলা আয়ুক্তজন চৰকাৰৰ এটা অংশ আৰু তেওঁ যদি ন্যায়াধীশৰ ভূমিকা পালন কৰে তেন্তে সেয়া অসাংবিধানিক।
 
তাৰ পিছত অধিবক্তা ছিবালে ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ (Waqf by user) নিয়মটোৰ কথা কয়। অৰ্থাৎ কোনো চৰকাৰী কাগজ-পত্ৰ নাথাকিলেও এটা সম্পত্তি দীৰ্ঘদিন ধৰি ধৰ্মীয় বা দাতব্য কামত ব্যৱহাৰ কৰিলে ৱাকফ বুলি ঘোষণা কৰিব পাৰি। কিন্তু নতুন আইনখনে এটা ব্যতিক্ৰম সংশোধন যোগ কৰিছে যে সম্পত্তিটোত বিবাদ হ’লে বা চৰকাৰী হ’লে এই নিয়ম প্ৰযোজ্য নহ’ব।
 
অধিবক্তা ছিবালে কয় যে ‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ ইছলামিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ এই বিষয়টো ব্যাখ্যা কৰি কয় যে, “যদি ৩ হাজাৰ বছৰ আগতে কোনো এটা সম্পত্তি ৱাকফ বা দান কৰা হৈছিল। আৰু সেই সম্পত্তিটোত যদি মানুহে প্ৰমাণ কৰিবলৈ চৰকাৰী নথি-পত্ৰ বিচাৰে, তেন্তে নথি-পত্ৰ উলিয়াই দিয়াটো অতি কঠিন হ’ব পাৰে।
 
আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা আন এগৰাকী জ্যেষ্ঠ অধিবক্তা অভিষেক সিংভিয়েও কয় যে ভাৰতৰ ৮ লাখ ৱাকফ সম্পত্তিৰ ভিতৰত প্ৰায় ৪ লাখ ‘ৱাকফ বাই ইউজাৰ’ৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। এইখিনিতে মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “আমি শুনিছো যে দিল্লী উচ্চ ন্যায়ালয়ো ৱাকফৰ মাটিত নিৰ্মাণ কৰা হৈছে।  আমি ব্যৱহাৰকাৰীৰ দ্বাৰা কৰা সকলো ৱাকফ ভুল বুলি কোৱা নাই যদিও বিষয়টো চিন্তনীয়।”
 
লগে লগে জ্যেষ্ঠ অধিবক্তা সিংভীয়ে কয় যে তেওঁলোকে সমগ্ৰ আইনখনৰ ওপৰত নহয় কিছুমান বিধানৰ ওপৰত স্থগিতাদেশ বিচাৰিছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
চৰকাৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে সংসদত পুংখানুপুংখ আলোচনাৰ অন্তত এই আইনখন গৃহীত হৈছে। তেওঁ বুজাই দিয়ে যে এখন যৌথ সংসদীয় সমিতিয়ে ইয়াক পৰ্যালোচনা কৰিছিল, আৰু সংসদৰ দুয়োটা সদনে ইয়াক অনুমোদন জনাইছিল।
 
ইয়াৰ পিছত মুখ্য ন্যায়াধীশে অধিবক্তা মেহতা নতুন আইনখনত ‘ৱাকফ বাই ইউজাৰ’ নিয়মৰ ওপৰত গুৰুত্ব দিবলৈ কয়। মুখ্য ন্যায়াধীশে সুধিলে, "‘ব্যৱহাৰকাৰীৰ দ্বাৰা ৱাকফ’ আদালতৰ ৰায়ৰ দ্বাৰা বা আন কোনো ধৰণে সৃষ্টি হৈছে বুলি আপুনি কৈছে নেকি ?  তেন্তে সেয়া এতিয়া অবৈধ?” মুখ্য ন্যায়াধীশগৰাকীয়ে আঙুলিয়াই দিয়ে যে ৱাকফৰ অংশস্বৰূপ বহু মছজিদ ত্ৰয়োদশ, ১৪ আৰু ১৫ শতিকাত নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ বাবে নথি-পত্ৰ বিচাৰি উলিওৱাটো অসম্ভৱ।
 
ইয়াৰ পিছত বিচাৰপীঠে কয় যে যদি চৰকাৰে ‘ৱাকফ বাই ইউজাৰ’ৰ সম্পত্তিসমূহ বাতিল কৰাৰ সিদ্ধান্ত লয় তেন্তে সমস্যা হ’ব পাৰে। তেওঁলোকে কয়, “চৰকাৰে আদালতৰ ৰায় বৈধ নহয় বুলি ক’ব নোৱাৰে।” তেওঁলোকে এইটোও স্বীকাৰ কৰে যে কিছুমান ৱাকফৰ সম্পত্তিৰ অপব্যৱহাৰ হ’ব পাৰে যদিও বহুতো বৈধ ৱাকফৰ সম্পত্তিও আছে।
 
মুখ্য ন্যায়াধীশে সুধিলে, "বহুদিন ধৰি ব্যৱহাৰ হৈ থকা ৱাকফৰ সম্পত্তি আপুনি কেনেকৈ পঞ্জীয়ন কৰিব? তেওঁলোকৰ হাতত কি কি নথি-পত্ৰ থাকিব? যদি আপুনি এইটো বাতিল কৰিবলৈ চেষ্টা কৰে তেন্তে ই সমস্যাৰ সৃষ্টি কৰিব। হয়, কিছু ৱাকফ সম্পত্তিৰ অপব্যৱহাৰ হৈছে, কিন্তু প্ৰকৃত ৱাকফো আছে। মই প্ৰাইভি কাউন্সিলৰ ৰায় পঢ়িছো, আৰু ‘ৱাকফ বাই ইউজাৰ’ক স্বীকৃতি দিয়া হৈছে। যদি আপুনি ইয়াক বাতিল কৰিবলৈ চেষ্টা কৰে, তেন্তে গুৰুতৰ সমস্যা হ’ব।”
 
ইয়াৰ পিছতে আদালতে নতুন আইনখনৰ অধীনত কেন্দ্ৰীয় ৱাকফ পৰিষদৰ গঠন সন্দৰ্ভত আলোচনা কৰে। মুখ্য ন্যায়াধীশে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধে “মিঃ মেহতা, আপুনি কৈছেনে যে মুছলমানসকলক হিন্দু অনুষ্ঠান বা প্ৰতিস্থানৰ পৰিচালনা সমিতিৰ অংশ হ’বলৈ দিয়া উচিত? স্পষ্টকৈ কওক।”
 
মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে উল্লেখ কৰে যে নতুন আইনখনৰ বাবে হিংসা সংঘটিত হোৱাটো অতি বিৰক্তিকৰ আছিল। লগে লগে মেহতাই কয়, "তেওঁলোকে ভাবে যে তেওঁলোকে চৰকাৰী ব্যৱস্থাটোক হেঁচা দিব পাৰে।" ইয়াৰ প্ৰত্যুত্তৰত অধিবক্তা ছিবালে কয় যে “কোনে হেঁচা দিছে” সেয়া স্পষ্ট নহয়। মুখ্য ন্যায়াধীশগৰাকীয়ে আঙুলিয়াই দিয়ে যে আইনখনৰ ভাল দিশসমূহো উল্লেখ কৰিব লাগে। কাইলৈ এই গোচৰৰ পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।


শেহতীয়া খবৰ