কাশ্মীৰৰ সন্ত্ৰসবাদী আক্ৰমণৰ পৰা বহু কেইজন হিন্দু পৰ্যটকক বচাই নিজে প্ৰাণ আহুতি দিলে চৈয়দ হুছেইন শ্বাহে

Story by  atv | Posted by  [email protected] • 17 h ago
চৈয়দ হুছেইন শ্বাহ
চৈয়দ হুছেইন শ্বাহ
 
আৱাজ-দ্য ভইচ ব্যুৰ'
 
মঙলবাৰে জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ দেশক কঁপাই তুলিছে। সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত চৰ্চা হৈ আছে যে, সন্ত্ৰাসবাদীয়ে মানুহক তেওঁলোকৰ ধৰ্ম সুধি লক্ষ্য কৰি লৈছিল, যাৰ বাবেই অধিকাংশ হিন্দু পৰ্যটকৰ মৃত্যু হৈছিল। বিভিন্নজনে ইছলাম ধৰ্মটোক লক্ষ্য কৰি লোৱাও দেখা গৈছিল। কিন্তু সেই আক্ৰমণত মুছলমান সম্প্ৰদায়ৰ নিৰীহ নাগৰিকো বলি হৈছিল, ইয়াৰে এজন আছিল চৈয়দ হুছেইন শ্বাহ। প্ৰায় ২৭ গৰাকী হিন্দু পৰ্যটকক সন্ত্ৰসবাদী আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ বাবে হুছেইন শ্বাহে বন্দুক কাঢ়িবলৈ চেষ্টা কৰিছিল। পৰ্যটককেইগৰাকীক বচাবলৈ শেষ মুহূৰ্তলৈ অপ্ৰাণ চেষ্টা কৰি প্ৰাণ আহুতি দিবলগীয়া হৈছিল হুছেইন শ্বাহে।
 
চৈয়দ হুছেইন শ্বাহৰ ঘৰ অনন্তনাগ জিলাত। অঞ্চলটোলৈ অহা পৰ্যটকসকলক নিজৰ ঘোঁৰাত বহুৱাই কাশ্মীৰৰ সৌন্দৰ্য উপভোগ কৰোৱাই আৰু সেই বৃত্তিৰে তেওঁৰ ঘৰখন চলিছিল। হুছেইন শ্বাহ আছিল এজন কঠোৰ পৰিশ্ৰমী যুৱক। কিন্তু সন্ত্ৰসবাদীৰ নৃশংসতাই পৰ্যটকসকলৰ লগতে হুছেইন শ্বাহকো গিলি পেলালে।
 
চৈয়দ হুছেইন শ্বাহৰ পিতৃ-মাতৃ
 
এই দুৰ্ঘটনাটোৱে যেন হুছেইন শ্বাহৰ পৰিয়ালটোক এক প্ৰকাৰ ধ্বংস কৰি পেলাইছে। তেওঁলোকৰ ঘৰখন শোকত ডুব গৈছে, আৰু ঘটনাটো সংঘটিত হোৱাৰ পৰাই কান্দি কান্দি মাকৰ অৱস্থা অতিকৈ বেয়া। তেওঁ বাৰে বাৰে একেই কথা কৈ আছে - “অ’ ভগৱান, মই এতিয়া কেনেকৈ জীৱনটো কটাম।" চৈয়দ হুছেইন শ্বাহ  আছিল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য।
 
চৈয়দ হুছেইন শ্বাহৰ পিতৃ চৈয়দ হাইদৰ শ্বাহে কয় যে হুছেইন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সদস্য। তেওঁ নিজেই অসুস্থ আৰু কাম কৰিব পৰা অৱস্থাত নাই। হুছেইনৰ দুজন সৰু ভাতৃও আছে।
তেওঁ কয় যে হুছেইন সদায়ৰ দৰে মঙলবাৰে পুৱা কামৰ বাবে ঘৰৰ পৰা ওলাই গৈছিল। দুপৰীয়া পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ খবৰ পাই তেওঁ আতংকিত হৈ পুত্ৰক ফোন কৰে যদিও মোবাইলটো চুইচ অফ হৈ থাকে। কিছু সময়ৰ পাছত মোবাইলটো চুইচ অন হ’ল, কিন্তু ফোনটো ৰিচিভ কৰা নাছিল।
 
তাৰ পিছতে পুত্ৰৰ খবৰ ল'বলৈ পিতৃক স্থানীয় যুৱক কেইজনমানে থানালৈ পঠিয়াই দিয়ে। থানাৰ পৰা অহা খবৰটোৱে সমগ্ৰ পৰিয়ালটোৰ যেন ৰাজহাড় ভাঙি পেলালে। উক্ত দিনটোত পৰ্যটকৰ লগতে হুছেইন শ্বাহকো সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল। প্ৰথমে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও পিছত তেওঁৰ মৃত্যুৰ খবৰ আহিছিল।
এই আক্ৰমণত প্ৰাণ হেৰুওৱা ২৮ জন লোকৰ ভিতৰত চৈয়দ হুছেইন শ্বাহ অন্যতম। নিহতসকলৰ ভিতৰত দুজন স্থানীয় সাধাৰণ নাগৰিকও আছিল। ইয়াৰে এজন আছিল হুছেইন শ্বাহ।
 
সংবাদ মাধ্যমৰ আগত চৈয়দ হাইদৰ শ্বাহে চৰকাৰৰ পৰা ন্যায় বিচাৰিছে। তেওঁ কয়, “আমি বিচাৰো যে দোষীক কঠোৰতম শাস্তি দিয়া হওক যাতে আন কোনো পৰিয়াল এনেদৰে ভাঙি নাযায়।”