জম্মু-কাশ্মীৰৰ কাঠুৱাত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ বাহনত আক্ৰমণ কৰে; ৪ জোৱান নিহত

Story by  atv | Posted by   Imtiaz Ahmed • 2 Months ago
জম্মু-কাশ্মীৰৰ কাঠুৱাত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ বাহনত এই স্থানত আক্ৰমণ কৰে
জম্মু-কাশ্মীৰৰ কাঠুৱাত সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ বাহনত এই স্থানত আক্ৰমণ কৰে
শ্ৰীনগৰ

জম্মু-কাশ্মীৰৰ কথুৱাৰ বিলাৱাৰত সোমবাৰে সন্ত্ৰাসবাদীয়ে সেনাৰ কনভয়ত আক্ৰমণ চলাই। এই আক্ৰমণত চাৰিজন সেনা জোৱান নিহত হয়।

এই আক্ৰমণত আৰু চাৰিজন জোৱান আহতখয়। পিছত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

সূত্ৰ অনুসৰি বিলাৱাৰৰ মাচেদি অঞ্চলত এটা পাহাৰৰ ওপৰৰ পৰা সন্ত্ৰাসবাদীয়ে সেনাবাহিনীৰ বাহনখনক আক্ৰমণ কৰে। সেনাৰ বাহনখনৰ ওপৰত গ্ৰেনেডো নিক্ষেপ কৰে বুলি সূত্ৰই জানিবলৈ দিয়ে।

আক্ৰমণৰ পিছত সেনাই তালাচী অভিযান আৰম্ভ কৰে। তাৰ পিছত তেওঁলোকৰ আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষও হয়।

সূত্ৰই জনোৱা মতে, এই অঞ্চলৰ পৰা হয়তো সন্ত্ৰাসবাদী পলায়ন কৰিছে।

যোৱা কেইসপ্তাহমানৰ পৰা জম্মু-কাশ্মীৰত তীব্ৰতৰ হৈ পৰিছে সন্ত্ৰাসবাদী আক্ৰমণ।

জম্মু-কাশ্মীৰৰ ডোডা জিলাত যোৱা ১১ আৰু ১২ জুনত যমজ সন্ত্ৰাসবাদী আক্ৰমণে কঁপাই তুলিছিল।

১১ জুনত চত্তৰগাল্লাৰ যৌথ চেক প’ষ্টত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ছয়জন নিৰাপত্তাৰক্ষীক আহত কৰাৰ বিপৰীতে ১২ জুনত গাণ্ডোহ অঞ্চলৰ কোটা সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত এজন আৰক্ষী জোৱান আহত হয়।

এই আক্ৰমণৰ পিছতে নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু জিলাখনত অনুপ্ৰৱেশ কৰি অভিযান চলোৱা বুলি ধাৰণা কৰা চাৰিজন পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত ৫ লাখ টকাকৈ নগদ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে।

২৬ জুনত জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ এখন বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত তিনিজন সন্ত্ৰাসবাদী নিহত হৈছিল। যোৱা ১১ আৰু ১২ জুনত পাহাৰীয়া জিলাখনত সংঘটিত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সৈতে আৰক্ষীয়ে তীব্ৰ তালাচী আৰু ঘেৰাও অভিযান চলাইছে।