জম্মু-কাশ্মীৰৰ সেনাৰ সৈতে সন্ত্ৰাসবাদীৰ মুখামুখি সংঘৰ্ষ; এজন পাকিস্তানী নিহত

Story by  atv | Posted by  Munni Begum • 1 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
আজি জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সন্ত্ৰাসবাদীৰ সৈতে হোৱা এক মুখামুখি সংঘৰ্ষত এজন সেনা জোৱান নিহত হোৱাৰ লগতে আন চাৰিজন জোৱান আহত হয়। এই সংঘৰ্ষত এজন "পাকিস্তানী ব্যক্তি"ও নিহত হোৱা বুলি সেনাই জনাইছে আৰু দুজন জোৱান আহত হোৱাটো নিশ্চিত কৰিছে।  
 
এক সূত্ৰই জনোৱা মতে, এই আক্ৰমটো ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ পূৰ্বে একাধিক আক্ৰমণত জড়িত থকা পাকিস্তানৰ বৰ্ডাৰ একচন টীমৰ (বিএটি) আক্ৰমণ যেন লাগিছে। এজন জ্যেষ্ঠ বিষয়াই কয় যে, এইটো এটা আক্ৰমণাত্মক পদক্ষেপ আৰু স্পষ্টভাৱে এল অ’ চিৰ সমীপেৰে এক তীব্ৰতা বৃদ্ধি পাইছে। 
 
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্গিল বিজয় দিৱস'ত ভাৰতীয় সেনাই প্ৰতিটো সন্ত্ৰাসবাদী প্ৰত্যাহ্বানক পৰাস্ত কৰিব বুলি পাকিস্তানক কঠোৰ সকীয়নি দিয়াৰ এদিন পিছতে এই  ঘটনা সংঘটিত হৈছে। এক্সত এক বিবৃতিত সেনাই অচিনাক্ত ব্যক্তিৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱা বুলি কয় যদিও পাকিস্তানৰ সেনা বা সন্ত্ৰাসবাদীৰ নাম উল্লেখ কৰা নাই।
 
বিবৃতিত উল্লেখ কৰা হৈছে, "নিয়ন্ত্ৰণৰ ৰেখাত থকা মাচাল ছেক্টৰৰ কামকাৰীত এটা ফৰৱাৰ্ড পোষ্টত অচিনাক্ত জোৱানৰ সৈতে গুলীচালনা  সংঘটিত হৈছে। এজন পাকিস্তানী ব্যক্তি নিহত হোৱাৰ বিপৰীতে আমাৰ দুজন জোৱান আহত হৈছে আৰু তেওঁলোকক উদ্ধাৰ কৰা হৈছে। বৰ্তমান অভিযান চলি আছে।" 
 
চলিত সপ্তাহৰ আৰম্ভণিতে সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে একেটা অঞ্চলৰ এল অ’ চি পৰিদৰ্শন কৰি অনুপ্ৰৱেশ আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈ বাহিনীসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিছে। 
 
ক্ৰমবৰ্ধমান সন্ত্ৰাসবাদী ঘটনাৰ মাজতে যোৱা মাহত প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ মূল্যায়নৰ বাবে এখন পৰ্যালোচনা বৈঠকৰ অধ্যক্ষতা কৰিছিল। তেওঁ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে কথা পাতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিৰাপত্তা সম্পৰ্কীয় পৰিস্থিতি আৰু সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰি থকা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সম্পূৰ্ণ আভাস দিয়া হৈছিল।
 
লগতে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাৰ সৈতে বাৰ্তালাপ কৰি স্থানীয় প্ৰশাসনে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে কৰ্তৃপক্ষক সশস্ত্ৰ বাহিনীৰ সন্ত্ৰাস বিৰোধী ক্ষমতাৰ সম্পূৰ্ণ বৰ্ণালী মোতায়েন কৰিবলৈ কয়।