৯ দিনত বিমান কোম্পানীৰ লোকচান ৬০০ কোটি টকা

Story by  atv | Posted by  [email protected] • 1 d ago
৯ দিনত বিমান কোম্পানীৰ লোকচান ৬০০ কোটি টকা
৯ দিনত বিমান কোম্পানীৰ লোকচান ৬০০ কোটি টকা
 
নতুন দিল্লী
 
ভুৱা বোমাৰ ভাবুকিৰ বাবে দেশত বিমান কোম্পানীসমূহে কোটি কোটি টকাৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে । বিমান কোম্পানীসমূহৰ প্ৰাক্তন বিষয়াসকলে জনোৱা মতে, বিমান সংস্থাসমূহৰ বিমান সেৱাত বাধাৰ বাবে ৯ দিনত প্ৰায় ৬০০ কোটি টকা লোকচান হোৱাৰ সম্ভাৱনা আছে। গড় হিচাপত ঘৰুৱা বিমান ব্যাহত হ’লে প্ৰায় ১.৫ কোটি টকা খৰচ হয়, আনহাতে আন্তঃৰাষ্ট্ৰীয় বিমানৰ খৰচ প্ৰায় ৫-৫.৫ কোটি টকা।
 
এটা আনুমানিক হিচাপত দেখা গৈছে যে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাত ব্যাঘাত জন্মাৰ বাবে গড় খৰচ প্ৰায় ৩.৫ কোটি টকা । এনেদৰে ১৭০ খনতকৈও অধিক বিমান চলাচলত ব্যাহত হোৱাৰ বাবে ব্যয় বা লোকচান প্ৰায় ৬০০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে । সূত্ৰসমূহে জনোৱা মতে, কোনো বিমান বা বিমানবন্দৰত বোমা বিস্ফোৰণৰ ভাবুকি আহিলে বোমা ভাবুকি মূল্যায়ন সমিতিৰ প্ৰট’কল সলনি কৰা হয় যাতে বিভিন্ন ভাৰতীয় বিমান সংস্থাই ইণ্টাৰনেটত অবিৰতভাৱে লাভ কৰা ভাবুকিৰ সৈতে ভালদৰে মোকাবিলা কৰিব পৰা যায়।
 
সোমবাৰে নিশা দিল্লী, মুম্বাই, জয়পুৰ, পুনে, মংগালুৰু, বেংগালুৰু আৰু কোঝিকোড়ৰ ৭টা বিমানবন্দৰত সমবেত হোৱা বি টি এ চিয়ে তিনিটা বিমান সংস্থা এয়াৰ ইণ্ডিয়া, ভিস্তাৰা আৰু ইণ্ডিগ’ৰ ৩০খন বিমানলৈ প্ৰেৰণ কৰা ভাবুকিক মিছা বা অস্পষ্ট বুলি অভিহিত কৰে। চি আই এছ এফ আৰু আনুষংগিক বিমান সংস্থাসমূহৰ নিৰাপত্তা সংস্থাসমূহক যাত্ৰী, তেওঁলোকৰ লাগেজ আৰু বিমানখনৰ সন্ধানৰ বাবে কেন্দ্ৰীভূত নিৰাপত্তা প্ৰট’কল নিশ্চিত কৰিবলৈও কোৱা হৈছে, যাতে বিমানৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়ত কোনো ধৰণৰ ত্ৰুটি নাথাকে।
 
মঙলবাৰে যোৱা ২৪ ঘন্টাত দেশৰ ৮০খন ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানত ভুৱা বোমাৰ ভাবুকি লাভ কৰিছে দেশৰ বিমান পৰিবহণ কোম্পানীয়ে। সোমবাৰে নিশালৈকে ৩০খন আৰু মঙলবাৰে ৫০খন বিমানে ভাবুকি লাভ কৰে । ইয়াৰ বাবেই জেদ্দালৈ যোৱা তিনিখন ইণ্ডিগ’ বিমান ছৌদি আৰব আৰু কাটাৰত অৱতৰণ কৰিবলগীয়া হৈছিল। যোৱা দহ দিনত ১৭০ খনতকৈও অধিক বিমানত বোমাৰ ভাবুকি পোৱা গৈছে।
 
সূত্ৰ অনুসৰি এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৰ ২৩-২৩খন, ভিষ্টাৰৰ ২১খন আৰু আকাছাৰ ১২খনতকৈও অধিক বিমানে ভাবুকি লাভ কৰিছে । ইণ্ডিগ’ৰ এগৰাকী মুখপাত্ৰই মঙলবাৰে জনোৱা মতে, বাংগালুৰুৰ পৰা জেদ্দালৈ বিমানখন কাটাৰৰ ৰাজধানী দোহালৈ, কোঝিকোড়ৰ পৰা জেদ্দালৈ বিমানখন ছৌদি আৰৱৰ ৰিয়াদলৈ আৰু দিল্লীৰ পৰা জেদ্দালৈ বিমানখন মদিনালৈ ডাইভাৰ্ট কৰা হৈছে । মুখপাত্ৰগৰাকীয়ে কয় যে ভাবুকি লাভ কৰা আন বিমানসমূহৰ ভিতৰত আছে দিল্লীৰ পৰা ডাম্মামলৈ, ইস্তানবুলৰ পৰা মুম্বাইলৈ, ইস্তানবুলৰ পৰা দিল্লীলৈ, মংগালুৰুৰ পৰা মুম্বাইলৈ, আহমেদাবাদৰ পৰা জেদ্দালৈ, হায়দৰাবাদৰ পৰা জেদ্দালৈ, লক্ষ্ণৌৰ পৰা পুনেলৈ। বিমান কোম্পানীসমূহে জনোৱা মতে, নিৰাপত্তা সংস্থাসমূহে নিৰ্ধাৰণ কৰা নিৰাপত্তা প্ৰট’কলসমূহ তেওঁলোকে মানি চলিছে।


শেহতীয়া খবৰ