আজি মাজনিশাৰ পৰা কাইলৈ সন্ধিয়াপৰ্যন্ত বন্ধ ঘোষণা আলফাৰ

Story by  atv | Posted by  [email protected] • 10 d ago
আজি মাজনিশাৰ পৰা কাইলৈ সন্ধিয়াপৰ্যন্ত বন্ধ ঘোষণা আলফাৰ
আজি মাজনিশাৰ পৰা কাইলৈ সন্ধিয়াপৰ্যন্ত বন্ধ ঘোষণা আলফাৰ
 
গুৱাহাটী
 
প্রতি বছৰৰ দৰে এইবাৰো গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে আলফা (স্বাধীন) আৰু এন এছ চি এনে।
 
আলফাৰ প্ৰচাৰ বিভাগৰ সহকাৰী সম্পাদক ঈশান অসমে কালি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত এই কথা ঘোষণা কৰি কয়- 'প্রতি বছৰে ঔপনিবেশিক ভাৰতৰ ভুৱা গণতন্ত্র দিৱস পালনৰ বিৰোধিতা কৰি আহিছো। এইবাৰো অসম, নাগালেণ্ড আৰু অৰুণাচলত আমাৰ প্রতিবাদী কাৰ্যসূচীৰ অন্যতম হ'ব ২৫ জানুৱাৰীৰ মাজনিশা ১ বজাৰ পৰা ২৬ জানুৱাৰীৰ সন্ধিয়া ৬ বজালৈ সর্বাত্মক বন্ধ।
 
সেয়েহে সমূহ ৰাজনৈতিক, অৰাজনৈতিক জাতীয় দল-সংগঠন তথা জনগণক ভুৱা গণতন্ত্র দিৱস সম্পূৰ্ণৰূপে বৰ্জন কৰাৰ লগতে উক্ত বন্ধৰ সময়ছোৱাত সকলো অনুষ্ঠান-প্রতিষ্ঠান আদিত জনসমাগম পৰিহাৰ কৰিবলৈ আহ্বান জনালো।'
 
অৱশ্যে সংগঠনটোৱে এই বন্ধৰ সময়ছোৱাত জৰুৰীকালীন সেৱাসমূহৰ লগতে সংবাদ মাধ্যমক ৰেহাই দিয়াৰ কথা ঘোষণা কৰে।