গুৱাহাটী
বৰপেটা, বটদ্ৰৱা আৰু মাজুলীৰ দৰে সত্ৰভূমি থলুৱা লোকৰ বাদে আনে ক্রয় কৰিব নোৱাৰাকৈ আগত বিধানসভাত এখন আইন গৃহীত কৰাই নহয়, অবিভক্ত গোৱালপাৰা জিলাতো থলুৱা লোকৰ ভূমি এক বিশেষ সম্প্ৰদায়ৰ মানুহে ক্ৰয় কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰি আইন প্ৰৱৰ্তন কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই।
দেওবাৰে ৰাজ্যিক বিজেপিৰ বর্ধিত কার্যনির্বাহক সভাত অংশ লৈ এটা বিশেষ সম্প্রদায়ক আক্ৰমণৰ লক্ষ্য কৰি ল'লেও অকপটে এইবুলিও স্বীকাৰ কৰে যে কাকো আমি বাংলাদেশলৈ খেদি দিব নোৱাৰো। সেই কথা ময়ো জানো। কিন্তু ক্ষমতাৰ সু-প্ৰয়োগৰ জৰিয়তে আমি অসম আৰু অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ ব্যৱস্থা ল'ব পাৰো।
সেইমৰ্মেই বৰপেটা, বটদ্ৰৱা, মাজুলী আৰু গোৱালপাৰাৰ ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত বাধানিষেধ আৰোপ কৰা হ'ব। তদুপৰি ৰাজ্যখনৰ অনুসূচিত জাতি-জনজাতি আৰু পিচপৰা সম্প্ৰদায়ৰ লোকৰ ভূমিও বিশেষ সম্প্রদায়ৰ হাতলৈ হস্তান্তৰিত নোহোৱাৰ ব্যৱস্থা লোৱা হ'ব। একেদৰে চাহ বাগিচাৰ ভূমি চাহ শ্রমিকসকলক ম্যাদীপট্টাসহ আবণ্টন দিয়া হ'ব।
এটা বিশেষ সম্প্ৰদায়ৰ লোকে আগ্রাসী ৰূপত অসমৰ মাটি হস্তগত কৰি থলুৱা অসমীয়াক সংখ্যালঘুত পৰিণত কৰাৰ উপক্ৰম হৈছে বুলি আজি পুনৰবাৰ অভিযোগ কৰি মুখ্যমন্ত্রীয়ে আনকি এইবুলিও হুংকাৰ দিয়ে যে হিন্দু-মুছলমানৰ মাজত ভূমি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আগতীয়া অনুমোদন লোৱাৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। কোনো হিন্দুৱে মুছলমানক আৰু কোনো মুছলমানে হিন্দুক মাটি বিক্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন ল'ব লাগিব।
সেই অনুমোদনৰ ভিত্তিতহে মাটি বিক্ৰীৰ যাৱতীয় অনুমতি দিয়া হ'ব। ইপিনে, বৰপেটা, বটদ্ৰৱা আৰু মাজুলীত থলুৱা লোকৰ সংজ্ঞা দাঙি ধৰিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে যিসকল লোক তাৰ স্থায়ী বাসিন্দা তেওঁলোককহে থলুৱা হিচাপে গণ্য কৰা হ'ব। আনহাতে, মূলতঃ বিশেষ সম্প্রদায়টোৰ মাজত থকা বিকাৰ হিচাপে বহু বিবাহ, বাল্য বিবাহৰ বিৰুদ্ধে অভিযান চলোৱা মুখ্যমন্ত্রীয়ে একেটা সম্প্রদায়ক আক্ৰমণ কৰি লাভ জেহাদৰ বিৰুদ্ধেও হুংকাৰ দি কয় যে ইয়াক ৰোধ কৰাৰ বাবে এখন বিশেষ আইন গৃহীত কৰা হ'ব। সেই আইনৰ জৰিয়তে লাভ জেহাদত অভিযুক্তক শাস্তি হিচাপে আজীৱন কাৰাদণ্ডৰ ব্যৱস্থা হ'ব।