নতুন দিল্লী
বৈদ্যুতিক বাহন খণ্ডৰ বিকাশৰ হকে চৰকাৰে বিভিন্ন পদক্ষেপ গ্রহণ কৰি থকা সত্ত্বেও চলিত বর্ষত তুলনামূলকভাবে কম পুঁজি লাভ কৰে বৈদ্যুতিক বাহন নির্মাতা প্রতিষ্ঠানসমূহে।
এটা সূত্ৰত প্রকাশ পোৱা অনুসৰি ২০২২ ৰ ৯৩৪ নিযুত ডলাৰৰ বিপৰীতে চলিত ২০২৪ ত ৫৮৬ নিযুত ডলাৰলৈ হ্রাস পাইছে পুঁজি লাভৰ পৰিমাণ। নীতিৰ সাল-সলনি, কম হাৰত বিক্ৰীৰ বিকাশৰ বাবে পুঁজিৰ আবণ্টনৰ পূৰ্বে সম্ভাব্য লাভ আহৰণত বিনিয়োগকাৰীয়ে অধিক গুৰুত্ব দিয়াত হ্রাস পাইছে পুঁজি লাভৰ পৰিমাণ।
অৱশ্যে ইয়াৰ মাজতে কিছুমান হাইপ্রফাইল বিনিয়োগো দেখিবলৈ পোৱা গৈছে। নেচনেল ইনভেষ্টমেন্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ ফাণ্ডৰ পৰা ৭১ নিযুত ডলাৰ লাভেৰে ইউনিকর্ন হিচাপে পৰিগণিত হৈছে।