ছেবিৰ প্ৰাক্তন মুৰব্বী মাধৱী পুৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ আদালতৰ

Story by  atv | Posted by  [email protected] • 12 h ago
ছেবিৰ প্ৰাক্তন মুৰব্বী মাধৱী পুৰী
ছেবিৰ প্ৰাক্তন মুৰব্বী মাধৱী পুৰী
 
নতুন দিল্লী
 
ছেবিৰ প্ৰাক্তন অধ্যক্ষ মাধৱী পুৰী বুচ আৰু আন ৫জন বিষয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ শনিবাৰে নিৰ্দেশ দিছে মুম্বাইৰ এখন বিশেষ আদালতে। শ্বেয়াৰ বজাৰৰ জালিয়াতি আৰু নিয়ম উলংঘাৰ অভিযোগত দুৰ্নীতিবিৰোধী ব্যুৰোক এই নিৰ্দেশ প্ৰদান কৰে আদালতে।
 
জালিয়াতি সংঘটিত হোৱাৰ প্ৰাথমিক প্ৰমাণ ইতিমধ্যে আদালতে লাভ কৰিছে। ফলত এই ঘটনাৰ নিৰপেক্ষ তদন্ত হ’ব লাগে বুলি দাবী কৰে আদালতে। আদালতৰ তত্বাৱধানতে এই গোচৰৰ তদন্ত হ’ব আৰু ৩০ দিনৰ ভিতৰত তদন্ত সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে আদালতে।
 
মাধৱী পুৰীৰ উপৰিও আদালতে এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিয়া আন বিষয়াসকল হ'ল বি এছ ইৰ পৰিচালনা সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰৰমণ ৰামমূৰ্তি, তদানীন্তন অধ্যক্ষ তথা জনস্বাৰ্থ সঞ্চালক প্ৰমোদ আগৰৱালা আৰু ছেবিৰ ৩ জন আজীৱন সদস্য অশ্বনী ভাটিয়া, অনন্ত নাৰায়ণ জি আৰু কমলেশ চন্দ্ৰ বৰ্ষনি।
 
অৱশ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে তথা প্ৰত্যাহ্বান জনোৱাৰ বাবে উচ্চ ন্যায়ালয়ত আবেদন কৰিব বুলি এক বিবৃতিত উল্লেখ কৰিছে ছেবিয়ে।