গুৱাহাটী
ৰঙালী বিহুৰ পূৰ্বে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি অনুষ্ঠিত কেবিনেট বৈঠকত তেওঁ এই কথা ঘোষণা কৰে যে অসম চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ ২ শতাংশ বৃদ্ধি কৰা হ’ব।
২০২৫ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। বিহুৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰৰ বাবে এয়া এক ডাঙৰ সিদ্ধান্ত হিচাপে পৰিগণিত হৈছে।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰেও যোৱা মাহত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ ২ শতাংশ বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ সেই সিদ্ধান্তৰ পিছতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰো মৰগীয়া বানচ বৃদ্ধি হোৱাটো নিশ্চিত হৈছিল আৰু আজি মুখ্যমন্ত্ৰীয়ে এয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
কেবিনেটত আজি গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা ৰাজ্য চৰকাৰৰ সকলো নিৰ্দেশ, আইন, অধিসূচনা অথবা জাননী ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষাতো জাৰি কৰা হ'ব। এয়া ১ বহাগ (১৫ এপ্ৰিল)ৰ পৰা কাৰ্যকৰী হ'ব।