আৰিফুল ইছলাম/গুৱাহাটী
যি সময়ত দেশৰ ভিন্ন প্ৰান্তত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈ আছে, সেই সময়তে নজৰুল ইছলাম নামৰ এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে প্ৰদৰ্শন কৰিছে বিৰল মহানুভৱতা আৰু সম্প্ৰীতিৰ নিদৰ্শন। নগাঁও জিলাৰ অন্তৰ্গত কলিয়াবৰ মহকুমাৰ এই ব্যৱসায়ীগৰাকীয়ে অঞ্চলটোৰ বিভিন্ন মন্দিৰ, নামঘৰ, মছজিদ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ডাষ্টবিন দান কৰি মহানুভৱতাৰ পৰিচয় দিছে।
কলিয়াবৰৰ বিভিন্ন অঞ্চল তথা সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানবোৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ মহৎ উদ্দেশ্য সন্মুখত ৰাখি নজৰুল ইছলামে ডাষ্টবিনৰ বিতৰণৰ চিন্তা-চৰ্চা কৰিছিল। তেওঁৰ কলিয়াবৰত অৱস্থিত ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানতে ডাষ্টবিন বিতৰণ কাৰ্যসূচী অনুষ্ঠিত কৰিছিল। অনুষ্ঠানটোত উপস্থিত আছিল কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস আৰু জখলাবন্ধা পঞ্চায়তৰ সভাপতি। লগতে উপস্থিত আছিল শিক্ষকসকল আৰু নামঘৰ, মছজিদ আৰু মন্দিৰ সমিতিৰ প্ৰতিনিধিসকল। ডাষ্টবিন বিতৰণ অনুষ্ঠানৰ পিছত ডাষ্টবিন সমূহ নিৰ্দিষ্ট স্থানলৈ নিজৰ গাড়ীৰে থৈ অহাৰো ব্যৱস্থা কৰিছিল নজৰুল ইছলামে।
আৱাজ দ্যা ভইছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্যৱসায়ী নজৰুল ইছলামে কয়; "মানৱতা থাকিলে সকলো কাম কৰিব পাৰি। বৰ্তমান মানুহে কেৱল নিজৰ কথা চিন্তা কৰে। যেতিয়া সকলোৱে সমাজৰ হকে চিন্তা কৰিব তেতিয়া সমাজখন উন্নতিৰ পথত থাকিব। সৰুৰে পৰা বহুত কষ্টত ডাঙৰ হৈছোঁ। বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে এতিয়ালৈ জীৱনটো পাৰ কৰিছোঁ। জীৱনত বহু মানুহে মোক সহায় কৰিছে। যিবোৰ মানুহে মোক সহায় কৰিছে তেওঁলোকৰ পৰাই মানৱতাৰ সংজ্ঞা শিকিছোঁ। হয়তো সেইকাৰণে মই সামাজিক কাম-কাজ কৰিব পাৰিছোঁ।"
বিভিন্ন অনুষ্ঠানত বিতৰণ কৰা ডাষ্টবিন
নজৰুল ইছলামে তেওঁৰ চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ উদ্দেশ্যে প্ৰায় ২০০টা ডাষ্টবিন আগবঢ়াইছে। "মই ডাষ্টবিনসমূহ আমাৰ কলিয়াবৰ অঞ্চলৰ শিক্ষানুষ্ঠান, মন্দিৰ, নামঘৰ, মছজিদ আৰু ডাঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ আগবঢ়াইছোঁ। পৰৱৰ্তী সময়ত দুখীয়া মানুহৰ বাবে দুখন বেটেৰী ৰিক্সা আগবঢ়োৱাৰ কথা চিন্তা কৰিছোঁ, যাতে তেওঁলোকে চিকিৎসালয়লৈ যাতায়ত কৰিবলৈ সুবিধা হয়।" ক্ষুদ্ৰ ব্যৱসায়ী ইছলামে কয়।
কলিয়াবৰ মহুকুমাৰ মহুকুমাধিপতি পবিত্ৰ কুমাৰ দাসে কয়; "টাযাৰ চাৰ্ভিছ চেণ্টাৰৰ স্বত্বাধিকাৰী নজৰুল ইছলামৰ পদক্ষেপক আদৰণি জনাইছোঁ। তেওঁৰ এখন দোকান মুকলি কৰিছে। এই মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি ডাষ্টবিন বিতৰণ কৰা হৈছে। চিকিৎসালয়লৈ যাতায়ত কৰাৰ সুবিধাৰ্থে ৰাইজৰ বাবে দুখনকৈ বেটেৰী ৰিক্সাও আগবঢ়াইছে। এইটো এটা ভাল মেছেজ। প্ৰত্যেকজন ব্যক্তিয়ে যেতিয়া ৰাইজৰ হকে কাম কৰিছে তেতিয়া সকলোৱে সমানে লাভজনক হ'ব। মই নজৰুল ইছলামক কলিয়াবৰ প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।"
বান্দৰক খাদ্য যোগান ধৰা মুহূৰ্তত নজৰুল ইছলাম
সকলো ধৰ্মৰ প্ৰতি সমানে শ্রদ্ধা ৰখা নজৰুল ইছলামে ধৰ্মীয় সম্প্ৰীতিৰ কথা উল্লেখ কৰি কয়; "সকলো ধৰ্মৰ প্ৰতি মোৰ সমান শ্ৰদ্ধা আছে। ধৰ্মৰ ভিত্তিত বিভাজন কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। আমি সকলোৱে মানুহ, গতিকে মানৱ ধৰ্মই সকলোকে একত্ৰিত কৰে। হিন্দু ধৰ্মাৱলম্বী লোক এজনৰ যি তেজ আছে, সেই একেই তেজ মুছলমান ধৰ্মাৱলম্বী লোকৰ গাতো আছে। ধৰ্মীয় বিভাজনে মানুহক ক্ষতিহে কৰে। যদি আমি সমাজৰ সাৰ্বজনীন উন্নতি বিচাৰো তেন্তে আমি এজনে সিজনৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম সদায় ৰাখিব লাগিব। আজি মই যদি সমাজৰ ভাল কামৰ বাবে ওলাই আহোঁ, হয়তো মোক দেখি আৰু দুজন ওলাই আহিব। আমি নতুন প্ৰজন্মক যিদৰে বাট দেখুৱাম, সেইদৰেই তেওঁলোকে গতি কৰিব। গতিকে আমি নতুন প্ৰজন্মক এখন সুন্দৰ সমাজ উপহাৰ হিচাপত দি যাব লাগিব।"
ইয়াৰোপৰি নজৰুল ইছলাম বিভিন্ন সামাজিক কাম-কাজৰ লগত জড়িত। জীৱ-জন্তুৰ প্ৰতিও সমানে চিন্তা কৰে নজৰুল ইছলামে। বিগত ৭ বছৰ ধৰি পবিত্ৰ ঈদৰ সময়ত বান্দৰৰ বাবে খাদ্য যোগান ধৰি আহিছে নজৰুলে। মানুহে মানুহৰ ওপৰত যিমান দায়বদ্ধতা অৱলম্বন কৰিব লাগে, ঠিক তেনেকৈ জীৱ-জন্তুৰ প্ৰতিও সমানে দায়বদ্ধ হ'ব লাগে বুলি নজৰুল ইছলামে বিশ্বাস কৰে।