নতুন বিল্ডিঙলৈ স্থানান্তৰিত হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

Story by  atv | Posted by  [email protected] • 2 d ago
নতুন বিল্ডিঙলৈ স্থানান্তৰিত হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
নতুন বিল্ডিঙলৈ স্থানান্তৰিত হ'ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়
 
গুৱাহাটী
 
বুধবাৰে গুৱাহাটীৰ নিৰ্মিয়মান প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদৰ মাতৃ আৰু শিশু চিকিৎসালয়খন পৰিদৰ্শন কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্রী শৰ্মাই দুয়োখন হাস্পতালৰ কামৰ অগ্ৰগতিৰ বুজ লয়।
 
নিৰ্মিয়মান দুয়োটা চিকিৎসা প্ৰতিষ্ঠানৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে কয়, "মাতৃ আৰু শিশু চিকিৎসালয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নতুন সংযোজন। এই চিকিৎসালয়খনত প্ৰসূতি, মাতৃ আৰু শিশুৰ বাবে ৮০০খন বিছনা থাকিব। লগতে জি এম চি এইচৰ অধ্যক্ষৰ কাৰ্যালয় এই চিকিৎসালয়খনলৈ স্থানান্তৰ হ'ব।’’
 
মুখ্যমন্ত্রী শৰ্মাই আৰু কয়, ‘‘আমি জি এম চি এইচক ৰাস্তাৰ বাওঁফালৰ পৰা সোঁফাললৈ লৈ আহিছো। যাতে বাওঁফালৰ পুৰণা বিল্ডিঙটো ভাঙি আমি তাত নতুন তিনি হাজাৰ বিচনাযুক্ত এখন হাস্পতাল বনাব পাৰো। জি এম চি এইচক নৱৰূপ দিয়াৰ উদ্দেশ্যে ইতিমধ্যে নক্সা প্ৰস্তুত হৈছে। এই বিল্ডিঙটো সম্পূৰ্ণ হোৱাৰ লগে লগে ছুপাৰস্পেচিয়েলিটি সম্পূৰ্ণৰূপে মহেন্দ্ৰমোহন চৌধুৰী হাস্পতাললৈ গুচি যাব।’’
 
তেওঁ আৰু কয়, ‘‘নিৰ্মিয়মান মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ত নিউৰ'লজী, কাৰ্ডিঅ'লজী আদিকে ধৰি বিভিন্ন ছুপাৰ স্পেচিয়েলিটী সেৱা, বৃক্ক সংৰোপণৰো ব্যৱস্থা থাকিব৷ ৮০০খন বিছনাযুক্ত এই চিকিৎসালয়খনৰ নতুন ভৱনৰ নিৰ্মাণো পূৰ্ণগতিত চলি আছে।’’
 
‘‘জি এম চি এইচত নিৰ্মিয়মান হাস্পতালখন ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৫০-৭৫ বছৰলৈ এই চিকিৎসালয়সমূহ যাতে প্ৰাসংগিক হৈ থাকে সেই দিশত লক্ষ্য ৰাখি পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। নৱৰূপ লাভ কৰাৰ পাছত জি এম চি এইচ সমগ্ৰ দেশৰ ভিতৰতে এখন অন্যতম বৃহৎ চিকিৎসালয়ত পৰিণত হ'ব। তিনি হাজাৰ বিচনা থাকিব’’, তেওঁ কয়৷
মুখ্যমন্ত্রীগৰাকীয়ে কয়, ‘‘জি এম চি এইচৰ পুৰণি বিল্ডিং সম্পূৰ্ণৰূপে ভাঙি পেলোৱা হ'ব। সমগ্ৰ জি এম চি এইচ নিৰ্মাণ হ'লে ইয়াৰ বিচনাৰ সংখ্যা পাঁচ হাজাৰলৈ বৃদ্ধি পাব। পাটনাত পাছতে দেশৰ ভিতৰতে আটাইতকৈ বেছি বেড থকা মেডিকেল হ'ব জি এম চি এইচ। এম এম চি এইচত যকৃৎ আৰু বৃক্ক সংৰোপণৰ ব্যৱস্থা কৰা হ'ব। আনহাতে শীঘ্ৰেই জি এম চি এইচৰ কৰ্কট প্ৰতিষ্ঠানত প্ৰ'টন বীম থেৰাপী প্ৰযোজ্য হ'ব।"
 
আনহাতে, মুখ্যমন্ত্রীয়ে নিৰ্মিয়মান প্ৰাগজ্যোতিষপুৰ মেডিকলে কলেজ পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত কয়, "১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব প্ৰাগজ্যোতিষপুৰ মেডিকলে কলেজৰ কাম। প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ হৈছে। এই চিকিৎসালয়ত প্ৰায় ৬০০ ৰোগীৰ চিকিৎসা গ্ৰহণ কৰিব পাৰিব।’’
 
মুখ্যমন্ত্রী শৰ্মাই আৰু কয়, ‘‘১০০ গৰাকী শিক্ষাৰ্থীয়ে এম বি বি এছ কৰিব পৰা সুবিধা থাকিব। আনহাতে প্ৰেয়িং কেবিনৰ ব্যৱস্থা থাকিব। ছুপাৰস্পিচিয়েলিটি নাথাকিব যদিও বহুকেইটা বিভাগ থাকিব। প্ৰায় ৬-৭ টা অস্ত্ৰোপচাৰ কক্ষ থাকিব। যক্ষ্মা চিকিৎসালয়ক এই চিকিৎসালয় সৈতে সংলগ্ন কৰা হ’ব।"


শেহতীয়া খবৰ