কামাখ্যা কৰিডৰ নিৰ্মাণ শপতনামা দাখিলৰ বাবে চৰকাৰক ১০ দিনৰ সময় উচ্চ ন্যায়ালয়ৰ

Story by  atv | Posted by  [email protected] • 1 Months ago
গুৱাহাটী উচ্চ ন্যায়ালয়
গুৱাহাটী উচ্চ ন্যায়ালয়
 
গুৱাহাটী
 
প্ৰস্তাৱিত কামাখ্যা কৰিডৰ প্ৰকল্পক লৈ শপতনামা দাখিলৰ বাবে চৰকাৰে পুনৰ ন্যায়ালয়ৰ পৰা বিচাৰিলে সময়। সমাজকর্মী গীতিকা ভট্টাচার্যসহ ১৩ গৰাকী ব্যক্তিয়ে কামাখ্যা কৰিডৰক লৈ উদ্বেগ প্রকাশ কৰি উচ্চ ন্যায়ালয়ৰ মজিয়াত দাখিল কৰা পি আই এলখনৰ আজি শুনানি অনুষ্ঠিত হয়।
 
শুনানিকালত অসম চৰকাৰৰ হৈ মহাধিবক্তাই সমগ্র বিষয়টো সন্দর্ভত শপতনামা দাখিলৰ বাবে ন্যায়ালয়ৰ পৰা কিছু সময় বিচাৰে। সেই অনুসৰি ন্যায়ালয়ে চৰকাৰক সময় প্রদান কৰি দহ দিনৰ পিচত পি আই এলখন শুনানিৰ বাবে তালিকাভুক্ত কৰাৰ নিৰ্দেশ দিছে।
 
উল্লেখযোগ্য যে পূৰ্বে অসম চৰকাৰে প্ৰস্তাৱিত মা কামাখ্যা কৰিডৰৰ নিৰ্মাণৰ ফলত মন্দিৰৰ পবিত্ৰ জলধাৰাত কোনো প্রভাৱ পৰিব নেকি, সেই সন্দৰ্ভত আই আই টি, গুৱাহাটীয়ে এক জৰীপ চলাব বুলি ন্যায়ালয়ৰ মজিয়াত উল্লেখ কৰিছিল। আনকি এই সন্দৰ্ভত অসম চৰকাৰ আৰু আই আই টি, গুৱাহাটীৰ মাজত শীঘ্রে এক বুজাবুজি চুক্তি স্বাক্ষৰিত হ'ব বুলিও চৰকাৰে আদালতক অৱগত কৰে।
 
কিন্তু আজি অনুষ্ঠিত শুনানিত চৰকাৰে প্ৰস্তাৱিত কামাখ্যা কৰিডৰলৈ শপতনামা দাখিলৰ বাবে আদালতৰ পৰা সময় বিচাৰে। ইপিনে কামাখ্যা কৰিডৰক লৈ নৱজ্যোতি শৰ্মাই দাখিল কৰা লেখ আবেদনখনৰো আজি ন্যায়ালয়ৰ মজিয়াত শুনানি অনুষ্ঠিত হয়। অৱশ্যে শুনানি গ্ৰহণৰ অন্তত ন্যায়ালয়ে কি নির্দেশনা দিলে সেয়া পোহৰলৈ অহা নাই।