নতুন দিল্লী
দেওবাৰে এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰে লৰেন্স বিষ্ণোই চক্ৰই। শনিবাৰে নিশা দশহৰা উদযাপনৰ সময়ত মুম্বাইৰ বান্দ্ৰাত থকা নিজৰ কাৰ্যালয়ৰ বাহিৰতে গুলীয়াই হত্যা কৰে ৬৬ বছৰীয়া প্ৰবীণ ৰাজনীতিবিদগৰাকীক।
গেঙৰ এজন সদস্যৰ ফেচবুক পোষ্টত ক্ষন্তেকতে ভাইৰেল হৈছে, পোষ্টটোত কোৱা হৈছে যে বলীউডৰ অভিনেতা ছলমান খানৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আৰু ডাউদ ইব্ৰাহিমৰ দৰে আণ্ডাৰৱৰ্ল্ড ব্যক্তিৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগৰ বাবেই ছিদ্দিকীক লক্ষ্য কৰি লোৱা হৈছে। পোষ্টটোত খানৰ বান্দ্ৰা ঘৰৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ অভিযুক্ত অনুজ থাপনৰ কথাও উল্লেখ কৰা হৈছে, যিজনৰ পিছত আৰক্ষীৰ জিম্মাত আত্মহত্যা কৰি মৃত্যু হয়।
পোষ্টটোত গেঙৰ সদস্যজনে লিখিছে, "অম, জয় শ্ৰী ৰাম, জয় ভাৰত" আৰু তাৰ পিছত লিখিছে, "মই জীৱনৰ সাৰমৰ্ম বুজি পাওঁ, আৰু ধন-সম্পত্তি আৰু শৰীৰক ধূলি বুলি গণ্য কৰোঁ। মই কেৱল সঠিক কাম কৰিলোঁ।"
পোষ্টটোত আৰু কোৱা হৈছে, "চলমান খান, আমি এই যুদ্ধ বিচৰা নাছিলোঁ। কিন্তু আপুনি আমাৰ ভাইটিৰ প্ৰাণ কাঢ়ি লৈছিল।
"আমাৰ কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই। অৱশ্যে যিয়ে ছলমান খানক বা দাউদ গেঙক সহায় কৰে তেওঁৰ লগত আমাৰ শত্ৰুতা আছে। কোনোবাই যদি আমাৰ কোনো ভাইক হত্যা কৰে তেন্তে আমি প্ৰত্যুত্তৰ দিম। আমি কেতিয়াও প্ৰথমে আক্ৰমণ নকৰো। জয় শ্ৰী ৰাম, জয় ভাৰত।"
শনিবাৰে সন্ধিয়া মুম্বাইত তিনিজন লোকে গুলীয়াই হত্যা কৰে বাবা ছিদ্দিকীক। ততাতৈয়াকৈ তেওঁক লীলাৱতী হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আঘাতপ্ৰাপ্ত থকা ছিদ্দিকীৰ চিকিৎসালয়তে মৃত্যু হয়।
এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ হত্যাকাণ্ড ঠিকাভিত্তিক হত্যা কাণ্ড বুলি দেওবাৰে নিশ্চিত কৰে মুম্বাই আৰক্ষীয়ে।
অভিযুক্ত দুজন হ'ল হাৰিয়ানাৰ গুৰমাইল বলজিৎ সিং (২৩) আৰু উত্তৰ প্ৰদেশৰ ধৰ্মৰাজ ৰাজেশ কাশ্যপ (১৯)। দুয়োগৰাকী গ্ৰেপ্তাৰ হোৱাৰ বিপৰীতে তৃতীয়জন ইউ পিৰ শিৱ কুমাৰ পলাতক অৱস্থাত আছে।
আৰক্ষীয়ে জনোৱা মতে, হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ডৰ সন্ধান উলিওৱাৰ প্ৰচেষ্টা অব্যাহত আছে। হত্যাকাণ্ডটো পূৰ্ব পৰিকল্পিত, গুলীচালনা কৰা লোকসকলক আগতীয়াকৈ ধন দিয়া হৈছিল আৰু কিছুদিন পূৰ্বে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লাভ কৰা হৈছিল বুলি এতিয়ালৈকে কৰা তদন্তত প্ৰকাশ পাইছে।
যোৱা কেইবাবছৰ ধৰি ছলমান খানে একাধিক ভাবুকিৰ সন্মুখীন হৈছে, শেহতীয়াকৈ ২০২৩ চনৰ এপ্ৰিল মাহত সংঘটিত হোৱা এই কাণ্ডটো সংঘটিত হৈছিল, যেতিয়া মটৰবাইকত অহা দুজন অচিনাক্ত লোকে তেওঁৰ মুম্বাই বাসগৃহৰ বাহিৰত গুলীচালনা কৰিছিল।
২০২২ চনৰ জুন মাহত খানে এজন অচিনাক্ত ব্যক্তিৰ পৰা হাতে লিখা টোকা লাভ কৰিছিল, য’ত তেওঁ ২০২২ চনৰ মে’ মাহত পঞ্জাৱৰ মানছা জিলাত বিষ্ণুই গেঙে হত্যা কৰা কণ্ঠশিল্পী সিদ্ধু মুছ ৱালাৰ দৰে ভাগ্যৰ সন্মুখীন হ’ব বুলি সকীয়াই দিছিল।
২০২৩ চনত এবিপি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত লৰেন্স বিষ্ণোইও এই ভাবুকিসমূহৰ বিষয়ে উল্লেখ কৰি কয় যে ছলমান খানে বিষ্ণোই সম্প্ৰদায়ক তেওঁলোকৰ বাবে পবিত্ৰ প্ৰাণী ব্লেকবাকক হত্যা কৰি অসন্মান কৰিছিল।