গৰম সহ্য কৰিব নোৱাৰি আল্লাহৰ ওচৰত আত্মসমৰ্পণ মুছলমান সমাজৰ

Story by  atv | Posted by  [email protected] • 1 h ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৰিফুল ইছলাম/গুৱাহাটী
 
প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্যবাসীক। আজি দেওবাৰেও অব্যাহত আছে উৎকট গৰম। গৰম সহ্য কৰিব নোৱাৰি মহান আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছে মুছলমান সমাজে। অসমৰ কিছু অঞ্চলত গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বৰষুণৰ বাবে দোৱা কৰিছে শ শ মুছলমানলোকে।
 
আজি বৰপেটা জিলাৰ হাউলিত গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বৰষুণ হ'বৰ বাবে হাজাৰ হাজাৰ মুছলমানলোক একত্ৰিত হৈ মছজিদৰ চৌহদত নামাজ আদায় কৰে আৰু দোৱা কৰে। মানুহ আৰু জীৱ জন্তুক গৰমৰ পৰা ৰক্ষা কৰিবলৈ আল্লাহৰ ওচৰত হাত উঠাই দোৱা কৰে হাউলিৰ মুছলমান সমাজে। আনহাতে লাহৰীঘাটৰ এখন মাদ্ৰাছাতো বৰষুণ বিচাৰি দোৱা কৰিছে স্থানীয় ৰাইজে তথা মাদ্ৰাছাৰ ছাত্ৰসকলে।
 
ইছলামিক পণ্ডিত তথা ইছলামিক ষ্টাডি আৰু ৰিচাৰ্ছ একাডেমী অসমৰ সভাপতি মৌলানা নুৰুল আমিন কাছিমিয়ে কয়; "যিকোনো প্ৰাকৃতিক দুৰ্যোগ বা অনাবৃষ্টি আৰু উৎকট গৰম যদি হয় তেন্তে তাৰ পৰিত্ৰাণৰ বাবে ইছলামত নিৰ্দেশনা আছে। হাদিছত আছে যে, এনেকুৱা জলবায়ু পৰিৱৰ্তন,  অস্বাভাৱিক গৰম বা অন্য দুৰ্যোগ আহিলে নিজৰ নিজৰ পাপ সমূহৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব লাগে। অনাবৃষ্টি হ'লে তাৰ বাবে নামাজো আছে। আমাৰ নবীৰ দিনতো এনে পৰিবেশৰ সৃষ্টি হৈছিল, তেতিয়া তেওঁ আল্লাহৰ ওচৰত দোৱা কৰিছিল। এনে পৰিস্থিতিত নিজৰ পাপ সমূহৰ বাবে আল্লাহৰ ওচৰত নিজকে সমৰ্পণ কৰি নিজৰ ক্ষমা খুজিব লাগে।"
 
প্ৰতিনিধিত্বমূলক ফটো
 
"অনাবৃষ্টি হ'লে বিশেষকৈ ইছলামত এটা বস্তু আছে যে, পথাৰ বা খোলা ঠাইত সকলো মানুহ আৰু জীৱ-জন্তুবোৰকো লৈ যাব লাগে। তাত গৈ চালাতুল-ইষ্টেচকা (ইষ্টেচকাৰ নামাজ) ৰ নামাজ পঢ়িব লাগে আৰু আল্লাহৰ পৰা ৰহমত বিচাৰি দোৱা কৰিব লাগে। ইষ্টেচকাৰ অৰ্থ হ'ল বৰষুণ বিচাৰি পঢ়া নামাজ বা দোৱা। আমাৰ নবীৰ দিনতো এনেকুৱা হৈছিল আৰু তেখেতে ইষ্টেচকাৰ নামাজ পঢ়িছিল আৰু দোৱা কৰিছিল। নামাজ পঢ়াৰ কিছুসময় পিছতে বৰষুণ হৈছিল। ইষ্টেচকা নামাজ পঢ়ি উঠি দোৱা কৰোতে হাত দুখন ওলোটা কৰি ল'ব লাগে, সাধাৰণতে আমি দোৱা কৰিলে হাত দুখন চিধা কৰি লওঁ। নামাজৰ পিছত দোৱা কৰিব লাগে যে "হে আল্লাহ তুমি যদি আমাৰ ওপৰত অসন্তুষ্ট হৈছা, তেন্তে আমাক ক্ষমা কৰি দিয়া। আৰু আমাক তোমাৰ ৰহমতৰ কৰুণা দিয়া", মৌলানা নুৰুল আমিন কাছিমিয়ে কয়।
 
উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগন্তুক ৪৮ ঘণ্টাত অসমৰ বাবে গৰম আৰু আৰ্দ্ৰ বতৰৰ ভৱিষ্যদ্বাণী কৰিছে। আই এম ডিৰ বুলেটিন অনুসৰি যোৱা ২১ ছেপ্টেম্বৰত গুৱাহাটীৰ তাপমাত্ৰা ৩৮.২ ডিগ্ৰী চেলছিয়াছ আছিল।
 
ইফালে সৰ্বোচ্চ উষ্ণতা ৩৫ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, যিটো ৰাজ্যখনৰ কিছুমান জিলাৰ তুলনাত প্ৰায় ৪-৫ ডিগ্ৰী চেলছিয়াছ বেছি।
 
পশ্চিম অসমত সৰ্বোচ্চ উষ্ণতা ৩৬.০-৩৮.০ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে, আনহাতে মধ্য অসমত ৩৫.০-৩৭.০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হ’ব। উত্তৰ-পূব অসমত ৩৬.০-৩৮.০ ডিগ্ৰী চেলছিয়াছ আৰু উজনি অসমত ৩৪.০-৩৬.০ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।
 
উত্তৰ লখিমপুৰ - ৩৮.৬ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড় এ পি - ৩৮.৫ ডিগ্ৰী চেলছিয়াছ, তেজপুৰ - ৩৮.৫ ডিগ্ৰী চেলছিয়াছ, নগাঁও - ৩৮.২ ডিগ্ৰী চেলছিয়াছ, গুৱাহাটী বিমানবন্দৰ - ৩৮.২ ডিগ্ৰী চেলছিয়াছ, ৰঙিয়া - ৩৮.০ ডিগ্ৰী চেলছিয়াছ, তিনিচুকীয়া - ৩৭.৯ ডিগ্ৰী চেলছিয়াছ, মাজবাট - ৩৭.৮ ডিগ্ৰী চেলছিয়াছ , গোৱালপাৰা - ৩৭.৮ ডিগ্ৰী চেলছিয়াছ, ধুবুৰী - ৩৬.৮ ডিগ্ৰী চেলছিয়াছ, যোৰহাট ৩৬.৮ ডিগ্ৰী চেলছিয়াছ।