মাদক দ্ৰৱ্য সেৱন আৰু নাৰীজনিত অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তি ঘোষণা অসমৰ মুছলমান সমাজৰ

Story by  atv | Posted by  [email protected] • 10 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
আৱাজ-দ্য ভইচ অসম ব্যুৰ'
 
মদ, ভাং, ড্ৰাগছ খোৱা, ধৰ্ষণ আৰু নাৰীৰ সৈতে বিবাহৰ পূৰ্বেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰাটো ইছলামিক আইনত অক্ষমণীয় অপৰাধ বুলি গণ্য কৰা হয়। ইছলামিক ভাষাত ইয়াক 'কবিৰা গুনাহ' (অক্ষমণীয় অপৰাধ) বুলি কোৱা হয়। এনে সামাজিক ব্যাধিৰ বিৰুদ্ধে বিভিন্ন সময়ত মুছলমান সমাজে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজিও জুম্মাৰ নামাজ আদায় কৰাৰ পিছত হোজাই জিলাৰ যমুনামুখ ডেকেৰুৱা গাঁৱৰ গাঁওবাসীয়ে একেলগ হৈ সমাজ সংস্কাৰৰ ক্ষেত্ৰত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে।
 
ডেকেৰুৱা গাঁৱৰ গাঁওবাসীয়ে মছজিদৰ চৌহদতে এক বৈঠক অনুষ্ঠিত কৰি মদ, ভাং, ড্ৰাগছ আৰু নাৰীজনিত অপৰাধৰ সৈতে জড়িত ব্যক্তিৰ জানাজা (মৃত্যুৰ পিছত শেষকৃত) নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে এনেলোকক সামাজিক ভাৱে বহিস্কাৰ কৰাৰো সিদ্ধান্ত লৈছে। এনেলোকক গাঁওৰ কোনো কৰ্মতে অংশগ্ৰহণ কৰিব নিদিয়ে। আনহাতে এনে অপৰাধীক আইনৰ আওতাৰ পৰা জামিনত অনাৰ বাবে চেষ্টা কৰা অধিবক্তাকো বহিস্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আনকি এনেলোকৰ প্ৰতি সমবেদন জ্ঞাপন কৰা বা সমৰ্থন কৰা লোককো বহিস্কাৰ কৰাৰ সিদ্ধান্ত লয়।
 
এনে সিদ্ধান্তৰ উদ্দেশ্য হৈছে মুছলমান সমাজৰ পৰা অপৰাধ নাইকিয়া কৰা। অসমৰ প্ৰতিখন মুছলমান গাঁৱতে যদি এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় তেন্তে মুছলমান ব্যক্তিয়ে যিকোনো অপৰাধ সংঘটিত কৰাৰ আগতে হাজাৰবাৰ ভাবিব লাগিব বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।
 
প্ৰতিনিধিত্বমূলক ফটো
 
উল্লেখযোগ্য যে, মৰিগাঁও জিলাৰ মৈৰাবাৰীত  বৃহস্পতিবাৰে মৰিগাঁও জিলা জমিয়তৰ উদ্যোগত অনুষ্ঠিত এখন সমাজ সংস্কাৰ সজাগতা সভাত মৈৰাবাৰীবাসীয়ে অঞ্চলটোত বর্ধিত অপৰাধ নির্মূল কৰাৰ বাবে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্রহণ কৰে। মৰিগাঁও জিলাৰ জমিয়ত উলেমাৰ সভাপতি মুফটি মতলেবুৰ বহমানৰ সভাপতিত্বত অনুষ্ঠিত সমাজ সংস্কাৰ সজাগতা সভাত অঞ্চলৰ প্ৰতিটো মছজিদৰ ইমাম আৰু পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকসকল উপস্থিত আছিল।
 
সভাৰ সিদ্ধান্ত অনুসৰি বৃহস্পতিবাৰৰ পৰা অঞ্চলটোৰ ড্ৰাগছ আসক্ত ব্যক্তি, ড্রাগছ ব্যৱসায় আৰু চাইবাৰ অপৰাধত জড়িত লোকক সামাজিকভাৱে সকলো ফালৰ পৰা বৰ্জন কৰা হ'ব। আনকি তেনে অপৰাধী বা অপৰাধীৰ পৰিয়ালৰ লোকৰ জানাজা নামাজতো অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব মৈৰাবাৰীবাসী।
 
এই সন্দৰ্ভত অঞ্চলৰ চুকে-কোণে সজাগতাৰ বাবে প্রতিটো মছজিদত ৰাজহুৱা প্ৰস্তাৱসম্বলিত বেনাৰ আৰি দিয়া হ'ব। মৰিগাঁও জিলা জমিয়ত উলেমাৰ উদ্যোগত প্রতিটো মছজিদ এলেকাত সমাজ সংস্কাৰ সমিতি গঠন কৰা হ'ব।
 
উল্লেখ্য যে বৃহত্তৰ মৈৰাবাৰী অঞ্চলত একাংশ লোকে বিভিন্ন অপৰাধমূলক কাম-কাজত জড়িত হৈ অঞ্চলটোলৈ অপযশ কঢ়িয়াই আনিছে। বিশেষকৈ মৈৰাবাৰী অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰি একাংশ অপৰাধীয়ে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। তদুপৰি একাংশ অপৰাধীয়ে চাইবাৰ অপৰাধৰ জৰিয়তে সম্পত্তিৰ পাহাৰ গঢ়ি তুলি নতুন প্রজন্মক সহজলভ্য ধনৰ প্রতি আকৃষ্ট কৰিছে।
 
সভাত উপস্থিত থকা কেইবাজনো বক্তাই সভাত মুকলিভাৱে কয় যে এনেধৰণৰ অপৰাধীসকলক ৰক্ষণাবেক্ষণ দি আহিছে অপৰাধীসকলৰ পৰিয়ালৰ লোকসকলে। বিশেষকৈ মৈৰাবাৰী অঞ্চলৰ নিশাৰ ভিতৰতে লাখপতি হোৱাৰ লোভত পৰি চাইবাৰ অপৰাধীহঁতক সুৰক্ষা দি প্ৰেৰণা যোগাই আহিছে পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকলে। এনে অপৰাধীসকলক পলুৱাই পঠোৱা, আদালতৰ পৰা জামিনত অনা আদি আটাইবোৰ কামত প্রত্যক্ষভাবে জড়িত হৈ পৰে অপৰাধীৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ সদস্যসকল।
 
সেয়ে সভাত উপস্থিত থকা প্রায় সকলোৱে এনে অপৰাধীৰ পৰিয়ালৰ সদস্যসকলকো সামাজিকভাবে বৰ্জন কৰাৰ দাবী উত্থাপন কৰে। ৰাইজৰ এনে সমূহীয়া দাবীৰ পৰিপ্ৰেক্ষিতত সর্বসম্মতিক্রমে অপৰাধীৰ লগতে অপৰাধীৰ পৰিয়ালৰ সদস্যসকলৰ বিৰুদ্ধেও একে ব্যৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে ৰাইজে।
 
সজাগতা সভাখনত আমন্ত্রিত অতিথি হিচাপে মৈৰাবাৰী আৰক্ষী নিবেশৰ আৰক্ষী পৰিদৰ্শক পংকজ দাস, যুৱ নেতা মেহবুব মুক্তাৰ, মৈৰাবাৰী অঞ্চলৰ বহুকেইগৰাকী গণ্য-মান্য ব্যক্তিৰ লগতে অঞ্চলটোৰ প্রতিটো মছজিদৰ ইমাম, মছজিদ কমিটীৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে।