তুৰ্কীৰ অৰ্থনীতিবিদ ডেৰন এচিমোগলু, ব্ৰিটেইনৰ চাইমন জনছন আৰু জেমছ ৰবিন্সনলৈ অৰ্থনীতিৰ ন’বেল

Story by  atv | Posted by  [email protected] • 2 Months ago
তুৰ্কীৰ অৰ্থনীতিবিদ ডেৰন এচিমোগলু, ব্ৰিটেইনৰ চাইমন জনছন আৰু জেমছ ৰবিন্সনলৈ অৰ্থনীতিৰ ন’বেল
তুৰ্কীৰ অৰ্থনীতিবিদ ডেৰন এচিমোগলু, ব্ৰিটেইনৰ চাইমন জনছন আৰু জেমছ ৰবিন্সনলৈ অৰ্থনীতিৰ ন’বেল
 
নতুন দিল্লী
 
ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে ২০২৪ বৰ্ষৰ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা কৰিছে। এইবৰ্ষৰ বাবে এই বঁটা বিশ্বৰ তিনিগৰাকী প্ৰসিদ্ধ অৰ্থনীতিবিদলৈ। তুৰ্কীচ-আমেৰিকান অৰ্থনীতিবিদ ডেৰণ এচিমোগলু, ব্ৰিটেইনৰ অৰ্থনীতিবিদ চাইমন জনছন আৰু বৃটিছ অৰ্থনীতিবিদ জেমছ এ. ৰবিন্সনলৈ অৰ্থনীতি বিজ্ঞানৰ ন’বেল আগবঢ়োৱা হৈছে।
 
সোমবাৰে ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে ঘোষণা কৰে যে প্ৰতিষ্ঠানসমূহে কেনেদৰে অৰ্থনৈতিক সমৃদ্ধি গঢ়ি তোলে সেই বিষয়ে তেওঁলোকৰ অগ্ৰণী অধ্যয়নৰ বাবে ডেৰণ এচিমোগলু, চাইমন জনছন আৰু জেমছ এ. ৰবিন্সনক ২০২৪ চনৰ অৰ্থনীতিৰ ন’বেল বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তেওঁলোকৰ গৱেষণাই ৰাষ্ট্ৰসমূহৰ সম্পদ আৰু বিকাশক প্ৰভাৱিত কৰাত প্ৰতিষ্ঠানসমূহে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে বুলি ৰয়েল চুইডিছ একাডেমী অব্ চাইন্সেছে সদৰী কৰে।
 
তিনিওগৰাকী অৰ্থনীতিবিদৰ কামে দেখুৱাইছে যে কেনেদৰে বিভিন্ন প্ৰতিষ্ঠানগত পৰিকাঠামো- যেনে ৰাজনৈতিক, আইনী আৰু অৰ্থনৈতিক প্ৰণালীয়ে অৰ্থনৈতিক প্ৰগতিত বাধা দিব পাৰে বা বিকশিতও কৰিব পাৰে। অৰ্থনীতি বিজ্ঞানৰ ন’বেল পুৰস্কাৰ সমিতিৰ অধ্যক্ষ জেকব স্বেন্সনে কয়, ‘দেশসমূহৰ মাজত উপাৰ্জনৰ বিশাল পাৰ্থক্য হ্ৰাস কৰাটো আমাৰ সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বঁটা বিজয়ীসকলে এই প্ৰত্যাহ্বান জয় কৰাৰ বাবে সামাজিক প্ৰতিষ্ঠানসমূহৰ গুৰুত্বক তেওঁলোকৰ কামৰ মাজেৰে প্ৰতিফলিত কৰিছে।’
 
এই বছৰৰ অৰ্থনীতিৰ নোবেল বঁটাই বিশ্বব্যাপী বৈষম্য দূৰ কৰা আৰু বহনক্ষম অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানগত গৱেষণাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এচিমোগলু, জনছন আৰু ৰবিন্সন ‘শাসন, আইন আৰু সামাজিক গাঁথনি’বোৰে কেনেদৰে দীৰ্ঘম্যাদী সমৃদ্ধি নিৰ্ধাৰণ কৰে, তাৰ ওপৰত তেওঁলোকৰ সহযোগিতামূলক কামৰ বাবে পৰিচিত। যাৰ ফলত তেওঁলোকৰ গৱেষণাৰ ফলাফলবোৰ আজি অৰ্থনৈতিক তত্ত্বৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।