নতুন দিল্লী
ভাৰতৰ ম'বাইল সংযোগ থকা গ্ৰাহকৰ সংখ্যা ১১৫.১২ কোটিলে বৃদ্ধি পাইছে। গ্রামাঞ্চল আৰু প্রত্যন্ত এলেকাত যোগাযোগ সেৱা উন্নীত কৰাৰ উদ্দেশ্যে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ ফলতে এয়া সম্ভৱপৰ হৈ উঠিছে। ভাৰতৰ মুঠ ৬,৪৪,১৩১ খন গাঁৱৰ ভিতৰত ৬,২৩,৬২২ খন গাঁৱত ম'বাইল সেৱা উপলব্ধ হৈছে।
দেশৰ ৯৭ শতাংশ গ্রামাঞ্চলত বর্তমানলৈকে এনে সেৱা সুলভ হৈছে। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন দূসংযোগ সেৱা প্রদানকাৰী প্ৰতিষ্ঠানৰ সৈতে সহযোগিতাৰ ভিত্তিত দেশৰ বিভিন্ন অঞ্চলত ম'বাইল সেৱা উপলব্ধ কৰাৰ বাবে কাম কৰি আছে। ডিজিটেল ভাৰত নিধি (ডি বি এম) আঁচনিৰ অধীনত বিভিন্ন দুর্গম তথা প্রত্যন্ত স্থানত ম'বাইল টাৱাৰ স্থাপনত গুৰুত্ব আৰোপ কৰা হৈছে।
এই অভিযানৰ অধীনত আৰম্ভ কৰা ভাৰত নেট প্রজেক্টৰ জৰিয়তে দেশৰ গাঁও পঞ্চায়তসমূহত ব্ৰডবেণ্ড সুবিধা প্রদানৰ পদক্ষেপ গ্রহণ কৰা হৈছে। কেন্দ্রীয় কেবিনেটে শেহতীয়াকৈ ভাৰত নেট প্রকল্পৰ উন্নীতকৰণৰ ক্ষেত্ৰতো অনুমোদন জনাইছে। যোৱা ৩১ অক্টোবৰলৈকে দেশৰ ৭৮৩ জিলাৰ ভিতৰত ৭৭৯ খন জিলাত ৫জি ম'বাইল সেৱা উপলব্ধ হৈছে।