হাতী-মানুহৰ সংঘাতক লৈ নিৰ্মিত চুটি ছবি 'হাতীবন্ধু'-এ অসমলৈ কঢ়িয়ালে সন্মান

Story by  atv | Posted by  [email protected] • 2 Years ago
চুটি ছবি 'হাতীবন্ধু'ৰ বেনাৰ
চুটি ছবি 'হাতীবন্ধু'ৰ বেনাৰ

তপন কটকী / পুৰণিগুদাম

প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাৰ নেতৃত্বত ‘হাতীবন্ধু’ নামৰ সংগঠনটোৱে যোৱা তিনি বছৰ ধৰি নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৰ হাতীখলী ৰংহাং গাঁৱত হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে প্ৰশংসনীয় প্ৰচেষ্টা চলাই থকাৰ সময়তে সেই বিষয়বস্তুক লৈ নিৰ্মাণ কৰা ‘হাতীবন্ধু’ নামৰ এখন অসমীয়া চুটি ছবিয়ে ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিছে।    

হাতী-মানুহৰ সংঘাতৰ জিয়া কাহিনীক লৈ নিৰ্মিত ‘হাতীবন্ধু’নামৰ চুটি ছবিখনে ভাৰতীয় আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। কৃপাল কলিতা পৰিচালিত বহু সমাদৃত তথ্যচিত্ৰখন গোৱাৰ পাঞ্জিমত অনুষ্ঠিত ৫৩সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা শিতানত প্ৰদৰ্শিত হৈছে।

দেশৰ সবাতোকৈ সন্মানীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ পেনোৰামা শিতানত  এইবছৰ ইণ্ডিয়ান পেনোৰামালৈ অসমৰ পৰা নিৰ্বাচিত একমাত্ৰ চিনেমা হিচাপে প্ৰদৰ্শিত হৈছে ‘হাতীবন্ধু’। তথ্য চিত্ৰখনে ইতিমধ্যে বিশ্বৰ বিভিন্ন সন্মানীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈ সুখ্যাতি অৰ্জন কৰিছে। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কেৰেলাৰ আন্তৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চুটি ছবি মহোৎসৱ, লণ্ডন ইণ্ডিয়া ফিল্ম ফেষ্টিভেল, ৰাছিয়াৰ কাজান ইন্টাৰনেছনেল ফিল্ম ফেষ্টিভেল আদিতো হাতীবন্ধু নামৰ চুটি ছবিখন প্ৰদৰ্শিত হৈছে।

উল্লেখ্য যে, তথ্য চিত্ৰখনৰ মূল বিষয়বস্তুহ'ল হাতী-মানুহৰ সংঘাত।এনে এক জীয়া সমস্যা নিৰাময়ৰ বাবেবিশিষ্ট সমাজসেৱকপ্ৰদীপ কুমাৰ ভূঞাৰ প্ৰচেষ্টা আৰু সৱল নেতৃত্বত গঢ় লৈ উঠিছিল "হাতীবন্ধু" নামৰ সংগঠনটো। এই সংগঠনটোৰ প্ৰশংসনীয় কাম-কাজক বিষয়বস্তু হিচাপে লৈয়ে নিৰ্মাণ কৰা হৈছে ৫৪ মিনিট দৈৰ্ঘ্যৰ "হাতীবন্ধু" নামৰ তথ্য চিত্ৰখন।

ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়াত "হাতীবন্ধু" নামৰ তথ্য চিত্ৰখনে অংশ লোৱাৰ প্ৰমাণপত্ৰ

ব্ৰিজ নামৰ বহু চৰ্চিত ছবিখনেৰে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুখ্যাতি অৰ্জন কৰা কৃপাল কলিতাই ‘হাতীবন্ধু’ৰ চিত্ৰনাট্য ৰচনা আৰু পৰিচালনা কৰিছে। কৃষ্টি পথাৰৰ বেনাৰত তথ্য চিত্ৰখনৰ প্ৰযোজনা কৰিছে  সবিতা দেৱীয়ে।

‘হাতীবন্ধু’ৰ ইংৰাজী ধাৰা বিবৰণী দিছে বিশিষ্ট অভিনেতা তথা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্যই। একেদৰে, নয়ন প্ৰসাদে অসমীয়া ভাষাত ধাৰা বিৱৰনি দিছে। চিত্ৰগ্ৰহণ বিনোদ দুলু বৰা আৰু ৰমেন ৰাভা। মুম্বাইৰ  কেনেৰিজ প'ষ্ট ছাউণ্ড ষ্টুডিঅ'ত ছাউণ্ড ডিজাইন আৰু মিক্সিং কৰিছে অমৃত প্ৰীতমে। উল্লেখ্য যে, হাতীবন্ধুৰ পূৰ্বে কৃপাল কলিতাৰ "ব্ৰিজ"নামৰ ছবিখনো এই মহোৎসৱলৈ নিৰ্বাচিত হৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

মনকৰিবলগীয়া যে, নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৰ হাতীখলী ৰংহাং গাঁৱত বিগত তিনিবছৰ ধৰি বনৰীয়া হাতীৰ খাদ্যৰ বাবে ৰোপন কৰা হৈছে ধান খেতি।এই বৰ্ষটো হাতীখলী ৰংহাং গাঁৱৰ ৰাইজৰ সহযোগত আৰু হাতীবন্ধু সংগঠনৰ সহযোগত মুঠ ২২০ বিঘা মাটিত কৰা ধানখেতি ইতিমধ্যে বনৰীয়া হাতীয়ে খাই শেষ কৰিছে।

হাতীবন্ধুয়ে ৰোপন কৰা ধানখেতি খাইছে বনৰীয়া হাতীৰ জাকে 

প্ৰকৃতিপ্ৰমী যুৱক বিনোদ দুলু বৰা আৰু তেওঁৰ দুজন সহযোগীয়ে পাহাৰৰ দুৰ্গম অঞ্চলত টঙী ঘৰত নিশা উজাগৰে থাকি বনৰীয়া হাতীৰ জাকটোক ধানখেতি খুৱাই প্ৰায় এমাহ ধৰি জাকটোক সেই অঞ্চলতে ৰাখিবলৈ সক্ষম হৈছে।

এই জাকটোৱে পূৰ্বতে ভৈয়ামৰ পথাৰত আহি ধানখেতি খাই কৃষক ৰাইজৰ লগত সংঘাতত লিপ্ত হৈছিল আৰু কেইবাজনো লোকৰ এই সংঘাতত মৃত্যু হোৱাৰ উপৰিও কেইবাটাও বন্যহস্তী আহত হৈছিল।

বৰ্তমান সময়ত এই হাতীৰ জাকটোৱেধান খাই শেষ হোৱাৰ পিছত কেইবাটাও ভাগত বিভক্ত হৈ বৰ্তমান সময়ত ভৈয়ামৰ কোনো কোনো অঞ্চলত উপদ্ৰৱ কৰিছে যদিও সৰহ সংখ্যক কৃষক ৰাইজে নিজৰ পথাৰৰ ধান চপাই ঘৰলৈ নিব পাৰিছে।