সংবাদ মাধ্যমৰ পৰিৱেশন শৈলী সলনি হৈছে, কিন্তু সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য একেই আছেঃ গীতাৰ্থ পাঠক

Story by  atv | Posted by  [email protected] • 1 d ago
জাৰ্ণালিষ্ট ইউনিয়ন অফ আছামৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ এক মুহূৰ্ত
জাৰ্ণালিষ্ট ইউনিয়ন অফ আছামৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত কৰ্মশালাৰ এক মুহূৰ্ত
 
বিলাসীপাৰা

"প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ প্ৰয়োগৰ পয়োভৰ বৃদ্ধি পোৱাৰ লগে লগে আমাৰ সংবাদ পৰিবেশনতো ইয়াৰ প্ৰভাৱ নপৰাকৈ থকা নাই।সংবাদ পৰিৱেশনৰ ধাৰা সলনি হৈছে, কিন্তু সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য একেই আছে।"-এই মন্তব্য জ্যেষ্ঠ সাংবাদিক, নিবন্ধকাৰ তথা অল ইণ্ডিয়া জাৰ্ণালিষ্ট এচোছিয়েশ্বনৰ সভাপতি গীতাৰ্থ পাঠকৰ। 

বিলাসীপাৰা সম-জিলাৰ ঐতিহ্যমণ্ডিত চান্দৰডিঙাৰ ভৱনত দেওবাৰে 'জাৰ্ণালিষ্ট ইউনিয়ন অফ আছাম'ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত 'ডিজিটেল মেডিয়া ৰিপৰ্টিং' শীৰ্ষক এক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনত মুখ্য সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক পাঠকে এইদৰে কয়। ধুবুৰী জিলাৰ লগতে বঙাইগাঁও আৰু বৰপেটা জিলাৰ অৰ্ধ শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰা এই কৰ্মশালাখনত আলোচনা প্ৰসঙ্গত পাঠকে সাংবাদিকসকল ৰাজনৈতিকভাৱে কিম্বা যিকোনো প্ৰভাৱশালী গোষ্ঠী , ব্যক্তিৰ দ্বাৰা ব্যৱহৃত হোৱা উচিত নহয় বুলি দোহাৰে। 

তেওঁ আৰু কয় যে, সংবাদিকে সদায় ভুল তথ্য অথবা ভুৱা বাতৰিৰ বিপৰীত স্থিতি গ্ৰহণ কৰি সঁচা তথ্য ভিত্তিক বাতৰি পৰিৱেশনত গুৰুত্ব আৰোপ কৰিব লাগে। আনহাতে, সাংবাদিক আৰু সামাজিক মাধ্যম ব্ল'গাৰৰ মাজত এক পাৰ্থক্যৰ কথাও ভাষণত উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে সাংবাদিকসকল সদায় দায়বদ্ধ থকাৰ বিপৰীতে ব্ল'গাৰসকলৰ এইক্ষেত্ৰত দায়বদ্ধতা বহুত কম। 

উল্লেখ্য যে, এচছিয়েছনৰ ধুবুৰী জিলা সমিতিৰ সভাপতি জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ পৌৰোহিত্যত অনুষ্ঠিত কৰ্মশালাখনত আন এগৰাকী সমল ব্যক্তি হিচাবে উপস্থিত থাকে দৈনিক অগ্ৰদূত কাকতৰ বাৰ্তা সম্পাদক তথা জাৰ্ণালিষ্ট ইউনিয়ন অফ আছামৰ সভাপতি চেমিম চুলতানা। আলোচনা প্ৰসঙ্গত তেওঁ এই ডিজিটেল যুগত সাংবাদিকসকল নিজকে সমলপূৰ্ণ কৰি ৰখাৰ লগতে প্ৰযুক্তিগতভাৱেও সময়ৰ স'তে খোজ মিলাই আগুৱাব লাগিব বুলি কয়। 

আন এগৰাকী সমল ব্যক্তি তথা জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত শৰ্মাই ভাষণ প্ৰসংগত সংবাদিকসকলক সংবাদ পৰিৱেশনত অধিক সচেতন, অনুভূতিপ্রৱণ তথা দায়বদ্ধ হ'বলৈ আহ্বান জনায়।কৰ্মশালাখনত কে এ চি ৰ মুখ্য কাৰ্য্যবাহী পাৰিষদ জীবেশ ৰায় উপস্থিত হৈ ভাষণ প্ৰদান কৰে। 

উল্লেখ্য যে, কৰ্মশালাখনৰ আৰম্ভণিতে ৰত্নপীঠ কলেজৰ অৱসৰী অধ্যক্ষ শেখ হেদায়েতুলাই ঐতিহ্যমণ্ডিত চান্দৰ ডিঙাৰ প্ৰবাদ সম্বন্ধে ভাষণত কিছু তথ্য ব্যক্ত কৰে। জাৰ্ণালিষ্ট এচছিয়েচন অফ আছামৰ ধুবুৰী জিলা সমিতিৰ সম্পাদক সমৰেশ শীল শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা আৰু শলাগৰ শৰাই আগবঢ়ৱা কৰ্মশালাখনত জাৰ্ণালিষ্ট এচছিয়েচন অফ আছামৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ধনজিৎ দাসেও উপস্থিত থাকে।