অনাগত ৫ বছৰৰ ভিতৰত বিমান যাত্ৰীৰ হাৰ ৮০% বৃদ্ধিৰ লক্ষ্য

Story by  atv | Posted by  [email protected] • 2 d ago
অনাগত ৫ বছৰৰ ভিতৰত বিমান যাত্ৰীৰ হাৰ ৮০% বৃদ্ধিৰ লক্ষ্য
অনাগত ৫ বছৰৰ ভিতৰত বিমান যাত্ৰীৰ হাৰ ৮০% বৃদ্ধিৰ লক্ষ্য
 
নতুন দিল্লী
 
দেশৰ অসামৰিক বিমান পৰিবহণ উদ্যোগ খণ্ডৰ বাবে ভাল খবৰ। বিশ্ব বিমান পৰিবহণ খণ্ডত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰিছে ভাৰতৰ অসামৰিক বিমান পৰিবহণ উদ্যোগে।
 
এই সন্দৰ্ভত যুগুত কৰা এক প্ৰতিবেদন অনুসৰি দেশত বৃদ্ধি পাইছে বিমান যাত্ৰীৰ যাতায়তৰ সংখ্যা। কেৱল ইমানেই নহয়, নতুন চৰকাৰী পৰিসংখ্যা অনুসৰি অহা পাঁচ বছৰত বিমান যাত্ৰীৰ যাতায়ত ৮০ শতাংশ বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ইতিমধ্যে ইয়াৰ বাবে দেশৰ অসামৰিক বিমান খণ্ডই কেতবোৰ প্ৰকল্প হাতত লৈছে।
 
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ২০২৩-২৪ বৰ্ষত ২২.২ কোটি যাত্ৰীয়ে যাত্ৰা কৰিছিল। এই উত্থানৰ ধাৰা প্ৰতি লক্ষ্য ৰাখি অহা ২০২৮-২৯ চনৰ ভিতৰত প্ৰায় ৪০ কোটি যাত্ৰীয়ে যাত্ৰা কৰিব বুলি আশা কৰা হৈছে।