মালিক আছঘৰ হাছিমি/ নতুন দিল্লী
উদ্যোগপতি, দানবীৰ ৰতন টাটাই সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে চিন্তা কৰিছিল। উদ্যোগপতিগৰাকীয়ে নিজৰ জীৱনত সীমাহীনভাবে মানুহক সহায় বা দান কৰিছে। তেওঁ দেশৰ বৰ্তমানৰ অৱস্থাৰ উপৰিও ভৱিষ্যতৰ কথাও যথেষ্ট চিন্তা কৰিছিল। উদ্যোগপতি ৰতন টাটাই ভাৰতৰ মাদ্ৰাছা শিক্ষাৰো উন্নতি সাধন কৰিছিল। সাচাৰ কমিটিৰ এক প্ৰতিবেদনত ভাৰতীয় মাদ্ৰাছাৰ নিম্ন মানদণ্ড আৰু ভাৰতীয় মুছলমানসকলৰ শিক্ষাৰ নিম্নস্তৰ প্ৰকাশ কৰাৰ পিছত তেওঁ এই বিষয়ে গুৰুত্ব আৰোপ কৰিছিল।
২০০৬ চনত ৰতন টাটাৰ নেতৃত্বত টাটা ট্ৰাষ্টে মাদ্ৰাছাৰ শিক্ষাৰ উন্নতিৰ দায়িত্ব গ্ৰহণ কৰিছিল, য’ত অধিকাংশ দুখীয়া শিক্ষাৰ্থীয়ে অধ্যয়ন কৰে।
সাচাৰ কমিটিৰ প্ৰতিবেদনে ভাৰতৰ সৰ্ববৃহৎ সংখ্যালঘু সম্প্ৰদায় মুছলমানসকলৰ শিক্ষাৰ দুৰ্বল অৱস্থাৰ কথা উদঙাই দিছিল। প্ৰতিবেদনত উল্লেখ কৰিছে যে মাত্ৰ ৫৯.১% মুছলমানেহে লিখা-পঢ়া কৰে আৰু ৬-১৪ বছৰ বয়সৰ এক চতুৰ্থাংশ শিশুৱে সেইসময়ত স্কুলত পঢ়া নাছিল। লগতে, মাত্ৰ ২৩.৯% মুছলমান ছাত্ৰইহে হাইস্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল, যিটো ৰাষ্ট্ৰীয় গড় ৪২.৫% তকৈ বহু কম।
প্ৰতিবেদনটোত উল্লেখ কৰা তথ্য অনুসৰি শীৰ্ষ মহাবিদ্যালয়ৰ ২৫ জন স্নাতক ছাত্ৰৰ ভিতৰত ১ জন আৰু স্নাতকোত্তৰ ৫০ জন শিক্ষাৰ্থীৰ ভিতৰত ১ জনহে মুছলমান।
ৰতন টাটা
ৰতন টাটাই মাদ্ৰাছা শিক্ষাৰ সংস্কাৰৰ বিশদ পৰিকল্পনা তৈয়াৰ কৰিছিল যাতে মুছলমানসকলক মূলসুঁতিৰ সমাজত একত্ৰিত কৰাত সহায় কৰে। তেওঁ টাটা ট্ৰাষ্টৰ অধীনত দাতব্য প্ৰকল্পৰ তালিকাত মাদ্ৰাছা কাৰ্যসূচীক সংযোজন কৰিছিল।
টাটা ট্ৰাষ্টৰ ৱেবছাইটৰ পৰা প্ৰকাশিত এক বিবৃতিত প্ৰকাশ কৰা হৈছিল, "এই কাৰ্যসূচীৰ লক্ষ্য হৈছে বিজ্ঞান, গণিত, সমাজ অধ্যয়নৰ দৰে বিষয়ক ইছলামিক শিক্ষাৰ সৈতে সংযোগ কৰা। ইয়াৰ দ্বাৰা শিশুসকলে যাতে ভালদৰে বুজি পাই যে ইছলাম বিজ্ঞানৰ জগতখনৰ পৰা পৃথক নহয়। ভাৰত আৰু আৰবৰ মুছলমান বিজ্ঞানীসকলক জীৱন অধ্যয়ন কৰা, ইছলামিক স্থাপত্যৰ বিষয়ে জনা, আৰু প্ৰাৰ্থনাৰ সময়ত মানুহৰ দেহত বৈজ্ঞানিক ভাৱেও কিদৰে লাভম্বিত হয় সেই বিষয়ে উপস্থাপন কৰে। এই কাৰ্য্যসূচী প্ৰধান লক্ষ্য আছিল শিক্ষাৰ্থীসকলক বিজ্ঞান, গণিত, ভূগোল আদি পাঠ্যক্ৰমক ইছলামিক জীৱনৰ সৈতে সংযুক্ত কৰাত সহায় কৰা।"
টাটা ট্ৰাষ্টৰ এই কাৰ্যসূচীয়ে মাদ্ৰাছা শিক্ষকসকলক নতুন আৰু আকৰ্ষণীয় পাঠদান পদ্ধতিৰ প্ৰশিক্ষণ দিছিল। কেন্দ্ৰ আৰু সহ-শিক্ষণ কৌশল ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ বাবে পাঠ আকৰ্ষণীয় কৰি তুলিছিল। শিক্ষকসকলে শিশুৰ সৈতে সৃষ্টিশীলভাৱে কেনেকৈ যোগাযোগ কৰিব লাগে সেই বিষয়েও প্ৰশিক্ষণ দিয়া হৈছিল।
সৰ্বাধিক মাদ্ৰাছা থকা উত্তৰ প্ৰদেশত টাটা ট্ৰাষ্টে বাৰাণসী আৰু জৌনপুৰৰ ৫০খন মাদ্ৰাছাত প্ৰায় ১০ হাজাৰ শিক্ষাৰ্থীৰ ওপৰত এক বৃহৎ পৰীক্ষা-নিৰীক্ষা চলাইছিল। লক্ষ্য আছিল মাদ্ৰাছাসমূহ উন্নীতকৰণ আৰু আধুনিকীকৰণ সম্ভৱ নেকি, যাতে নিয়মীয়া বিদ্যালয়ৰ দৰে পাঠদান হ’ব পাৰে।
ই কাৰ্যসূচীৰ অধীনত ট্ৰাষ্টে শিশুসকলক আধুনিক পাঠ্যক্ৰম আৰু পাঠদান পদ্ধতিৰ সৈতে পৰিচয় কৰাই দিছিল আৰু মাদ্ৰাছাসমূহৰ উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া বিদ্যালয়ত পঢ়িবলৈ উৎসাহিত কৰা আৰু বৰ্তমানৰ পাঠ্যক্ৰম আৰু শিক্ষণ কৌশলৰ সৈতে পৰিচিত কৰাই দিয়া হৈছিল।
শ্ৰেণীকোঠাত মাদ্ৰাছা শিক্ষাৰ্থীসকল
সচাৰ কমিটীৰ প্ৰতিবেদনৰ কিছু সময়ৰ পিছতে উত্তৰ প্ৰদেশত প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ হয়। এই পৰ্যায়ৰ লক্ষ্য আছিল চৰকাৰী বিদ্যালয় আৰু মাদ্ৰাছা উভয়তে শিক্ষাৰ উন্নতি। ২০০৮ চনৰ পৰা ট্ৰাষ্টে এই পদক্ষেপ সম্প্ৰসাৰণ কৰি ইয়াৰ কাৰ্যকৰীকৰণ, প্ৰসাৰতা আৰু সম্পদৰ বাবে সমৰ্থন বৃদ্ধি কৰিছে।
মাদ্ৰাছা শিক্ষা উন্নয়ন কাৰ্যসূচী (MIP)ৰ অধীনত মাদ্ৰাছাৰ উন্নত পাঠ্যক্ৰমৰ দ্বাৰা প্ৰায় এক লাখ ছাত্ৰ-ছাত্ৰী উপকৃত হৈছে। প্ৰায় দহ বছৰ পূৰ্বে ট্ৰাষ্টে বিহাৰ আৰু ঝাৰখণ্ডলৈ এমআইপি সম্প্ৰসাৰণ আৰম্ভ কৰিছিল, তেতিয়া তিনিখন ৰাজ্যৰ ৪৫ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ কাষ চাপিছিল।
উত্তৰ প্ৰদেশৰ তেঘৰা গাঁৱত অৱস্থিত মাদ্ৰাছা জামিয়া দাৰুল উলুম হানাফিয়া এই সংস্কাৰ কাৰ্যসূচীৰ এক ডাঙৰ নিদৰ্শন। ইয়াত ৫০ জন হিন্দুকে ধৰি ১১৯ জন ছাত্ৰ-ছাত্ৰী আছে। এই পৰিৱৰ্তন সাম্প্ৰদায়িক সম্প্ৰীতিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।
এজন খেতিয়কৰ চৈধ্য বছৰীয়া পুত্ৰ বিষ্ণু প্ৰজাপতিয়ে মাদ্ৰাছাৰ শ্ৰেষ্ঠ উৰ্দু ছাত্ৰ হিচাপে নিৰ্বাচিত হয়। বিষ্ণুৱে প্ৰথমে চৰকাৰী বিদ্যালয় এখনত পঢ়িছিল যদিও তাত পঢ়া-শুনাত অসন্তুষ্ট হোৱাৰ বাবে দেউতাকে তেওঁক মাদ্ৰাছাত নামভৰ্তি কৰিছিল। এতিয়া বিষ্ণুৱে নিজৰ ব্যক্তিত্ব আৰু শিক্ষা দুয়োটা দিশতে যথেষ্ট উন্নতি দেখুৱাইছে।
মাদ্ৰাছা উন্নয়ন কাৰ্যসূচীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশটো হ’ল ই শিক্ষাৰ মান উন্নত কৰাৰ লগতে শ্ৰেণীকোঠাৰ এক অন্তৰ্ভুক্ত পৰিৱেশৰ সৃষ্টি কৰিছে। তেঘৰা গাঁৱৰ মাদ্ৰাছাত হিন্দু আৰু মুছলমান উভয় সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীয়ে একেলগে শিকে আৰু পঢ়ে।
টাটা ট্ৰাষ্টে এই কাৰ্যসূচীত ৪০০খন মাদ্ৰাছা অন্তৰ্ভুক্ত কৰিছে, ইয়াৰে ৭৫ খন ‘মডেল মাদ্ৰাছা’ হিচাপে বিকশিত কৰা হৈছে। ইয়াৰ বাবে ট্ৰাষ্টে বিভিন্ন বেচৰকাৰী সংস্থাৰ সৈতে মিলি কাম কৰি আহিছে।
টাটা ট্ৰাষ্টৰ মাদ্ৰাছা শিক্ষা উন্নয়ন কাৰ্যসূচীয়ে দেখুৱাইছে যে সঠিক নিৰ্দেশনা আৰু প্ৰচেষ্টাৰ দ্বাৰা ধৰ্মীয় আৰু আধুনিক শিক্ষাক একত্ৰিত কৰি সমাজত ইতিবাচক প্ৰভাৱ পেলাব পাৰি।