১০.২ ডিগ্ৰী চেলচিয়াছ পালেগৈ দিল্লীত ৰাতিৰ তাপমাত্ৰা

Story by  atv | Posted by  [email protected] • 10 h ago
১০.২ ডিগ্ৰী চেলচিয়াছ পালেগৈ দিল্লীত ৰাতিৰ তাপমাত্ৰা
১০.২ ডিগ্ৰী চেলচিয়াছ পালেগৈ দিল্লীত ৰাতিৰ তাপমাত্ৰা
 
নতুন দিল্লী
 
দিনে দিনে বৃদ্ধি হৈছে ৰাজধানী দিল্লীৰ প্ৰদূষণ।দেশৰ ৰাজধানী দিল্লীৰ তাপমাত্ৰা ইতিমধ্যে হ্ৰাস হৈছে। বৃহস্পতিবাৰে দিল্লীৰ তাপমাত্ৰাই চুলেগৈ  ১০.২ ডিগ্ৰী চেলচিয়াছত ।যাৰ বাবে বৃহস্পতিবাৰৰ ৰাতিটো আটাইতকৈ শীতল ৰাতি বুলি বিবেচনা কৰা হৈছে।
 
বতৰ বিজ্ঞান বিভাগৰ মতে, বুধবাৰে নিশাৰ তাপমাত্ৰা ১১.২ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল, আনহাতে মঙলবাৰে নিশা সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.৩ ডিগ্ৰী চেলচিয়াছ, যি এতিয়ালৈকে দ্বিতীয় আৰু তৃতীয় সৰ্বনিম্ন তাপমাত্ৰা আছিল।
 
তথ্য অনুসৰি, যোৱা বছৰৰ এই সময়ছোৱাত তাপমাত্ৰা ১০.৬ ডিগ্ৰী চেলচিয়াছ আৰু ২০২২ চনত ১১.৫ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হৈছিল।
 
কুঁৱলীৰ এটা ডাঠ আৱৰণে ৰাজধানী দিল্লীক আৱৰি ৰাখিছে আৰু সৰ্বাধিক তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছত স্থিৰ হৈছিল, যি এই সময়ৰ বাবে স্বাভাৱিকতকৈ 0.8 ডিগ্ৰী কম।
 
বতৰ বিজ্ঞান বিভাগৰ মতে, দিনটোত আৰ্দ্ৰতাৰ স্তৰ ৮০ শতাংশৰ পৰা ৬৪ শতাংশৰ ভিতৰত দোদুল্যমান আছিল। একে সময়তে, বতৰ বিজ্ঞান বিভাগে ইয়াৰ পূৰ্বানুমানত কৈছিল যে শুক্ৰবাৰে ৰাজধানীত পাতল কুঁৱলী থাকিব।
 
বতৰ বিজ্ঞান বিভাগে দিল্লীৰ সৰ্বাধিক তাপমাত্ৰা প্ৰায় ২৭ ডিগ্ৰী চেলচিয়াছ হ’ব বুলি ভৱিষ্যতবাণী কৰিছে আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ১০ ডিগ্ৰী চেলচিয়াছ হ’ব।