অসমৰ ১৪ খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ

Story by  atv | Posted by  [email protected] • 3 h ago
অসমৰ ১৪ খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ
অসমৰ ১৪ খনকৈ জিলাত Yellow Alert জাৰি বতৰ বিজ্ঞান বিভাগৰ
 
গুৱাহাটী
 
ঘণ্টাত ১০০ৰ পৰা ১২০ গতিত আহিছে সাগৰীয়া ঘূৰ্ণি ডেনা। স্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰে পুৱাৰ ভিতৰত ‘ডেনা’ই মাটিত খুন্দা মাৰিব পাৰে। ওড়িশাৰ ভিত্ৰাকণিকা আৰু ধমৰাৰ মাজত হ’ব ডেনাৰ লেণ্ডফল।
 
এই ভয়াৱহ ঘূৰ্ণিবতাহ বৰ্তমান পাৰাদীপৰ পৰা ৩৩০ কিলোমিটাৰ দূৰত্বত আছে। বংগত পূব মেদিনীপুৰ জিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। পশ্চিম মিদনাপুৰ, ঝাৰগ্ৰাম আৰু দক্ষিণ ২৪ পৰগনা জিলাই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা বুলি অনুমান কৰা হৈছে।
 
ঘূৰ্ণি বতাহ ডেনাৰ ফলত ওড়িশা আৰু পশ্চিম বংগত অতি ক্ষতিগ্ৰস্থ হ’ব। অসমতো ঘূৰ্ণি বতাহ ডানাৰ আংশিক প্ৰভাৱ পৰিব।
 
ইতিমধ্যে নিশাৰে পৰা মেঘাছন্ন হৈছে অসমৰ আকাশ। নিশা গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত কিছু পৰিমাণে কিনকিনীয়া বৰষুণ হৈছে।
 
আজি গুৱাহাটীকে ধৰি অসমৰ ভিন্নপ্ৰান্তত বৰষুণ হোৱাৰ সম্ভৱনা আছে। আজি অসমৰ ১৪খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert।
 
ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাচাও, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত বতৰ বিজ্ঞান বিভাগে Yellow Alert জাৰি কৰিছে।