চেৰাপুঞ্জী-ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰ

Story by  atv | Posted by  [email protected] • 2 Months ago
চেৰাপুঞ্জী-ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰ
চেৰাপুঞ্জী-ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰ
 
গুৱাহাটী
 
চেৰাপুঞ্জী, ডাউকীলৈ ফুৰিবলৈ গৈ পৰ্যটকৰ হাহাকাৰ। মেঘালয়ত বহিঃৰাজ্যৰ বাহন প্ৰৱেশত বাধা দল-সংগঠনৰ। খাচী টেক্সি চালক সন্থাৰ প্ৰতিবাদত মেঘালয়ত আবদ্ধ হৈ পৰিছে বহিঃৰাজ্যৰ শ শ বাহন। স্থানীয় বাণিজ্যিক বাহনত উঠিহে মেঘালয় ফুৰাৰ চৰ্ত ৰাখিছে তেওঁলোকে।
 
ফলত গাড়ীৰ ভিতৰতে দীৰ্ঘসময় ধৰি আবদ্ধ হৈ আছে কেইবা শতাধিক পৰ্যটক। বিষয়টো সমাধান কৰাৰ বাবে ৰাজ্য চৰকাৰক আহ্বান জনাইছে অসমৰ টেক্সি চালক সন্থাই।
 
এই ঘটনাৰ ফলত মেঘালয় পৰ্যটন উদ্যোগ বৃহৎ লোকচানৰ সন্মুখীন হৈছে। শুকুৰবাৰে মেঘালয়ত ৩০% হোটেলৰ বুকিং বাতিল হোৱা বুলি জানিব পৰা গৈছে। আজি মেঘালয়ৰ হোটেলসমূহত ৫০% বুকিং বাতিলৰ সম্ভাৱনা আছে।
 
অসমৰ লগতে আন ৰাজ্যৰ বাহনৰ প্ৰৱেশত বাধা দিয়াৰ ফলত মেঘালয়ৰ পৰ্যটন উদ্যোগত ব্যাপক প্ৰভাৱ পৰিছে। অসমৰ পৰ্যটকসকলক মেঘালয়ত হাৰাশাস্তিৰ কৰাৰো অভিযোগ উত্থাপন হৈছে।